মধ্যাহ্ন ভোজনৰ চাউলৰ নামত কি খাইছে আপোনাৰ শিশুটিয়ে ?

author img

By

Published : Sep 22, 2021, 8:34 PM IST

Plastic rice in janiyat midday meal rice

চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ বাবে চৰকাৰী বিদ্যালয় সমূহত যোগান ধৰে মধ্যাহ্ন ভোজন ৷ কিন্তু এই মধ্যাহ্ন ভোজন কিমান স্বাস্থ্য সন্মত আপুনি ভাবি চাইছেনে ৷ এই প্ৰতিবেদন পঢ়াৰ পাচত আপোনাৰ চকু কপালত উঠিব ৷

জনীয়া, 22 ছেপ্টেম্বৰ : লাহে লাহে বিদ্যালয়সমূহত আকৌ পাঠদান আৰম্ভ হৈছে ৷ পাঠদানৰ লগে লগে মধ্যাহ্ন ভোজন প্ৰক্ৰিয়াও আৰম্ভ হৈছে ৷ কিয়নো চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মধ্যাহ্ন ভোজন যোগান ধৰে চৰকাৰে ৷ গতিকে দুপৰীয়া ছাত্ৰ-ছাত্ৰীক এমুঠি আহাৰ দিয়া হয় বিদ্যালয়ত ৷

জনীয়াত মধ্যাহ্ন ভোজনৰ চাউলত ওলাল প্লাষ্টিক চাউল

ধৰি লওক আপোনাৰ শিশুটিয়ে বিদ্যালয়ত মধ্যাহ্ন ভোজন গ্ৰহণ কৰিছে ৷ সেয়া ভাতেই হওক বা খিচিৰিয়েই হওক ৷ কিন্তু মুখত দিয়াৰ লগে লগে যেন কিবা এক আচহুৱা অনুভৱ কৰিছে শিশুটিয়ে ৷ ভাত কেইটা যেন ঘৰৰ দৰে নহয় ৷ কিবা প্লাষ্টিক প্লাষ্টিক লাগিছে খাই ৷ ঘৰলৈ আহি যদি আপোনাক শিশুটিয়ে এনেদৰে কয় আপুনি নিশ্চয় আচৰি হ’ব ৷ হয়তো মিছা বুলিও ভাবিব পাৰে ৷ কিন্তু এয়া সঁচা ৷

লক্ ডাউনৰ সময়চোৱাত বিদ্যালয় বন্ধ আছিল যদিও মধ্যাহ্ন ভোজনৰ চাউল ছাত্ৰ-ছাত্ৰীক ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰা হৈছিল ৷ কিন্তু সেই চাউলেই উদঙাইছে এখন ভয়ংকৰ ছবি ৷ ঘটনা সংঘটিত হৈছে জনীয়াত ৷

বৰপেটা জিলাৰ মন্দিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ ১৭২ নং গাগলমাৰী অংগনবাড়ী কেন্দ্ৰত মধ্যাহ্ন ভোজনৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ মধ্যাহ্ন ভোজনৰ নামত কণ কণ শিশুসকলৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ কৰিছে স্থানীয় লোকে ৷

গাগলমাৰী অংগনবাড়ী কেন্দ্ৰটোৰ কৰ্মী মনোৱাৰা খাতুনে শিশুসকলৰ মাজত যোগান ধৰিছিল মধ্যাহ্ন ভোজনৰ চাউল ৷ কিন্তু পূৱ জনীয়া সমবায় সমিতিয়ে শিশুৰ বাবে বিতৰণ কৰা চাউলৰ মাজত ওলাল প্লাষ্টিকৰ চাউল । অংগনবাড়ী কৰ্মীয়ে জনোৱা মতে পূৱ জনীয়া সমবায় সমিতিৰ পৰা যোগান ধৰা হৈছিল চাউলখিনি ।

প্ৰতিজন ছাত্ৰ-ছাত্ৰীক দিয়া চাউলৰ মাজত প্লাষ্টিকৰ চাউল ওলোৱাক কেন্দ্ৰ কৰি অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই ক্ষেত্ৰত সাংবাদিকে অংগনবাড়ী কৰ্মী মনোৱাৰা খাতুনক প্ৰশ্ন কৰাত তেওঁ স্বামীৰ পৰা শুনি শুনি উত্তৰ দিয়ে ।

মনোৱাৰা খাতুনৰ এনে কৰ্মকাণ্ডই এতিয়া আচম্বিত কৰি তুলিছে সচেতন মহলক । স্থানীয় লোকে বিভাগীয় কৰ্তৃপক্ষক পূব জনীয়া সমবায় সমিতি আৰু অংগনবাড়ী কৰ্মীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায় ৷

লগতে পঢ়ক : দালাল ধৰিছে চৰকাৰে; ক্ষমতা দেখুৱাই মোকলাই নিছে বিৰোধী বিধায়কে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.