ETV Bharat / state

প্ৰাৰ্থীয়েও মোবাইল লৈ প্ৰৱেশ কৰিব নোৱাৰিব ভোটগণনা কেন্দ্ৰত, ভোটগণনাৰ বাবে সাজু নগাঁও জিলা প্ৰশাসন - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 8:29 PM IST

ভোটগণনাৰ প্ৰাকমুহূৰ্তত সংবাদমেল সম্বোধন নগাঁও জিলা প্ৰশাসনৰ । ভোটগণনাৰ বাবে নগাঁৱতো ঘোষণা ড্ৰাই ডে' । মোবাইল ফোন লৈ ভোটগ্ৰহণ কেন্দ্ৰত কৰিব নোৱাৰিব প্ৰৱেশ কোনো প্ৰাৰ্থী । কোনো ভি ভি আই পি হ'ব নোৱাৰিব কাউন্টিং এজেন্ট ।

LOK SABHA ELECTION 2024
নগাঁও জিলা আয়ুক্তৰ সংবাদমেল (ETV BHARAT ASSAM)

নগাঁও, 3 জুন: সকলো উৎকন্ঠাৰ অন্ত পেলাই মঙলবাৰে অৰ্থাৎ 4 জুনত দেশৰ সাধাৰণ নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব । মঙলবাৰেৰ দিনটোতেই ভাগ্য নিৰ্ণয় হ'ব বহু ৰথী-মহাৰথীৰ । সমগ্ৰ দেশতেই ভোটগণনাৰ বাবে সম্পূৰ্ণ কৰি তোলা হৈছে প্ৰস্তুতি । একেদৰে দ্বিতীয় পৰ্য্যায়ত অনুষ্ঠিত হোৱা নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবেও মঙলবাৰে ভোটগণনাৰ বাবে সাজু হৈছে নগাঁও জিলা প্ৰশাসন ।

নগাঁৱত মুঠ ভোটগণনা কেন্দ্ৰ:

নগাঁৱত মুঠ তিনিটা ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে । নগাঁও চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু নগাঁও ডছন হাইস্কুলত ভোটগণনাৰ ব্যৱস্থা কৰিছে নগাঁও জিলা প্ৰশাসনে । ইয়াৰে চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাজিৰঙা লোকসভা সমষ্টিৰ ভোটগণনা কৰা হ'ব । কাজিৰঙা লোকসভা সমষ্টিৰ নগাঁও জিলাৰ অধীনৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ ই ভি এম চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষ্ট্ৰং ৰূমত ৰখাৰ ব্যৱস্থা কৰা হৈছিল । ইয়াৰ বিপৰীতে নগাঁও লোকসভা সমষ্টিৰ নগাঁও জিলাৰ পাঁচটাকৈ বিধানসভা সমষ্টিৰ ই ভি এম চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ডছন হাইস্কুলত ৰখা বুলি জানিব পৰা গৈছে । ডছন হাইস্কুল আৰু নগাঁও চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নগাঁও লোকসভা সমষ্টিৰ ভোটগণনা কৰা হ'ব ।

ভোট গণনা কেন্দ্ৰৰ নীতি-নিয়ম:

মঙলবাৰৰ ভোটগণনাৰ বাবে ইতিমধ্যেই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে নগাঁও জিলা প্ৰশাসনে । সোমবাৰে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক সংবাদমেলৰ আয়োজন কৰি ভোটগণনাৰ বাবে গ্ৰহণ কৰা নীতি-নিয়মৰ বিষয়ে অৱগত কৰে নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে । সংবাদমেলত উল্লেখ কৰা তথ্য অনুসৰি পুৱা 7 বজাত নগাঁৱৰ ভোটগণনা কেন্দ্ৰত থকা ই ভি এমসমূহ খোলাৰ ব্যৱস্থা কৰিব প্ৰশাসনে । পুৱা 8 বজাৰ পৰা পোষ্টেল বেলটৰ সমান্তৰালকৈ ই ভি এমৰ ভোটগণনা আৰম্ভ কৰা হ'ব । ভোটগণনা কেন্দ্ৰত প্ৰতিগৰাকী প্ৰাৰ্থীৰ কাউন্টিং এজেন্টে পুৱা 6.30 বজাতেই ভোটগণনা কেন্দ্ৰত উপস্থিত হ'ব লাগিব ।

ভোটগ্ৰহণ কেন্দ্ৰত নিষিদ্ধ মোবাইল ফোন:

ভোটগণনা কেন্দ্ৰৰ ভিতৰত কোনো এজেন্টে মোবাইল লগত লৈ কৰিব নোৱাৰিব প্ৰৱেশ । আনকি প্ৰাৰ্থীয়েও মোবাইল ফোন লৈ ভোটগণনা কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব । অৱশ্যে প্ৰাৰ্থী আৰু ৰিটাৰ্ণিং বিষয়াৰ টেবুলত থাকিবলগীয়া এজেন্টৰ মোবাইল নিৰ্দিষ্ট স্থানত ৰখাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে । সেই নিৰ্দিষ্ট স্থানত মোবাইল ফোন প্ৰয়োজনত ব্যৱহাৰ কৰিব পাৰিব বুলিও জানিব পৰা গৈছে । কাউন্টিং এজেন্টৰ খাদ্যৰ বাবে ভোটগণনা কেন্দ্ৰ চৌহদত পেইড কেণ্টিনৰ ব্যৱস্থা কৰাৰ কথাও উল্লেখ কৰে জিলা আয়ুক্তই ।

ড্ৰাই ডে:

মঙলবাৰে নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনৰো ভোটগণনা কৰা হ'ব । মঙলবাৰে হ’বলগীয়া ভোটগণনাৰ বাবে নগাঁও জিলাতো ড্ৰাই ডে' ঘোষণা কৰিছে নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে । ভোটগণনাৰ দিনা যাতে কোনো ব্যক্তিয়ে মদ্যপান কৰি উশৃংখল পৰিবেশ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ড্ৰাই ডে' ঘোষণা কৰিছে জিলা প্ৰশাসনে ।

সোমবাৰে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সংবাদমেলত জিলা আয়ুক্তৰ উপৰিও, জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, অতিৰিক্ত আয়ুক্ত প্ৰণৱ দত্ত গোস্বামী, জিলা নিৰ্বাচনী বিষয়া এম পি নাথ, জিলা জনসংযোগ বিষয়া মন্দিৰা চায়েঙিয়া উপস্থিত থাকে ।

লগতে পঢ়ক: ভোটগণনাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ শোণিতপুৰ জিলা প্ৰশাসনৰ - Lok Sabha Election Results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.