ETV Bharat / state

AASU president in Morigaon; ৰাইজেই আমাৰ অভিভাৱক: ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল কুমাৰ শৰ্মা

author img

By

Published : Dec 19, 2022, 10:39 PM IST

সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাচত সোমবাৰ গৃহ চহৰ মৰিগাঁৱত উপস্থিত হয় উৎপল কুমাৰ শৰ্মা (AASU Acting President Utpal Kumar Sharma arrived in his home town) ৷ দায়িত্বভাৰ লোৱাৰ পাচত জিলা মৰমৰ নেতাগৰাকীক কাষতে পাই স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে জিলাবাসী ৷

AASU president in Morigaon
মৰিগাঁৱত উপস্থিত হয় উৎপল কুমাৰ শৰ্মা

মৰিগাঁৱত উপস্থিত হয় উৎপল কুমাৰ শৰ্মা

মৰিগাঁও, 19 ডিচেম্বৰ : ‘‘সদৌ অসম ছাত্ৰ সন্থাই ৰাইজৰ বাবে সংগ্ৰাম কৰে । ৰাইজেই আমাৰ অভিভাৱক’’ । সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতিৰূপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাচত সোমবাৰ গৃহ চহৰ মৰিগাঁৱত উপস্থিত হৈ এই মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল কুমাৰ শৰ্মাই (AASU president in Morigaon) ৷

মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সোমবাৰে জাগীৰোডৰ পৰা বাইক ৰেলীৰে মৰিগাঁও গান্ধীভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা আদৰণি সভাস্থলীলৈ আদৰি আনে আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল কুমাৰ শৰ্মাক (AASU VP Utpal Sharma) । মৰিগাঁও জিলাৰ ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথৰ পৌৰহিত্যত অনুষ্ঠিত হয় এই সভাখন ৷

এই সভাতে মৰিগাঁও জিলা আছুৰ অসম সেনা, সাংবাদিক সন্থা, সাহিত্য সভাৰ লগতে মৰিগাঁও জিলাৰ বিভিন্ন দল সংগঠনৰ বিষয়-ববীয়াই ফুলাম গামোচা, জাপি, প্ৰশস্তি পত্ৰৰে আদৰণি জনাই ছাত্ৰ নেতাগৰাকীক । মৰিগাঁও জিলাৰ ছাত্ৰ সন্থাৰ সম্পাদক ৰূপজ্যোতি মেধিয়ে আঁতধৰা এই সভাত উপস্থিত থাকে মৰিগাঁৱৰ বহুকেইজন প্ৰাক্তন ছাত্ৰ নেতা, কবি, সাহিত্যিক, জ্যেষ্ঠ সাংবাদিক, সমাজ সেৱক ।

লগতে পঢ়ক : AASU President in Charge: উৎপল শৰ্মাক আছুৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব

মৰিগাঁও জিলাবাসীৰ বিপুল আদৰণি গ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য বিদায়ী সভাপতি দিপাংক নাথৰ (AASU president Dipanka Kumar Nath resigns) প্ৰসংগ উল্লেখ কৰে নৱ নিযুক্ত সভাপতি উৎপল কুমাৰ শৰ্মাই কয়, ‘‘ৰাইজে পিন্ধোৱা গামোচাখন কেৱল গামোচা হিচাপে লোৱা নাই । এয়া মৰিগাঁও জিলাবাসীৰ আশা প্ৰত্যাশা ৷ এই আশা প্ৰত্যাশাক যাতে আগন্তুক দিনত কাৰ্যকৰী ৰূপ দিব পাৰো তাৰ বাবে চেষ্টা কৰি যাম’’ ।

উল্লেখ্য যে, গৃহ চহৰত প্ৰথমবাৰৰ বাবে উপস্থিত হৈ আগন্তুক দিনত আছুৰ অষ্টদশ বাৰ্ষিক অধিৱেশন মৰিগাঁৱত অনুষ্ঠিত হোৱাৰ সন্দৰ্ভত মন্তব্য আগবঢ়াই সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতিগৰাকীয়ে ৷ সেয়ে এই অনুষ্ঠানখনি সাফল্যমণ্ডিত কৰাত সংবাদ মাধ্যমৰ জৰিয়তে সকলো ৰাইজৰ সহায় সহযোগ কামনা কৰে সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল কুমাৰ শৰ্মাই ৷

লগতে পঢ়ক : Assam APSC Sacm: গেঁঠেলা মাৰিছে APSC কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.