ভোটগণনাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ শোণিতপুৰ জিলা প্ৰশাসনৰ - Lok Sabha Election Results 2024 - BISWANATH ASSEMBLY CONSTITUENCY

🎬 Watch Now: Feature Video

thumbnail
ভোটগণনাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ শোণিতপুৰ জিলা প্ৰশাসনৰ (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : June 3, 2024 at 7:21 PM IST

1 Min Read
Choose ETV Bharat

তেজপুৰ, ৩ জুন: মঙলবাৰে ঘোষণা হ’ব লোকসভা নিৰ্বাচনৰ ফলাফল ৷ পুৱা আঠ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা ৷ ১১ নম্বৰ শোণিতপুৰ লোকসভা সমষ্টিৰ ভোটগণনাৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে ৷ ভোটগণনাৰ বাবে সাজু কৰা হৈছে ৬২০গৰাকী বিষয়া-কৰ্মচাৰীক ৷ দৰং মহাবিদ্যালয়ত গণনা কৰা হ’ব শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ঢেকিয়াজুলি, বৰছলা, তেজপুৰ, ৰঙাপৰা আৰু নদুৱাৰ বিধানসভা সমষ্টিৰ ভোট ৷

আনহাতে বিহালী আৰু বিশ্বনাথ সমষ্টিৰ ভোটগণনা বিশ্বনাথ জিলা সদৰত, গহপুৰ সমষ্টিৰ ভোটগণনা গহপুৰত আৰু বিহপুৰীয়া বিধানসভা সমষ্টিৰ ভোট গণনা লখিমপুৰত কৰা হ’ব ৷ তেজপুৰত আজি জিলা নিৰ্বাচনী বিষয়া দেৱকুমাৰ মিশ্ৰ আৰু জেনেৰেল অৱজাৰভাৰ এম আৰ ৰবিকুমাৰে এই কথা প্ৰকাশ কৰে ৷ ইফালে ভোটগণনা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ উদ্দেশ্যৰে শোণিতপুৰ জিলা দণ্ডাধীশে জিলাখনত 144 ধাৰা জাৰি কৰিছে ৷ 

লগতে পঢ়ক: ভোটগণনাৰ বাবে সাজু যোৰহাট জিলা প্ৰশাসন, তিনি তৰপীয়া নিৰাপত্তা বেষ্টনী - Lok Sabha Election 2024

লগতে পঢ়ক: ভোটগণনাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হোজাই জিলা প্ৰশাসনৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details