Woman held for drug peddling: ড্ৰাগছৰ কণ্টেইনাৰ সহ মহিলাৰ সৰাবৰাহকাৰী আটক

By

Published : Jan 30, 2023, 9:45 AM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

ৰহা, 30 জানুৱাৰী: ৰাজ্যজুৰি ভয়াৱহ ৰূপত শিপাইছে ড্ৰাগছৰ ৰমৰমীয়া বজাৰখন ৷ অসম আৰক্ষীয়ে প্ৰতিদিনে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলাই অহাৰ পিচতো গা ল’ৰা নাই সৰবৰাহকাৰীৰ (Operation against drugs)৷ আৰক্ষীৰ চকুত ধুলি ছটিয়াই ন ন উপাই অৱলম্বন কৰি একাংশ সৰবৰাহকাৰীয়ে প্ৰতিদিনে নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ কৰি আহিছে (Anti Drugs Mission in Assam)৷ এইবাৰ এগৰাকী মহিলাই অন্তঃসত্বাৰ অভিনয় কৰি পেটত কাপোৰেৰে বান্ধি চাবোনৰ বাকচত লুকুৱাই আনিছিল ড্ৰাগছ (Mission against drugs at Chaparmukh) ৷  

নগাঁও জিলাৰ চাপৰমুখত সংঘটিত হৈছে এই ঘটনাটো ৷ দেওবাৰে নিশা ৰহা আৰক্ষী নিবেশৰ অন্তৰ্গত চাপৰমুখ পহৰা চকীৰ আৰক্ষীৰ এটা দলে (Chaparmukh police mission against drugs) এক বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত কেইবাটাই ড্ৰাগছ ভৰ্তি চাবোন কেচসহ এগৰাকী মহিলা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীৰ এক সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, এগৰাকী অন্তঃসত্বা মহিলাৰ গতিবিধিৰ ওপৰত প্ৰথমে আৰক্ষীৰ সন্দেহ উপজে ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ সন্দেহ অধিক হোৱাত মহিলা আৰক্ষীৰ জড়িয়তে মহিলাগৰাকীক তালাচী চলাই তেওঁৰ পেটত বান্ধি লৈ অহা এখন কাপোৰৰ পৰা 7 টাকৈ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ জব্দ কৰিবলৈ সক্ষম হয় (Drugs containers seized at Chaparmukh) ৷ ধৃত মহিলা গৰাকীৰ নাম চোফিয়া খাতুন বুলি জানিব পৰা গৈছে ।

মহিলাগৰাকীয়ে ডিমাপুৰৰ পৰা ধিঙলৈ ৰে’লযোগে ড্ৰাগছখিনি সৰবৰাহ কৰিবলৈ লৈ আহিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে (Woman held for drug peddling) ৷  চাপৰমুখ ৰে’ল জংচনত চাপৰমুখ আৰক্ষীয়ে ড্ৰাগছ সহ মহিলাগৰাকীক আটক কৰি অধিক তথ্যৰ সোধ পোছ অব্যাহত ৰাখিছে ৷

উল্লেখ্যে যে আৰক্ষী অধিক কঠোৰ হোৱাৰ পাছতো নগাঁও জিলাত নিচাযুক্ত সামগ্ৰীৰ বৃহৎ বজাৰখনৰ পৰিসৰ ক্ৰমাৎ বৃদ্ধি হৈয়েই আছে ৷ যুৱ প্ৰজন্মৰ লগতে এখন সমাজক ধ্বংসৰ গৰাহলৈ থেলি দিয়া এই অসাধু চক্ৰৰ বিৰুদ্ধে নগাঁও আৰক্ষী কেনে পৰিকল্পনাৰে আগ বাঢ়িব, সেইয়া হ’ব মন কৰিবলগীয়া ৷

লগতে পঢ়ক: Drug addicts detained at Lanka: লংকাত ড্ৰাগছসহ আটক ড্ৰাগছ সেৱনকাৰী

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.