ETV Bharat / state

ফুৰিবলৈ যোৱা কিশোৰীক দলৱদ্ধ ধৰ্ষণ; পাঁচ দুৰ্বৃত্তৰ নিকৃষ্টকাণ্ডই জোঁকাৰিছে অসম - Brutal incident in Bongaigaon

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 3:46 PM IST

MINOR GIRL GANG RAPED: এটা বীভৎসকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে নামনি অসমত ৷ ফুৰিবলৈ যোৱা কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৷ ঘটনাৰ বিৱৰণী পঢ়িলে গাৰ নোম শিয়ঁৰি উঠিব আপোনাৰ...

GIRL SEXUALLY ASSAULTED ane raped BY LOCAL
কিশোৰ-কিশোৰীক যৌন নিৰ্যাতন, দলৱব্ধ ধৰ্ষণ আৰু পিচত অশ্লীল ভিডিঅ’ ভাইৰেল (ETV BHARAT ASSAM)

বঙাইগাঁও, 19 মে’: নিৰ্ভয়া আৰু দিশা ধৰ্ষণকাণ্ডৰ বিষয়ে আপোনাৰ নিশ্চয় মনত আছে ৷ বিকৃত মানসিকতাৰ দুদল মানুহৰূপী দানৱৰ বাবে দিল্লীত নিৰ্ভয়া আৰু হায়দৰাবাদত ধৰ্ষণ তথা হত্যাৰ বলি হৈছিল দিশা ৷ সেই বীভৎসকাণ্ডৰ পিচত দোষীয়ে কেনেধৰণে চৰম শাস্তি লাভ কৰিছিল সেই বিষয়ে সংবাদ মাধ্যমত নিশ্চয় দেখিছিল আপুনিও ৷

নিৰ্ভয়াকাণ্ডৰ পাঁচ অভিযুক্তক দীৰ্ঘদিনীয়া বিচাৰৰ অন্তত ফাঁচী দিয়াৰ বিপৰীতে দিশা ধৰ্ষণ-হত্যাকাণ্ডৰ চাৰি অভিযুক্ত নিহত হৈছিল আৰক্ষীৰ গুলীত ৷ ঘটনাস্থলীলৈ লৈ যোৱা অৱস্থাত পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীয়ে চাৰি অভিযুক্তলৈ গুলীচালনা কৰে ৷ ফলত ঘটনাস্থলীতে নিহত হয় অভিযুক্ত চাৰিটা ৷

দলবদ্ধ ধৰ্ষণকাণ্ডৰ এইবাৰৰ স্থান অসম ৷ বঙাইগাঁও জিলাৰ বৰঝৰাত পাঁচজনীয়া এটা দলে সংঘটিত কৰা এক জঘন্যকাণ্ডৰ বিষয়ে জানিলে কঁপি উঠিব আপোনাৰ মন-মগজু ৷ এই ঘটনাটোক লৈ সম্প্ৰতি সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ কি ঘটিছিল বৰঝৰাত ? বিতংভাৱে আমি আগবঢ়াইছোঁ আপোনালৈ...

ফুৰিবলৈ আহিছিল এহাল কিশোৰ-কিশোৰী: আজিৰ পৰা দুদিন পূৰ্বে পঞ্চপুৰ-কাছুৱাগাঁওস্থিত বৰঝৰা অঞ্চললৈ অৱসৰ বিনোদনৰ বাবে আহিছিল এহাল কিশোৰ-কিশোৰী ৷ বৰঝাৰৰ মনোৰম পৰিৱেশত থকা এটা নিজৰাত গা ধোৱাৰ পূৰ্বে পাহাৰখনৰ নামনি এলেকাৰ এটা স্থানত কিছু সময় জিৰণি লয় দুয়োৱে ।

যুৱকৰ দলৰে মুখামুখি: কিশোৰ-কিশোৰীহালে জিৰণি লৈ থকা সময়তে স্থানীয় যুৱকৰ এটা দল সেই স্থানত উপস্থিত হয় আৰু কিশোৰ-কিশোৰীহালক আগচি ধৰি বিভিন্নধৰণৰ প্রশ্ন কৰে । ফলত ভয় আৰু শংকাত কোনো উপায় নেদেখা হৈ পৰে কিশোৰ-কিশোৰীহালে ৷

বিবস্ত্ৰ কৰি ভিডিঅ’ প্ৰস্তুত আৰু ধনদাবী: পৰৱৰ্তী সময়ত দুর্বৃত্তৰ দলটোৱে বলপূর্বকভাৱে কিশোৰ-কিশোৰীহালক পৰিধান কৰা বস্ত্ৰ খুলিবলৈ নিৰ্দেশ দিয়ে আৰু অশালীন কার্যত লিপ্ত হ’বলৈ বাধ্য কৰে । এই সমগ্ৰ কাৰ্য দুর্বৃত্তৰ দলটোৱে ম’বাইলৰ দ্বাৰা ভিডিঅ' কৰি ৰাখে । সেই ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকি দি দুর্বৃত্তৰ দলটোৱে কিশোৰজনৰ পৰা ধন দাবী কৰে । কিশোৰ-কিশোৰীহালে বাৰে বাৰে দুর্বৃত্তৰ দলটোৰ ওচৰত ক্ষমা বিচৰা সত্ত্বেও দুর্বৃত্তৰ দলটোৱে দাবী কৰা ধন আদায় দিলেহে তাৰ পৰা ওলাই আহিব পাৰিব বুলি কয় ।

কিশোৰীক দলবদ্ধ ধৰ্ষণ: ধন নিদিলে যুৱকৰ দলটোৱে ওলাই যাবলৈ নিদিওঁ বুলি কোৱাত উপায়ন্তৰ হৈ কিশোৰটোৱে কিশোৰীগৰাকীক সেই স্থানতে দলটোৰ হাতত গতাই থৈ বঙাইগাঁৱৰ কোনো এটা এ টি এমৰ পৰা ধন নিবলৈ আহে । সেই সুযোগতে দুর্বৃত্তৰ দলটোৱে কিশোৰীগৰাকীক দলৱদ্ধভাৱে ধৰ্ষণ কৰে । এই জঘন্য ঘটনা সংঘটিত কৰি দুর্বৃত্তৰ দলটোৱে ঘটনাস্থলীৰ পৰা আঁতৰি যায় ।

এতিয়ালৈ ভুক্তভোগী কিশোৰ-কিশোৰীহালৰ পৰিচয় জানিব পৰা হোৱা নাই ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ আৰক্ষী অধীক্ষকগৰাকী নিজেই সেই স্থানলৈ গৈ ঘটনাৰ বুজ লৈছে ৷

লগতে পঢ়ক: দাওদাওকৈ জ্বলিল চলন্ত বাছ; জীৱন্তে অগ্নিদগ্ধ ৮ ব্যক্তি - Haryana bus tragedy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.