ETV Bharat / state

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

author img

By

Published : Dec 9, 2019, 3:39 PM IST

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি আহ্বান জনোৱা অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ সৰ্বত্ৰ অসমত ৷ কোনো কাৰণতে অসমীয়াই এই বিধেয়ক মানি নলয় বুলি দাবী প্ৰতিবাদকাৰীৰ ৷ বন্ধৰ সম্পূৰ্ণ ওলোটা প্ৰভাৱ দেখিবলৈ পোৱা গ'ল ডিমা হাছাওতো ৷ লখিমপুৰ জিলাত সম্পূৰ্ণৰূপে আছে বন্ধ যান বাহনৰ চলাচল ৷ নাজিৰাৰ বিভিন্ন স্থানত বন্ধৰ সমৰ্থন জনাই পুৱাই টায়াৰ জ্বলাই প্ৰতিবাদ ৷ গোৱালপাৰা আৰু বঙাইগাঁৱতো অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ৷ চিৰাং জিলাৰ সৰ্বত্ৰে বন্ধৰ প্ৰভাৱ ৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল ৰাজ্য
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল ৰাজ্য

লখিমপুৰ, 9 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি আহ্বান জনোৱা অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ সৰ্বত্ৰ অসমত ৷ লখিমপুৰ জিলাত সম্পূৰ্ণৰূপে বন্ধ যান বাহনৰ চলাচল ৷ বন্ধ আছে সকলো ব্যৱসায়িক প্ৰতিস্থান ৷ লগতে চৰকাৰী কাৰ্যালয় সমুহত দেখা গৈছে কৰ্মচাৰীৰ সেৰেঙা উপস্থিতি ৷

লখিমপুৰ জিলাত সম্পূৰ্ণৰূপে বন্ধ যান বাহনৰ চলাচল

গোৱালপাৰাঃ ইফালে গোৱালপাৰা আৰু বঙাইগাঁৱতো অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা গ'ল ৷

গোৱালপাৰা আৰু বঙাইগাঁৱতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

নাজিৰাঃ শিৱসাগৰ জিলাৰ নাজিৰাৰ বিভিন্ন স্থানত বন্ধৰ সমৰ্থন জনাই পুৱাই টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে একাংশই ৷ কোনো কাৰণতে অসমীয়াই এই বিধেয়ক মানি নলয় বুলি দাবী কৰে প্ৰতিবাদকাৰী সকলে ৷ বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তুলে প্ৰতিবাদকাৰী সকলে ৷

নাজিৰাত টায়াৰ জ্বলাই প্ৰতিবাদ

চিৰাংঃ যদিও বিটিচিত কেব প্ৰযোজ্য নহ'ব বুলি কোৱা হৈছিল তাৰ পিচতো চিৰাং জিলাৰ সৰ্বত্ৰে বন্ধৰ প্ৰভাৱ দেখিবলৈ পোৱা গ'ল ৷ কিন্তু সেই প্ৰতিবাদ দেখিবলৈ পোৱা গ'ল কোঁচ-ৰাজবংশীৰ সকলৰ জনজাতিকৰণৰ দাবীতহে ৷

লখিমপুৰ জিলাত সম্পূৰ্ণৰূপে বন্ধ যান বাহনৰ চলাচল

ডিমা হাছাওঃ বন্ধৰ সম্পূৰ্ণ ওলোটা প্ৰভাৱ দেখিবলৈ পোৱা গ'ল ডিমা হাছাওতো ৷ সমগ্ৰ অসমতে কেব বিৰোধী প্ৰতিবাদে তোলপাৰ লগাই থকা সময়ত অসমৰ একমাত্ৰ পাহাৰীয়া জিলা ডিমা হাছাওত কেব সম্পৰ্কীয় কোনো ক্ৰিয়া-প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা নগ'ল জিলাখনত ৷

সম্পূৰ্ণ ওলোটা প্ৰভাৱ ডিমা হাছাওত

লগতে পঢ়ক: কেবক লৈ জ্বলিছে অসম: ৰাজ্যজুৰি আছুৰ জোঁৰ সমদল

Intro:নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি আহ্বান জনোৱা আহ্বান জনোৱা অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ লখিমপুৰ জিলাত।


Body:জিলাখনত সম্পূৰ্ণ ৰুপে বন্ধ যান বাহনৰ চলাচল। বন্ধ আছে সকলো ব্যৱসায়িক প্ৰতিস্থান। চৰকাৰী কাৰ্যালয় সমুহত দেখা গৈছে কৰ্মচাৰী ৰ সেৰেঙা উপস্থিতি।


Conclusion:বন্ধ।সমৰ্থক সকল ওলাই আহি চৰকাৰ বিৰুধী প্ৰতিবাদ অব্যাহত ৰখাৰ লগতে চৰকাৰক হুংকাৰ কোনো কাৰণত মানি লোৱা নহব নাগৰিকত্ব সংশোধনী বিধেয়ক।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.