ETV Bharat / state

মাজুলীৰ চৰকাৰী কাৰ্যালয়ৰ পৰা চুৰি প্ৰায় ৬০০ টা জিঅ' বেগ

author img

By

Published : Mar 23, 2022, 11:47 AM IST

Updated : Mar 23, 2022, 11:59 AM IST

Geo Bags theft from Government office in Majuli
মাজুলীৰ চৰকাৰী কাৰ্যালয়ৰ পৰা চুৰি প্ৰায় ৬০০ টা জিঅ' বেগ

মাজুলীৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত বৃহৎ চুৰিকাণ্ড (Geo Bags theft from Government office in Majuli) ৷ বিভাগটোৰ কাৰ্যালয়ৰ চৌহদৰ পৰাই চুৰি খহনীয়া প্ৰতিৰোধৰ বাবে অনা ৬০০ জিঅ' বেগ ৷

মাজুলী, 23 মাৰ্চ : মাজুলীৰ জলসম্পদ বিভাগৰ কাৰ্যালয়ত অঘটন ৷ চোৰৰ এইবাৰ শেন চকু পৰিছে চৰকাৰী সামগ্ৰীৰ ওপৰত ৷ মঙলবাৰে মাজুলী জলসম্পদ বিভাগৰ কাৰ্যালয় চৌহদৰ পৰা নাইকিয়া হ'ল ৬ লাখ টকা মূল্যৰ জিঅ’ বেগ । বিভাগে খহনীয়া প্ৰতিৰোধৰ বাবে ক্ৰয় কৰা প্ৰায় ৬ লাখ টকা মূল্যৰ ৬০০ জিঅ' বেগ কাৰ্যালয়ৰ পৰাই অন্তৰ্ধান (Geo Bags theft from Government office in Majuli) হোৱা কাণ্ডই সমগ্ৰ মাজুলীতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

৭০০ জিঅ’ বেগ মলয়া চাপৰিৰ খহনীয়া প্ৰতিৰোধৰ বাবে ক্ৰয় কৰি কাৰ্যালয়ৰ গুদাম থকাৰ পাচতো চৌহদতে মুকলিকৈ পেলাই থৈছিল দায়িত্বত থকা বিভাগীয় কৰ্মচাৰীয়ে ৷ তাৰ পৰাই নোহোৱা হ'ল প্ৰায় ৬০০ জিঅ' বেগ । গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, জলসম্পদৰ কাৰ্যালয়ৰ কাষতে আছে CRPF বাহিনীৰ কেম্প ।

Geo Bags theft from Government office in Majuli
মাজুলীৰ চৰকাৰী কাৰ্যালয়ৰ পৰা চুৰি প্ৰায় ৬০০ টা জিঅ' বেগ

কিন্তু তাৰ মাজৰ পৰাই কোনে-কেনেকৈ চুৰি কৰিলে বৃহৎ সংখ্যক জিঅ'বেগ ? এই বিষয়টো বৰ্তমানেও ৰহস্যৰ আৱৰ্তত ৷ অৱশ্যে মাজুলীৰ জলসম্পদ বিভাগৰ কাৰ্যালয়ত কৰ্মৰত কাৰ্যবাহী অভিযন্ত্ৰাগৰাকীয়ে ঘটনা সন্দৰ্ভত গড়মূৰ আৰক্ষী চকীত দাখিল কৰিছে এক গোচৰ ।

ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷ ইফালে এই চাঞ্চল্যকৰ চুৰি কাণ্ডৰ সৈতে উল্লেখিত বিভাগটোৰে একাংশ বিষয়া-কৰ্মচাৰী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে ৷

লগতে পঢ়ক : তামুলপুৰত তামোল চোৰৰ তাণ্ডৱ

Last Updated :Mar 23, 2022, 11:59 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.