ETV Bharat / state

মাজুলীত জিঅ’ বেগ সংস্থাপন প্ৰকল্পৰ কামত অনিয়ম

author img

By

Published : Jun 28, 2021, 11:43 AM IST

জেংৰাইমুখ চিমিৰ গঢ়াত প্ৰায় সাতশ পঞ্চাশ মিটাৰ দৈৰ্ঘৰ অংশত খহনীয়া প্ৰতিৰোধৰ বাবে নাবার্ড (NABARD)ৰ ১ কোটি ৮০ লাখ টকীয়া জিঅ’ বেগ (Geo Bags)প্ৰকল্পৰ জৰিয়তে জানুৱাৰী মাহত কাম আৰম্ভ হয় ৷ কিন্তু নিৰ্মীয়মান অৱস্থাতে জিঅ’ বেগ (Geo Bags)সমূহ খেৰকটীয়া নদীৰ বুকুত জাহ যোৱা পৰিলক্ষিত হৈছে ৷

Huge scam in Geo Bags scheme at Majuli
মাজুলীত জিঅ’ বেগ সংস্থাপন প্ৰকল্পৰ কামত অনিয়ম

মাজুলী, 28 জুন : মাজুলীৰ জেংৰাইমুখ চিমিৰ গঢ়াত খহনীয়া প্ৰতিৰোধৰ নামত চৰকাৰে ৰূপায়ণ কৰা জিঅ’ বেগ আঁচনিত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ কোটি টকীয়া জিঅ’ বেগ সংস্থাপন প্ৰকল্পৰ নামত ঠিকাদাৰে অনিয়ম সংঘটিত কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ যাৰবাবে নিৰ্মীয়মান অৱস্থাতে খেৰকটীয়া নৈ (Kherkatiya River)ৰ বুকুত জাহ গৈছে শ শ জিঅ’ বেগ (Geo Bags) ৷

মাজুলীৰ বিভিন্ন স্থানত গৰাখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ বিগত সময়ছোৱাত জিলাখনত শ শ বিঘা ভূমিৰ লগতে বহু লোকৰ ঘৰ-বাৰী আৰু কৃষিভূমি নদীৰ বুকুত জাহ গৈছে ৷ মাজুলীৰ জেংৰাইমুখবাসী ৰাইজৰ প্ৰৱল দাবীত ৰাজ্যৰ জলসম্পদ বিভাগে (Water Resources Department) ২০১৯-২০ বিত্তীয় বৰ্ষত চিমিৰ গঢ়াত খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ’ বেগ সংস্থাপন প্ৰকল্পৰ নামত পুঁজিৰ আৱন্টন দিছিল ৷

মাজুলীত জিঅ’ বেগ সংস্থাপন প্ৰকল্পৰ কামত অনিয়ম

জেংৰাইমুখ চিমিৰ গঢ়াত প্ৰায় সাতশ পঞ্চাশ মিটাৰ দৈৰ্ঘৰ অংশত খহনীয়া প্ৰতিৰোধৰ বাবে নাবার্ড (NABARD)ৰ ১ কোটি ৮০ লাখ টকীয়া জিঅ’ বেগ প্ৰকল্পৰ জৰিয়তে জানুৱাৰী মাহত কাম আৰম্ভ হয় ৷ কিন্তু নিৰ্মীয়মান অৱস্থাতে জিঅ’ বেগসমূহ খেৰকটীয়া নদী (Kherkatiya River)ৰ বুকুত জাহ যোৱা পৰিলক্ষিত হৈছে ৷

অসম বিধানসভা নিৰ্বাচনকে ধৰি বিভিন্ন অজ্ঞাত কাৰণত জিঅ’ বেগ প্ৰকল্পৰ কাম শামুকীয়া গতিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হোৱাৰ সময়তে এইবাৰ আকৌ জিঅ’ বেগ (Geo Bags)ৰ মাজত লেপিং নিদিয়া, নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা আদি বিভিন্ন ধৰণৰ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । স্থানীয় লোকে একাংশ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ প্ৰতিষ্ঠানক নিয়োজিত কৰি বিভাগীয় কৰ্তৃপক্ষই হাত সাৱটি বহি থকাৰ অভিযোগ কৰিছে । স্থানীয় লোকে জলসম্পদ বিভাগ (Water Resources Department)ৰ বিষয়া-কৰ্মচাৰী গাফিলতি তথা ঠিকাদাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে ৷

জিঅ’ বেগত যিবোৰ বালি মজুত কৰা হৈছে সেইবোৰ অৰ্ধ সংখ্যক বোকা মাটি আছে বুলি স্থানীয় লোকে অভিযোগ কৰিছে ৷ যাৰবাবে পানীৰ তীব্ৰ সোঁতত সহজে উটি গৈছে জিঅ’ বেগসমূহ । জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাক অঞ্চলটো ভ্ৰমণ কৰি উচিত তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : সেনাই আটক কৰিলে প্ৰাক্তন আলফা নেতা বলীন বৰুৱাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.