ETV Bharat / state

ৰাজ্যৰ ১৯ জিলাত ১০ ডিচেম্বৰত পলিঅ' অভিযান

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 6:05 PM IST

ৰাজ্যৰ ১৯ খন জিলাত পুনৰ চলিব পলিঅ' অভিযান । ২০১৪ চনতে পলিঅ'মুক্ত ভাৰত ঘোষণা কৰা হ'লেও চুবুৰীয়া দেশৰ পৰা ৰোগ সংক্রমণৰ আশংকা কৰি পলিঅ' অভিযান চলাই ৰাখিবলগীয়া হৈছে ।

pulse polio immunization drive Assam
ৰাজ্যৰ ১৯ জিলাত ১০ ডিচেম্বৰত পলিঅ অভিযান

১০ ডিচেম্বৰত ৰাজ্যৰ ১৯ জিলাত পলিঅ অভিযান

লখিমপুৰ, ৭ ডিচেম্বৰ : ৰাজ্যৰ ঊনৈশখন জিলাত পুনৰ চলিব পলিঅ' অভিযান । অহা ১০ ডিচেম্বৰত ৰাজ্যৰ এই ঊনৈশখন জিলাত পুনৰ চলিব পলিঅ' অভিযান । আনহাতে, ১০ ডিচেম্বৰত আৰম্ভ হোৱা এই অভিযান পৰৱৰ্তী দুটা দিন ১১ আৰু ১২ ডিচেম্বৰতো অব্যাহত থাকিব । লখিমপুৰ জিলাসহ মুঠ ১৯ খন জিলাত চলিব এই পলিঅ' অভিযান ।

উল্লেখ্য যে ২০১৪ চনতে ভাৰতক পলিঅ'মুক্ত বুলি ঘোষণা কৰা হৈছিল । কিন্তু চুবুৰীয়া পাকিস্তান, আফগানিস্তান আদি দেশত এই ৰোগৰ সংক্রমণ এতিয়াও হৈ আছে । ফলত তেনে দেশৰ পৰা ভাৰতলৈ ৰোগ বিয়পিব পাৰে বুলি আশংকা কৰা হৈছে । তাৰ বাবেই দেশক পলিঅ'মুক্ত বুলি ঘোষণা কৰিলেও পলিঅ' অভিযান চলাই ৰাখিবলগীয়া হৈছে ।

ইয়াৰে অংশ হিচাপে অসমত সংক্রমণ ঘটাৰ আশংকা থকা ১৯ খন জিলাত পুনৰ পলিঅ' অভিযান চলাবলৈ লোৱা হৈছে । লখিমপুৰত জিলা স্বাস্থ্য বিভাগে বৃহস্পতিবাৰে এক সংবাদমেল আয়োজন কৰি জিলাখনত চলিবলগীয়া পলিঅ' অভিযানৰ বিষয়ে সদৰী কৰে । উল্লেখ্য এই অভিযানৰ অংশ হিচাপে জিলাখনত পাঁচ বছৰ বয়সৰ তলৰ ১ লাখ ৩৮ হেজাৰ ৩৬৯ গৰাকী শিশুক পলিঅ'ৰ পালি সেৱন কৰোৱাৰ লক্ষ্য লোৱা বুলি উল্লেখ কৰা হয় ।

আনহাতে, এই অভিযানত ৩ হেজাৰ ৪০০ স্বাস্থ্যকৰ্মীক নিয়োগ কৰা হৈছে বুলি সংবাদ মেলখনত জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে । জিলাখনত মুঠ ৮৭৩ টা পলিঅ' বুথত শিশুসকলক পলিঅ' সেৱন কৰোৱা হ'ব । ইয়াৰ বাবে তেওঁলোকে সকলো ৰাইজৰ সহযোগিতা কামনা কৰে । সংবাদমেলখনত স্বাস্থ্য বিষয়া ডাঃ তৰুণ কুমাৰ দেউৰী, হেমেন পাক্ৰাং, গৌতম ভৰালী, মিডিয়া বিভাগৰ লখিমী চুতীয়া আদিয়ে অংশগ্রহণ কৰে ।

লগতে পঢ়ক :২৩ গৰাকী সাহিত্যিকক ২০২৩ বৰ্ষৰ সাহিত্যিক পেঞ্চন প্ৰদান‌ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.