ETV Bharat / state

নাওবৈচা মণ্ডল বিজেপিৰ জনসম্পৰ্ক অভিযান

author img

By

Published : Feb 27, 2021, 7:40 AM IST

Updated : Mar 2, 2021, 1:01 PM IST

সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হোৱা এই অভিযানৰ অংশ হিচাপে উত্তৰ অসমৰ অন্যতম সমষ্টি তথা এসময়ত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই প্ৰতিনিধিত্ব কৰা ১১০ নং নাওবৈচা বিধানসভা সমষ্টিটো বিজেপিয়ে জনসম্পৰ্ক অভিযান আৰম্ভ কৰিছে ৷

নাওবৈচা মণ্ডল বিজেপিৰ জনসম্পৰ্ক অভিযান
নাওবৈচা মণ্ডল বিজেপিৰ জনসম্পৰ্ক অভিযান

নাওবৈচা,27 ফেব্ৰুৱাৰী: সমাগত অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসক দল বিজেপিয়ে আৰম্ভ কৰিছে জনসম্পৰ্ক অভিযান কাৰ্যসূচী ৷ সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হোৱা এই অভিযানৰ অংশ হিচাপে উত্তৰ অসমৰ অন্যতম সমষ্টি তথা এসময়ত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই প্ৰতিনিধিত্ব কৰা ১১০ নং নাওবৈচা বিধানসভা সমষ্টিটো বিজেপিয়ে জনসম্পৰ্ক অভিযান আৰম্ভ কৰিছে ।

নাওবৈচা মণ্ডল বিজেপিৰ জনসম্পৰ্ক অভিযান

উল্লেখযোগ্য যে, 2021 ত এইবাৰ সমষ্টিটো যাতে দখল কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছে বিজেপি । দলটোৰ পৰা ইতিমধ্যে সমষ্টিটোত ৯ জনে প্ৰাৰ্থিত্ব বিচাৰি নিজ শক্তি প্রদর্শনত নামি পৰা পৰিলক্ষিত হৈছিল । শুকুবাৰে বিজেপিৰ এই পৰিয়াল সৰ্ম্পকৰ অভিযান আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে নাওবৈচা মণ্ডল বিজেপিয়ে । নাওবৈচা মণ্ডল বিজেপিৰ সভাপতি ৰঞ্জিত পাৱেৰ নেতৃত্বত বিজেপিৰ কাৰ্যকৰ্তাসকলে সমষ্টিটো মিচিং লোকৰ বসতি প্ৰধান জৰীগুৰি গাঁৱত কেইবাটাও পৰিয়ালৰ ঘৰত উপস্থিত হৈ এই অভিযান আৰম্ভ কৰে ।

মন কৰিবলগীয়া যে, দলৰ এই পৰিয়াল সম্পৰ্ক কাৰ্যসূচীৰ জৰিয়তে বিগত পাঁচ বছৰত বিজেপি চৰকাৰে হাতত লোৱা উন্নয়নমূলক কামৰ খতিয়ানৰ এক তালিকা পৰিয়াল সমূহৰ মাজত প্ৰদান কৰিছে দলটোৱে ৷ উল্লেখ্য যে, বিজেপিয়ে সোমবাৰৰ পৰা এই বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছে ৷ নাওবৈচা মণ্ডল বিজেপিৰ কাৰ্যকৰ্তাসকলে জৰীগুৰি গাঁৱৰ সাধাৰণ লোকৰ মাজত বিজেপিয়ে বিগত সময়ত ৰূপায়ন কৰা উজ্জ্বলা আঁচনি, অৰুণোদয়, আইদেউ সন্দিকৈ, স্বয়ম আঁচনিৰ বিষয়ে অৱগত কৰি আগন্তুক দিনসমূহত আৰু বিজেপি চৰকাৰে জনকল্যাণ আঁচনি গ্ৰহণ কৰি সকলোকে সম মৰ্যদা ,সম বিকাশে ৰাজ্যখনক আগুৱাই নিব বুলি অৱগত কৰে । এই কাৰ্যসূচীত নাওবৈচা মণ্ডল বিজেপিৰ উপ-সভাপতি লোকপ্ৰসন্ন বৰুৱা, সাধাৰণ সম্পাদক তেজেন বৰা, লখিমপুৰ জিলা বিজেপিৰ প্ৰাক্তন উপ-সভাপতি নাৰায়ণ বৰুৱাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়কঃ বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান

Last Updated :Mar 2, 2021, 1:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.