ETV Bharat / state

জৰাজীৰ্ণ ৰূপত মাজুলীৰ এটা অংগনবাড়ী কেন্দ্ৰ

author img

By

Published : Jun 24, 2022, 6:46 PM IST

bad-condition-of-anganbari-centre-in-majuli
জৰাজীৰ্ণ ৰূপত মাজুলীৰ এটা অংগনবাড়ী কেন্দ্ৰ

হাবি জংঘলেৰে ভৰি পৰিছে এটি অংগনবাড়ী কেন্দ্ৰ (Anganbari Centre) ৷ উজনি মাজুলীৰ ২১৫ নং জামুগুৰি অংগনবাড়ী কেন্দ্ৰটোৱে আজিলৈকে নাপালে এটা স্থায়ী ঘৰ (An Anganwadi center in dilapidated condition in Majuli) । অস্বাস্থ্যকৰ পৰিৱেশত পাঠদান কৰিছে কণ কণ শিশুক ৷ এই ক্ষেত্ৰত কানসাৰ নাই জনপ্ৰতিনিধি কিম্বা সমাজকল্যাণ বিভাগৰ মন্ত্ৰী আমোলাৰ ৷

মাজুলী, 24 জুন: উন্নয়নকামী চৰকাৰৰ দিনত এফালে যদি আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপন, আনফালে আকৌ গোহালী ঘৰ সদৃস পৰিৱেশলৈ পৰিণত হৈছে একাংশ কেন্দ্ৰ ৷ আজি আমি এটি অংগনবাড়ী কেন্দ্ৰ দেখুৱাম যিটো কেন্দ্ৰৰ অৱস্থা দেখিলে আপোনাৰো চকু কপালত উঠিব (Anganbari Centre) ৷ চাৰিটা খুটা, ৫খন টিনপাটেৰে আৱৰা এটি জৰাজীৰ্ণ গৃহ তথা চৌহদৰ চৌদিশ ভৰি পৰা অংগনবাড়ী কেন্দ্ৰ ৷ উজনি মাজুলীৰ অন্তৰ্গত ২১৫ নং জামুগুৰি অংগনবাড়ী কেন্দ্ৰটোতে (An Anganwadi center in dilapidated condition in Majuli) এক অস্বাস্থ্যকৰ পৰিৱেশত পাঠদান কৰিব লগা হৈছে কণ কণ শিশুহঁতক ৷

এক কথাত কবলৈ গ’লে এয়াই যেন সমাজ কল্যাণ বিভাগৰ প্ৰকৃত ছবিখন (Department of Social Welfare)। এনেদৰেই জৰাজীৰ্ণ অৱস্থাত চলিছে অংগনবাড়ী কেন্দ্ৰটোৰ পাঠদান । বতাহ-বৰষুণৰ মাজতে অস্বাস্থ্যকৰ পৰিৱেশত আহাৰ গ্ৰহণ কৰিব লাগে কণ কণ শিশুহঁতে ৷

জৰাজীৰ্ণ ৰূপত মাজুলীৰ এটা অংগনবাড়ী কেন্দ্ৰ

উল্লেখ্য যে, ৰাজ্যৰ শিক্ষা বিভাগে নতুন শিক্ষা নীতি আৰু শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে যিমানেই অভিলাষী আঁচনি ঘোষণা কৰাৰ কথা কৈ আহিছে, সিমানেই বিভাগটোৰ প্ৰকৃত স্বৰূপটোহে উন্মোচিত হৈ অহা পৰিলক্ষিত হৈছে । তাৰে উদাহৰণস্বৰপে উজনী মাজুলীৰ এই জামুগুৰি অংগনবাড়ী কেন্দ্ৰ ৷ প্ৰায় ২০ টিকৈ কণ কণ শিশু থকা কেন্দ্ৰটোত ৰ’দে বৰষুণে এতিয়া অতি দুখলগা অৱস্থাত গ্ৰহণ কৰিবলগীয়া হৈছে শিক্ষা ।

কিন্তু এই ক্ষেত্ৰত কানসাৰ নাই স্থানীয় জনপ্ৰতিনিধি কিম্বা সমাজকল্যাণ বিভাগৰ মন্ত্ৰী-আমোলাৰ ৷ সমানেই গুৰুত্ব নাই স্থানীয় প্ৰশাসনৰো ৷ ২০১০ চনতে আৰম্ভ হোৱা অংগনবাড়ী কেন্দ্ৰটোৱে আজিও নাপালে এটা স্থায়ী ঘৰ । সেয়েহে সংশ্লিষ্ট কৰ্তৃপক্ষই অতি শীঘ্ৰেই বিষয়টো গুৰুত্ব সহকাৰে লৈ এটা স্থায়ীগৃহ স্থাপনৰ বাবে চৰকাৰক দাবী জনাইছে কণ কণ শিশুহঁতৰ অভিভাৱক তথা স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: মধ্যাহ্ন ভোজনৰ চাউলৰ নামত কি খাইছে আপোনাৰ শিশুটিয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.