Majuli Music Festival: মাজুলী মিউজিক ফেষ্টিভেলে বদনামী কৰিলে অসমক ! অভিযোগ শিল্পী নিলোৎপল বৰাৰ

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 11:01 PM IST

thumbnail

নিউজ ডেস্ক, 16 অক্টোবৰ: মাজুলী মিউজিক ফেষ্টিভেলে মাজুলীৰ লগতে সমগ্ৰ অসমকে বদনামী কৰাৰ অভিযোগ উত্থাপন কৰিছে শিল্পী নিলোৎপল বৰাই ৷ শিল্পীগৰাকীয়ে সোমবাৰে সামাজিক মাধ্যমযোগে জনাই যে মাজুলীত অনুষ্ঠিত হৈ অহা সাংগীতিক অনুষ্ঠানটোলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উপৰিও ভাৰতৰ প্ৰতিষ্ঠিত শিল্পীসকলক আমন্ত্ৰণ জনোৱা হয় ৷ কিন্তু উক্ত শিল্পীসকলৰ অধিকাংশই এই পৰ্যন্ত চুক্তি অনুসৰি মাননী লাভ কৰা নাই ৷ ফলত অসমৰ বাহিৰত অসমৰ নাম বদনামী হোৱা বুলি অভিযোগ তুলিছে শিল্পী নিলোৎপল বৰাই ৷ শিল্পীগৰাকীৰ অভিযোগ অনুসৰি অনুষ্ঠানটো অনুষ্ঠিত হোৱা আৰম্ভণিৰে পৰা এইধৰণে শিল্পীক মাননী নিদিয়া কাৰ্য চলি আহিছে ৷ গতিকে নিলোৎপল বৰাই শিল্পীসকলক সাৱধান কৰি দিছে যে, যাতে এনিধৰণৰ অনুষ্ঠানৰ পৰা শিল্পীসকল আঁতৰি থাকে ৷ উল্লেখ্য যে, থলুৱা গীত-মাত, বাদ্যযন্ত্ৰৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ লোক সংগীতৰ প্ৰচাৰৰ উদ্দেশ্যে আৰম্ভ হৈছিল মাজুলী মিউজিক ফেষ্টিভেল ৷

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.