ETV Bharat / bharat

Manipur crisis: অবৈধ অনুপ্ৰৱেশকাৰীক ধৰা পেলাবলৈ মণিপুৰত আৰম্ভ বায়’মেট্ৰিক ব্যৱস্থা

author img

By

Published : Jul 30, 2023, 7:41 AM IST

মণিপুৰত ম্যানমাৰৰ নাগৰিকৰ বাবে বায়’মেট্ৰিক ব্যৱস্থা ৷ 2023 চনৰ ছেপ্টেম্বৰৰ ভিতৰত ম্যানমাৰৰ অবৈধ অনুপ্ৰৱেশকাৰীক বায়’মেট্ৰিকযোগে ধৰা পেলোৱাৰ বাবে অভিযান আৰম্ভ ৷ 23 জুলাইত ৰাজ্যখনত ধৰা পৰিছিল 718 জন ম্যানমাৰৰ নাগৰিক ৷

bio matric system in manipur for myanmar nationals
মণিপুৰত আৰম্ভ হ’ব বায়’মেট্ৰিক ব্যৱস্থা

অবৈধ অনুপ্ৰৱেশকাৰীক ধৰা পেলাবলৈ মণিপুৰত আৰম্ভ বায়’মেট্ৰিক ব্যৱস্থা

তেজপুৰ, 30 জুলাই : মণিপুৰত ম্যানমাৰৰ নাগৰিক প্ৰৱেশৰ বাবে এতিয়াৰে পৰা প্ৰয়োজন হ’ব বায়’ মেট্ৰিক ব্যৱস্থাৰ ৷ মণিপুৰৰ গৃহ বিভাগৰ যুটীয়া সচিব পিটাৰ ছালামে ইটিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোন সাক্ষাতত কয় যে, গৃহ মন্ত্ৰালয়ে নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ (এনচিআৰবি) এটা দল প্ৰেৰণ কৰি ৰাজ্য চৰকাৰৰ বিষয়াসকলক অবৈধ ম্যানমাৰৰ অনুপ্ৰৱেশকাৰীৰ বায়’মেট্ৰিক তথ্য সংগ্ৰহৰ ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰিছে । সকলো জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক এই বিষয়ে অৱগত কৰা হৈছে আৰু পুংখানুপুংখভাবে পূৰ্বৰ ধৰা অক্ষুণ্ণ ৰাখিবৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশত 2023 চনৰ ছেপ্টেম্বৰৰ ভিতৰত মণিপুৰত ম্যানমাৰৰ অবৈধ অনুপ্ৰৱেশকাৰীক বায়’মেট্ৰিকযোগে ধৰা পেলোৱাৰ অভিযান সম্পূৰ্ণ কৰিবলৈ মণিপুৰ চৰকাৰে পুনৰ আৰম্ভ কৰিছে বুলি ৰাজ্যখনৰ ন’ডেল বিষয়া যুটীয়া সচিব (গৃহ) পিটাৰ ছালামে জনায় ৷

bio matric system in manipur for myanmar nationals
অবৈধ অনুপ্ৰৱেশকাৰীক ধৰা পেলাবলৈ মণিপুৰত আৰম্ভ বায়’মেট্ৰিক ব্যৱস্থা

মণিপুৰৰ বিষয়াসকলক প্ৰশিক্ষণ প্ৰদানৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ে নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ এটা বিষয়াৰ দল ইতিমধ্যে ইম্ফলৰ সাজিৱাত স্থাপন হোৱা বিদেশী চিনাক্ত কেন্দ্ৰত বায়’মেট্ৰিকযোগে ধৰা পেলোৱা অনুশীলনত ৰাজ্য চৰকাৰৰ বিষয়াসকলক শনিবাৰে সহায় আগবঢ়ায় বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

28 জুলাইত ৰাজ্যখনৰ ন’ডেল বিষয়াগৰাকীয়ে জিলাসমূহৰ সকলো আৰক্ষী অধীক্ষকক 2023 চনৰ ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব পৰাকৈ ৰাজ্যখনত অবৈধ ম্যানমাৰৰ অনুপ্ৰৱেশকাৰীৰ বাবে বায়’মেট্ৰিক অভিযান তৎক্ষণাত আৰম্ভ কৰিবলৈ আহ্বান জনায় । উল্লেখ্য যে, চুবুৰীয়া দেশখনৰ খাম্পাত চলি থকা সংঘৰ্ষৰ বাবে 23 জুলাইত মণিপুৰৰ চাণ্ডেল জিলাৰ অন্তৰ্গত নিউ লাজাঙত প্ৰৱেশ কৰাৰ সময়ত 209 জন পুৰুষ, 208 জন মহিলা আৰু 301 টা শিশুসহ মুঠ 718 জন ম্যানমাৰ নাগৰিক ধৰা পৰিছিল ।

এই খবৰ পোহৰলৈ অহাৰ পিছতে কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ মাজত এক উদ্বেগজনক পৰিৱেশ বিৰাজ কৰিছে আৰু গৃহ মন্ত্ৰণালায়ৰ পূৰ্বৰ নীতি বাহাল ৰাখিবলৈ সীমান্তত থকা অসম ৰাইফালফছক পুংখানুপুংখ চাবলৈ নিৰ্দেশ জাৰি কৰিছে বুলি পিটাৰ ছালামে জনায় ।

লগতে পঢ়ক : Lok Sabha Speaker Meghalaya visit:মণিপুৰৰ ঘটনাক অত্যন্ত বেদনাদায়ক আখ্যা লোকসভাৰ অধ্যক্ষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.