নিশাৰ এন্ধাৰৰ সুযোগতে লংকা প্ৰাথমিক বিদ্যালয়ত চলে সুৰাৰ আড্ডা ! - Liquor bottles found in Lanka

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 9:14 PM IST

thumbnail
লংকা প্ৰাথমিক বিদ্যালয়ত সুৰাৰ আড্ডা চলাৰ অভিযোগ (Etv Bharat Assam)

হোজাই, 3 জুন : বিদ্যালয় নহৈ যেন কোনো বাৰৰহে দৃশ্য ৷ চাৰিওফালে সিঁচৰতি হৈ পৰি আছিল মাংস, সুৰাৰ বটল, চিগাৰেট আৰু একক ব্যৱহৃত প্লাষ্টিকৰ গিলাচ ৷ এই দৃশ্য সোমবাৰে পুৱাৰ ভাগত দেখা যায় লংকা প্ৰাথমিক বিদ্যালয়ত ৷

বিদ্যালয়ৰ এই পৰিৱেশ দেখি স্বাভাৱিকতে হতভম্ব হৈ পৰে শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকল ৷ কিছুদিন পূৰ্বে চৰকাৰে প্ৰচণ্ড গৰমৰ বাবে শ্ৰেণীকোঠাৰ পাঠদান আৰম্ভ কৰাৰ বাবে নতুন সময় বান্ধি দিছিল ৰাজ্যৰ বিদ্যালয়সমূহক ৷ সেই অনুসৰি, সোমবাৰে পুৱা 7.30 বজাত বিদ্যালয় চৌহদত উপস্থিত হৈ শিক্ষাৰ্থীসকলৰ অভিভাৱকে এই দৃশ্য দেখি হতবাক হৈ পৰে ৷ নিশাৰ এন্ধাৰত প্ৰায়ে এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলিও উপস্থিত অভিভাৱকসকলে উত্থাপিত কৰিছে অভিযোগ ৷

জানিব পৰা মতে, বিদ্যালয়খনত দেওবাৰে নিশা চলিছিল লংকাৰ এখন বিহু সমিতিৰ খানা ৷ খানালৈ অহা কোনোৱাই এনেদৰে ভাত খোৱাৰ পূৰ্বে মাংসৰ লগত সুৰা সেৱন কৰি শ্ৰেণীকোঠাত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ এই কথা পোহৰলৈ অহাৰ পিচতে প্ৰায়ে নিশা হ’লেই শিক্ষানুষ্ঠানখনৰ গৰিমা, পৰিৱেশ বিনষ্ট কৰি সুৰাৰ আড্ডা চলাৰো অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে ৷

তদুপৰি এইক্ষেত্ৰত সকলো দোষ প্ৰধান শিক্ষকগৰাকীৰ বুলি অভিযোগ উত্থাপন কৰিছে শিক্ষাৰ্থীসকলৰ অভিভাৱকে ৷ দেওবাৰ হোৱাৰ হেতুকে বিদ্যালয়খনৰ নিশাৰ দায়িত্বত থকা মহিলাগৰাকী কালি উপস্থিত নাছিল বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: দিল্লীৰ সুৰা নীতি কেলেংকাৰী: কে কবিতাৰ ন্যায়িক জিম্মা বৃদ্ধি - BRS Leader K Kavitha

ৰাজ্য়ত এদিনৰ বাবে বন্ধ থাকিব সুৰা বিক্ৰী - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.