ভোটগণনাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ শোণিতপুৰ জিলা প্ৰশাসনৰ - Lok Sabha Election Results 2024

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 7:21 PM IST

thumbnail
ভোটগণনাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ শোণিতপুৰ জিলা প্ৰশাসনৰ (ETV BHARAT ASSAM)

তেজপুৰ, ৩ জুন: মঙলবাৰে ঘোষণা হ’ব লোকসভা নিৰ্বাচনৰ ফলাফল ৷ পুৱা আঠ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা ৷ ১১ নম্বৰ শোণিতপুৰ লোকসভা সমষ্টিৰ ভোটগণনাৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে ৷ ভোটগণনাৰ বাবে সাজু কৰা হৈছে ৬২০গৰাকী বিষয়া-কৰ্মচাৰীক ৷ দৰং মহাবিদ্যালয়ত গণনা কৰা হ’ব শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ঢেকিয়াজুলি, বৰছলা, তেজপুৰ, ৰঙাপৰা আৰু নদুৱাৰ বিধানসভা সমষ্টিৰ ভোট ৷

আনহাতে বিহালী আৰু বিশ্বনাথ সমষ্টিৰ ভোটগণনা বিশ্বনাথ জিলা সদৰত, গহপুৰ সমষ্টিৰ ভোটগণনা গহপুৰত আৰু বিহপুৰীয়া বিধানসভা সমষ্টিৰ ভোট গণনা লখিমপুৰত কৰা হ’ব ৷ তেজপুৰত আজি জিলা নিৰ্বাচনী বিষয়া দেৱকুমাৰ মিশ্ৰ আৰু জেনেৰেল অৱজাৰভাৰ এম আৰ ৰবিকুমাৰে এই কথা প্ৰকাশ কৰে ৷ ইফালে ভোটগণনা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ উদ্দেশ্যৰে শোণিতপুৰ জিলা দণ্ডাধীশে জিলাখনত 144 ধাৰা জাৰি কৰিছে ৷ 

লগতে পঢ়ক: ভোটগণনাৰ বাবে সাজু যোৰহাট জিলা প্ৰশাসন, তিনি তৰপীয়া নিৰাপত্তা বেষ্টনী - Lok Sabha Election 2024

লগতে পঢ়ক: ভোটগণনাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হোজাই জিলা প্ৰশাসনৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.