ETV Bharat / state

Majuli Rape case: 13 বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ দুই যুৱকৰ

author img

By

Published : Jan 30, 2023, 4:16 PM IST

মাজুলীত দুই যুৱকৰ কামনাৰ বলি হ’ল 13 বছৰীয়া এগৰাকী কিশোৰী ৷ ঘৰৰ ছাগলী এৰাল দিবলৈ যাওঁতেই একে গাঁৱৰে দুই যুৱকে এই জঘন্য কাণ্ডটো সংঘটিত কৰে (Two youths raped a Minor girl)৷

Two youths raped a Minor girl in Majuli
কিশোৰীক দলবদ্ধ ধৰ্ষণ দুই যুৱকৰ

কিশোৰীক দলবদ্ধ ধৰ্ষণ দুই যুৱকৰ

মাজুলী, 30 জানুৱাৰী: ৰাজ্যজুৰি ক্ৰমাৎ ভয়াৱহ ৰূপত বৃদ্ধি হৈছে নাৰীজনিত অপৰাধৰ ঘটনা (Rape case increases in Assam) ৷ চলিত বৰ্ষৰ জানুৱাৰী মাহত ৰাজ্যৰ ভিন্ন প্ৰান্তত কেইবাটাও ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ উদ্বেগজনক খবৰ পোহৰলৈ আহিছে ৷ এইবাৰ মাজুলীৰ যোৰবিলৰ সোণাপুৰত এনে এক জঘন্য ঘটনা সংঘটিত হৈছে (Majuli Rape case) ৷ তেৰ বছৰীয়া কিশোৰীক উপৰ্জুপৰি ধৰ্ষণ কৰে দুই যুৱকে (Minor girl rape case in Majuli) ৷

ঘটনা বিৱৰণী অনুসৰি দেওবাৰে পুৱাৰ ভাগত প্ৰতিদিনৰ দৰে এগৰাকী কিশোৰীয়ে ঘৰৰ ছাগলীকেইটা ওচৰৰ পথাৰত এৰাল দিবলৈ লৈ গৈছিল ৷ কিশোৰীগৰাকীক লক্ষ্য কৰি আছিল একো গাঁৱৰে দুজন যুৱকে (Two youths raped a Minor girl) ৷ পথাৰত কোনো নথকাৰ সুযোগ লৈ দুই যুৱকে কিশোৰীগৰাকীক মুখত সোপা দি ধৰি লৈ এটা মাটিৰ ঢাপৰ আঁৰলৈ লৈ আহে ৷ কিশোৰীগৰাকীয়ে এই ঘটনা দেখি ভয় খাই চিঞৰ বাখৰ কৰে যদিও দুই যুৱকে কিশোৰীগৰাকীক মুখত সোপা দি বলপূৰ্বকভাৱে অসৎ কাৰ্য সিদ্ধি কৰে (Two youths raped a Minor girl in Majuli) ৷

এই জঘন্য ঘটনা সংঘটিত কৰিয়েই কিশোৰীগৰাকীক এৰি থৈ যুৱক দুটা পলাই যায় ৷ কিশোৰীগৰাকীয়ে ঘৰত সকলো কথা অৱগত কৰাত ঘৰৰ লোকে ততালিকে গড়মূৰ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ আৰক্ষীয়ে খবৰ পাইয়েই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে কিশোৰীগৰাকীক প্ৰথমে গড়মূৰ পিতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়লৈ নিয়া হৈছিল যদিও পিচত উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় (Rape case in Majuli)।

ইয়াৰ পিচতে কিশোৰীগৰাকীৰ ভাতৃয়ে দুই যুৱকৰ বিৰুদ্ধে গড়মূৰ আৰক্ষী থানাত গোচৰ নং 02/2023 ভাৰতীয় দণ্ডবিধি আইনৰ 376 DA আৰু POCSO ACT 2012 ৰ 6 ধাৰাত গোচৰ ৰুজু কৰে ৷ গোচৰৰ ভিত্তিত গড়মূৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনোদ কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে তদন্ত চলাই 12 ঘণ্টাৰ ভিতৰতে দুই ধৰ্ষণৰ অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত যুৱকদ্বয় যোৰবিলৰ মানস ভৰালী আৰু ৰাতুল ভৰালী বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে (Police arrested two accused) ৷ আৰক্ষীয়ে সম্প্ৰতি দুই অভিযুক্তক মাৰাথান জেৰা অব্যাহত ৰাখিছে (Police investigation is on) ৷

লগতে পঢ়ক: Woman held for drug peddling: ড্ৰাগছৰ কণ্টেইনাৰ সহ মহিলাৰ সৰাবৰাহকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.