ETV Bharat / state

তামুলপুৰত তামোল চোৰৰ তাণ্ডৱ

author img

By

Published : Mar 22, 2022, 2:09 PM IST

তামুলপুৰ জিলাৰ দ্বাৰকুছীত চোৰৰ তাণ্ডৱ ৷ তামুলপুৰত একে নিশাই তিনিগৰাকী ব্যৱসায়ীৰ পৰা চোৰে লুটিলে কেইবা লাখ টকাৰ চুপাৰি (Supari theft in tamulpur)। উপায়ন্তৰ হৈ পৰিছে এতিয়া চুপাৰি ব্যৱসায়ী মাইনুদ্দিন আলি, ৰিয়াজুল হক আৰু মকছেদ আলি ৷

supari theft in tamulpur
তামুলপুৰত তামোল চোৰৰ তাণ্ডৱ

তামুলপুৰ, 22 মাৰ্চ : তামুলপুৰৰ দ্বাৰকুছীত অঘটন ৷ দ্বাৰকুছীৰ পৰা চোৰে লুটি নিলে লক্ষাধিক টকাৰ চুপাৰি ৷ নিশা এন্ধাৰৰ সুজোগ লৈ গাঁওখনত চোৰে চলালে চাফাই অভিযান (Supari theft in tamulpur) ৷ ঘটনাৰ বিৱৰণি অনুসৰি, সোমবাৰে নিশা আন্ধাৰৰ সুযোগ লৈ দ্বাৰকুছীৰ তিনিগৰাকী চুপাৰি ব্যৱসায়ীৰ ঘৰৰ পৰা চোৰে চুৰি কৰি নিলে প্ৰায় ৭ লক্ষাধিক টকাৰ চুপাৰি (Theft in Tamulpur) ।

তামুলপুৰত তামোল চোৰৰ তাণ্ডৱ

তামুলপুৰ জিলাৰ দ্বাৰকুছীৰ নিৱাসী মাইনুদ্দিন আলি, ৰিয়াজুল হক আৰু মকছেদ আলি নামৰ তিনিজন যুৱ ব্যৱসায়ীৰ ঘৰৰ দৰ্জা ভাঙি যোৱা নিশা চোৰে ১৫ কুইন্টল (২৯ বস্তা) চিকনি চুপাৰি চুৰি কৰি লৈ যায় । ব্যৱসায়ী কেইগৰাকীয়ে উল্লেখ কৰা অনুসৰি, চুৰি হোৱা চুপাৰিখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৭ লাখ টকা হ’ব ৷

ইতিমধ্যে ভুক্তভোগী ব্যৱসায়ীকেইজনে চুৰিকাণ্ড সন্দৰ্ভত গান্ধীবাৰী আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে ৷ এই এজাহাৰৰ ভিত্তিত গান্ধীবাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক : Theft in Rangia: হোলীৰ বন্ধৰ সুযোগত চোৰৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.