ETV Bharat / state

Corruption in road construction: নিৰ্মাণ কৰোঁতেই এৰাল ব্লেক টেপিং; ঠিকাদাৰৰ প্ৰতি ৰাইজৰ ক্ষোভ

author img

By

Published : Jul 30, 2023, 12:14 PM IST

মাজুলীত পথ নিৰ্মাণত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ ৷ নিৰ্মীয়মাণ অৱস্থাতে গোৱালগাঁও-পহুমৰা পথটোত বখলা-বখলে এৰাইছে ব্লেক টেপিং ৷

Corruption in road construction in Majuli
চপৰা-চপৰে উঠিছে ব্লেক টেপিং

চপৰা-চপৰে উঠিছে ব্লেক টেপিং

মাজুলী, 30 জুলাই : মাজুলীৰ এটা পথৰ পুনৰ নিৰ্মাণত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । নামনি মাজুলীৰ গুৱাল গাঁৱৰ পৰা পহুমৰা সংযোগী মূল পথটি পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । নিৰ্মীয়মান অৱস্থাতে গোৱালগাঁও-পহুমৰা এই পথটোত বখলা-বখলে এৰাইছে ব্লেক টেপিং ।

পূৰ্বে নিৰ্মাণ কৰা পথ ভাগি যোৱা অংশত চাফা নকৰাকৈ পুনৰ নিৰ্মাণ কৰাৰ অভিযোগ তোলে স্থানীয় লোকে ৷ আনকি পথটো ব্ৰাছ মাৰি চাফ-চিকুন নকৰাকৈ কাম আৰম্ভ কৰাৰ লগতে গাঁতসমূহত বালি আৰু শিলৰ সলনি মাটি ব্যৱহাৰৰ কৰাৰ পৰিণতিত এনেদৰে বখলা-বখলে ব্লেক টেপিং এৰাইছে বুলি জানিবলৈ দিয়ে । পথটো নিৰ্মাণত ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱা বুলি ৰাইজে তোলা অভিযোগৰ ভিত্তিত কিছুদিন পূৰ্বে বিভিন্ন সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছিল । তাৰ পিচতো ঠিকাদাৰ জনৈক পেগুৱে নিজৰ মইমতালিৰে পথটো নিৰ্মাণ কৰাৰ অভিযোগ তুলিছে এই পথটো ।

স্থানীয় ৰাইজৰ প্ৰতিবাদ আৰু বাতৰিলৈ গুৰুত্ব নিদি ঠিকাদাৰ পেগুৱে পথ নিৰ্মাণ কৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ । উল্লেখ কৰা প্ৰয়োজন যে, যোৱা 20 জুলাইতে একাংশ ৰাইজে এই পথটি অনিয়মেৰে নিৰ্মাণ কৰাৰ অভিযোগ তুলি বিভাগীয় অভিযন্তাৰ কাৰ্যালয় ঘেৰাও কৰিছিল । পূৰ্বতে এই পথ মেৰামতিৰ ক্ষেত্ৰতো দুৰ্নীতিৰ অভিযোগ উঠিছে পূৰ্বৰ ঠিকাদাৰৰ ওপৰত । নিয়মানুসাৰে কাম নকৰাৰ পৰিণতিত পথৰ এই অৱস্থা হোৱাত ক্ষোভিত ৰাইজে বন্ধ কৰিছে পথ নিৰ্মাণৰ কাম । অনিয়ম সংঘটিত কৰা ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : Manipur crisis: অবৈধ অনুপ্ৰৱেশকাৰীক ধৰা পেলাবলৈ মণিপুৰত আৰম্ভ বায়’মেট্ৰিক ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.