ETV Bharat / state

Majuli Music Festival controversy:মই যদি বেয়া কাম কৰিছো ভগৱানে মোক চাপৰ্ট নিদিব-মুকুল দলে

author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 1:04 PM IST

‘মাজুলী মিউজিক ফেষ্টিভেলক লৈ বেপাৰ কৰা হ’লে মোৰ চুলিখিনি নপকিলে হয়’ ৷ বিতৰ্কৰ আৱৰ্তত মাজুলী মিউজিক ফেষ্টিভেল ৷ অসমৰ সু-সন্তান শিল্পী নিলোৎপল বৰাৰ এটা ফেচবুক লাইভে লগাইছে খলকনি ৷ ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত সঁচাকৈয়ে বদনামী হৈছে অসমৰ লগতে মাজুলীৰ?

Majuli Music Festival controversy
মাজুলী মিউজিক ফেষ্টিভেল

মাজুলী মিউজিক ফেষ্টিভেল

মাজুলী, 17 অক্টোবৰ : বিতৰ্কৰ মাজত সোমাই পৰিছে মাজুলী মিউজিক ফেষ্টিভেল । সংগীত শিল্পী নিলোৎপল বৰাৰ এটা ফেচবুক পোষ্টৰ পাচতেই বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আয়োজকৰ বিৰুদ্ধে নামী-দামী স্পন্সৰশ্বীপ লৈও সংগীত পৰিৱেশন কৰা শিল্পীক মাননী আদায় নিদিয়াৰ অভিযোগ তুলিছে শিল্পী নিলোৎপল বৰাই । বিগত বৰ্ষ কেইটাত মাজুলী মিউজিক ফেষ্টিভেলৰ লগত জড়িত আছিল নিলোৎপল বৰা ।

উত্তৰ-পূব ভাৰতৰ বিভিন্ন মিউজিক বেণ্ডৰ লগতে ভাৰতবৰ্ষৰ নামী-দামী বেণ্ডে গীত পৰিবেশন কৰিছিল এই সংগীত মহোৎসৱত । সোমবাৰে ফেচবুক লাইভযোগে নিলোৎপল বৰাই অভিযোগ আনে যে, ভাৰতবৰ্ষৰ বহু গণ্য-মান্য শিল্পীক ধন আদায় দিবলৈ বাকী আছে মাজুলী মিউজিক ফেষ্টিভেল আয়োজকপক্ষৰ । সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত বহুতৰ পৰা নিলোৎপল বৰাই এই সম্পৰ্কে অৱগত হোৱাৰ কথা জানিবলৈ দিয়ে ৷ অসমৰ পৰা মুম্বাইত থিতাপি লোৱা নিলোৎপল বৰাৰ অভিযোগ আয়োজকৰ এনে কাণ্ডই মাজুলীৰ লগতে অসমৰ সন্মান হানি কৰিছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

নিলোৎপল বৰাৰ অভিযোগৰ পাচতেই মাজুলী মিউজিক ফেষ্টিভেলৰ আয়োজক মুকুল দলেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ মুকুল দলেই স্পষ্টকৈ কয় যে নিলোৎপলে কোৱা 60/70 শতাংশ কথাই মিছা ৷ প্ৰায় দৈনিক যোগাযোগত থকা নিলোৎপলে কিয় এনেদৰে পোষ্টটো দিলে সেই কথা ভাৱি পোৱা নাই বুলিও মন্তব্য কৰে দলেই ৷ তেওঁ কয় নিলোৎপল বৰাই কোৱাৰ দৰে ইমান পইচা দিবলৈ নাই, মাথো ৯ জন মানুহক অলপ অলপ পইচা দিবলৈ আছে । মুকুল দলেৰ মন্তব্য, পইচা দিবলৈ বাকী থকা কথাটো সত্য কিন্তু একলাখ টকা ২ঘণ্টাৰ ভিতৰত দিবলৈ অসমৰ্থ হোৱাৰ বাবে অলপ সময় বিচাৰি আহ্বান জনাইছিল নিলোৎপলক ৷

উল্লেখ্য যে, চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ ২৪ পৰা ২৬ নৱেম্বৰ অনুষ্ঠিত হ’ব মাজুলী সংগীত মহোৎসৱ ,তাৰ পূৰ্বে এই বৰ্ষত গীত পৰিৱেশন কৰাৰ আগতে শিল্পীসকলক ভাবি চাবলৈ অনুৰোধ জনাইছে নিলোৎপল বৰাই । জানিব পৰা মতে, ইতিমধ্যে নিলোৎপল বৰাক ৭০ হাজাৰ টকা আদায় দিছে মাজুলী মিউজিক ফেষ্টিভেলৰ উদ্যোক্তাই ।

লগতে পঢ়ক : Majuli Music Festival: মাজুলী মিউজিক ফেষ্টিভেলে বদনামী কৰিলে অসমক ! অভিযোগ শিল্পী নিলোৎপল বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.