ETV Bharat / state

বাংগালুৰুত মৃত্যু অসমৰ যুৱকৰ

author img

By

Published : May 12, 2020, 3:19 PM IST

বাংগালুৰুত এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত নাৰায়ণপুৰৰ এজন যুৱকে দুৰ্ঘটনাত পতিত হৈ মৃ্ত্যুক সাৱটি লয় । যুৱকজনৰ আকস্মিক মৃত্যুত শোকত ভাগি পৰিছে দৰিদ্ৰ পৰিয়ালটো ।

youth of assam died in bangalore
youth of assam died in bangalore

বিহপুৰীয়া, 12 মে': লক্ ডাউনৰ মাজতে বাংগালুৰুত মৃত্যুক সাৱটি লয় নাৰায়ণপুৰৰ এজন যুৱকে । যুৱক জন ধলপুৰৰ ৰজাবাৰী গাঁৱৰ ফুকন বৰুৱা নামৰ লোকজনৰ পুত্ৰ দুৰ্লভ বৰুৱা বুলি জানিব পৰা গৈছে । বাংগালুৰুত এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল যুৱকজন । দেওবাৰে এক পথ দুৰ্ঘটনাত আক্ৰান্ত হোৱাৰ পিচতে 22 বছৰীয়া যুৱকজনক চিকিৎসাধীন কৰোৱা হৈছিল বাংগালুৰুৰ নিমহান হাস্পতালত ।

বাংগালুৰুত মৃত্যু অসমৰ যুৱকৰ

মঙলবাৰে পুৱা যুৱকজনৰ মৃত্যুৰ খবৰ লাভ কৰে পৰিয়ালৰ লোকে । যুৱকজনৰ আকস্মিক মৃত্যুত শোকত ভাগি পৰিছে দৰিদ্ৰ পৰিয়ালটো । সম্প্ৰতি পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী লোক জনৰ মৃতদেহ ঘৰলৈ অনাৰ বাবে চৰকাৰ তথা স্বাস্থ্য মন্ত্ৰীৰ সহায় বিচাৰিছে পৰিয়ালৰ লোকে ।

লগতে পঢ়কঃ তামিলনাডুত আৱদ্ধ অসমৰ ছাত্ৰীৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.