ETV Bharat / city

কেবক লৈ জ্বলিছে অসম: ৰাজ্যজুৰি আছুৰ জোঁৰ সমদল

author img

By

Published : Dec 9, 2019, 12:32 AM IST

ৰাজ্যত ক্ৰমান্বয়ে তীব্ৰতৰ হৈছে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলন ৷ কেবক লৈ সমুখ সমৰত চৰকাৰ-অসমীয়া ৷ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ কেব বাতিলৰ দাবীত আছুৰ জোঁৰ সমদল ৷ গুৱাহাটীত আছু উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যৰ হুংকাৰ, "অসমীয়াৰ আৱেগৰ লগত খেলা কৰি আগেও উফৰি গৈছে বহু চৰকাৰ, আপোনালোকো উফৰি যাব" ৷

কেবক লৈ জ্বলিছে অসম: ৰাজ্যজুৰি আছুৰ জোঁৰ সমদল
কেবক লৈ জ্বলিছে অসম: ৰাজ্যজুৰি আছুৰ জোঁৰ সমদল

নিউজ ডেস্ক,8 ডিচেম্বৰ: ৰাজ্যত ক্ৰমাৎ তীব্ৰতৰ হৈছে কেব বিৰোধী আন্দোলন ৷ বিগত দিনকেইটাৰ দৰে দেওবাৰেও ৰাজ্যৰ বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম উত্তাল হ'ল জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনত ৷ দেওবাৰে ৰাজ্যজুৰি আছু আৰু 30 টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ আহ্বানত জোঁৰ লৈ ৰাজপথলৈ ওলাই আহিল কেব বিৰোধী অসমীয়া ৷

মহানগৰীত এক বৃহৎ জোঁৰ সমদল বাহিৰ কৰি কেব বাতিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক হুংকাৰ আছুৰ ৷ এই সমদলত ৰাইজৰ স্বতস্ফূৰ্ত অংশগ্ৰহণৰ মাজত সংগঠনটোৰ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য, সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈ, আৰু সভাপতি দীপাংক নাথৰ নেতৃত্বত সহস্ৰাধিক লোকে শ্বহীদ ন্যাসৰ পৰা দীঘলীপুখুৰীলৈ হাতত জোঁৰ লৈ সমদল কৰে ৷ সাংবাদিকৰ আগত সমুজ্জল ভট্টাচাৰ্যই ক্ষোভ প্ৰকাশ কৰি ক'লে মুখ্যমন্ত্ৰী আসনত বহিবলৈ পায় জাতিক পাহৰিলে সৰ্বানন্দ সোণোৱালে ৷

সমুজ্জল ভট্টাচাৰ্যৰ হুংকাৰ, "অসমীয়াৰ আৱেগৰ লগত খেলা কৰি আগেও উফৰি গৈছে বহু চৰকাৰ, আপোনালোকো উফৰি যাব"

দেওবাৰৰ দিনটোতে কেবৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদত উত্তাল হ'ল তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্ত ৷ জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে তিনিচুকীয়া চহৰত প্ৰায় 2 সহস্ৰাধিক লোকৰ অংশগ্ৰহণৰে চহৰখনৰ আকাশ-বতাহ কঁপাই তুলিলে ছাত্ৰ সংগঠনটোৱে ৷ এই প্ৰতিবাদত দিনৰ ভাগতেই চহৰৰ সমূহ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদত যোগদান কৰে তিনিচুকীয়াবাসীয়ে ৷ সমান্তৰালভাৱে কেবৰ প্ৰতিবাদত ডবা-শংখ লগত লৈ গাঁৱে-ভূঞে শ্বহীদ বেদী পৰিভ্ৰমণ কৰাই প্ৰচণ্ড শীতকো নেওচি ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰিলে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই ৷ য'ত ৰাইজে দিলে ব্যাপক গণসমৰ্থন ৷ একেদৰে কেব বাতিলৰ দাবীত কাকপথাৰতো আছুৰ উদ্যোগত সাব্যস্ত কৰা হ'ল বৃহৎ প্ৰতিবাদ ৷ য'ত অংশলৈ প্ৰতিবাদকাৰী সকলে হিন্দু বাংলাদেশী আহিলে হব পৰা যিকোনো ভয়ংকৰ পৰিস্থিতিৰ বাবে চৰকাৰক সাজু থাকিবলৈ আহ্বান জনালে ৷

তিনিচুকীয়া-মাৰ্ঘেৰিটাত আছুৰ আহ্বানত ওলাই আহিল অসমীয়া

কেবৰ বিৰুদ্ধে পাঁচ সহস্ৰাধিক ৰাইজৰ প্ৰতিবাদত কঁপিল মুখ্যমন্ত্ৰীৰ গৃহ চহৰ চাবুৱা ৷ চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰায় 5 সহস্ৰাধিক ৰাইজে জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে ওলাই আহি চৰকাৰ বিৰোধী শ্লগানেৰে অৱৰোধ কৰিলে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ এই প্ৰতিবাদৰ সময়ছোৱাত অঘোষিতভাৱে বন্ধ হৈ পৰিল সমগ্ৰ চাবুৱা চহৰ ৷ ঠিক একেদৰে টিংখাঙতো কেবৰ বিৰুদ্ধে আছুৰ আহ্বানত ওলাই আহিল সহস্ৰাধিক পুৰুষ-মহিলা যাৰ ফলত অচল হৈ পৰিল বৃহত্তৰ ৰাজগড় অঞ্চল ৷

মুখ্যমন্ত্ৰীৰ গৃহ চহৰত কেবৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

আছু আৰু 30 টা সংগঠনৰ আহ্বানত দেওবাৰে কেব বিৰোধী শ্লগানে কঁপালে অসমৰ শৈক্ষিক নগৰী যোৰহাট জিলাৰ আকাশ-বতাহ ৷ টীয়কত কেবৰ বিৰুদ্ধে গাঁৱে গাঁৱে জোঁৰ সমদল কৰিলে আছুৱে লগতে ঠাইে ঠাইে ৰাইজক সজাগ কৰিবৰ বাবে আয়োজন কৰিলে পথসভাৰ ৷ ইফালে, অৱশেষত জাতিধ্বংসী কেবৰ বিৰুদ্ধে ৰাজপথলৈ ওলাল উজনি অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান জে বি কলেজৰ ছাত্ৰ-ছাত্ৰী ৷ আছুৰ আহ্বানত মহাবিদ্যালয়খনৰ পৰা আৰম্ভ হোৱা জোৰ সমদলত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰি উত্তাল কৰি তুলিলে যোৰহাট চহৰ ৷ প্ৰতিবাদকাৰীসকলৰ স্পষ্টমত 855 ছহিদৰ ত্যাগক আওকাণ কৰি অসমীয়াই কোনো কাৰণত মানি নলয় অসাংবিধানীক,সাম্প্ৰদায়িক নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি মাজুলীতো কেবৰ বিৰুদ্ধে আছুৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ কৰা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে ৷ মাজুলীৰ বনগাঁৱত সাব্যস্ত কৰা হৈছে এই প্ৰতিবাদ ৷

কেব বিৰোধী শ্লগানেৰে কঁপিল যোৰহাটৰ আকাশ-বতাহ

ধেমাজি জিলাৰ জোনাইতো কেব বাতিলৰ দাবীত আছুৱে বাহিৰ কৰিলে বৃহৎ জোঁৰ সমদল ৷ এই প্ৰতিবাদত ডেকাপাম অঞ্চলৰ বুদ্ধিজীৱী, সমাজকৰ্মী, যুৱক-যুৱতী, কৃষক সকলোৱে অংশগ্ৰহণ কৰি খিলঞ্জীয়া বিৰোধী কেব মানি লোৱা নহ'ব, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ, শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ একেদৰে নগাঁও জিলাৰ ৰহাতো, ৰহা আৰু চাপৰমুখ আছুৰ যৌথ উদ্যোগত কেবৰ বিৰুদ্ধে বাহিৰ কৰা হয় বৃহৎ জোঁৰ সমদল ৷

ধেমাজি আৰু ৰহাত কেব বাতিলৰ দাবীত ৰাজপথত অসমীয়া

ৰাজ্যজুৰি হোৱা কেব বিৰোধী প্ৰতিবাদৰ পৰা বাদ পৰি যোৱা নাই পাহাৰীয়া জিলা কাৰ্বি আংলঙো ৷ দেওবাৰে আছুৰ উদ্যোগত জিলাখনৰ ডিফু, বোকাজান, পাৰখোৱাত আছুৱে বাহিৰ কৰে বিশাল জোঁৰ সমদল ৷ সমদলত অংশগ্ৰহণকাৰী প্ৰতিবাদকাৰীসকলে তাল বজাই ’নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক’, ’বিজেপি হায় হায়’, ’আহ ঐ আহ ওলাই আহ’, ’দে খেদি দে খেদি দে বাংলাদেশী খেদি দে’ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । চাপৰমুখ টাউন প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী যাত্ৰাই টাউনখনৰ সকলো অঞ্চলকে সামৰি লয়, য'ত অংশগ্ৰহণ কৰে শতাধিক লোকে ৷

ডিফুত কেবৰ বিৰুদ্ধে আছুৰ বৃহৎ প্ৰতিবাদ

বিটিএডিটো প্ৰভাৱ পেলাইছে কেব বিৰোধী আন্দোলনে ৷ ৰাজ্যৰ আন প্ৰান্তৰ লগতে দেওবাৰে বাক্সাৰ তামুলপুৰতো কেবৰ বিৰুদ্ধে জোঁৰ সমদলেৰে উত্তাল কৰি তুলিলে আছুৱে ৷ প্ৰতিবাদকাৰী সকলে হাতে হাতে জোৰ আৰু তাল লৈ নাগৰিকত্ব আইন ২০১৬ বাতিল কৰক, তেজ খোৱা বিজেপি হুছিয়াৰ, ভাৰত চৰকাৰ হায় হায়, অমিত শ্বাহ মুৰ্দাবাদ, ধ্বনি দি তামুলপুৰৰ আকাশ বতাহ উত্তাল কৰি তোলে ৷ একেদৰে ধুবুৰী চহৰতো দক্ষিণ শালমাৰা মানকাচৰ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত কেবৰ বিৰুদ্ধে বাহিৰ হ'ল জোৰ সমদল য'ত অংশ লৈ ফেচীবাদী কায়দাৰে কেন্দ্ৰীয় চৰকাৰে অসমীয়াৰ অস্তিত্ব শেষ কৰি জাপি দিব খোজা কেবৰ তীব্ৰ বিৰোধিতা কৰিলে প্ৰতিবাদী ৰাইজে ৷

তামুলপুৰত আছুৰ প্ৰতিবাদৰ এটি দৃশ্য
তামুলপুৰত আছুৰ প্ৰতিবাদৰ এটি দৃশ্য

আৰু পঢ়ক: এইবাৰ কেবৰ বিৰুদ্ধে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ "ৰণদুন্দুভি"

Intro: শ্বহীদ ন্যাসৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৰ জোঁৰ সমদল ।জোঁৰ সমদলৰ জড়িয়তে কেন্দ্ৰীয় চৰকাৰলৈ হুংকাৰ আছুৰ। এই সমদলত আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য, সাধাৰণ সম্পাদক লোড়িন জ্যোতি গগৈ, আৰু আছুৰ সভাপতি দীপাংক নাথ ৰ লগতে উপস্থিত থাকে সহস্ৰাধিক লোক। শ্বহীদ ন্যাসৰ পৰা দীঘলীপুখুৰী লৈ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত উলিওৱা হয় এই জোঁৰ সমদল।


Body:কোনো কাৰণত কেব মানি লোৱা নহব বুলি সংবাদমাধ্যমৰ জনালে আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য্যই। লগতে মুখ্যমন্ত্ৰীক জনসাধাৰণৰ কণ্ঠক ৰোধ কৰাৰ যি অপচেষ্টা কৰিছে সেয়া কেতিয়াও সম্ভৱ নহয় বুলি স্পষ্ট ভাষাৰে প্ৰকাশ কৰিছে। লগতে প্ৰতিবাদৰ পৰাই তেওঁ যে আজি মুখ্যমন্ত্ৰী আসনত বহিবলৈ পাইছে সেই কথা সোঁৱৰাই দিয়ে সমজ্জুল কুমাৰ ভট্টাচাৰ্যই।
Bite:- সমুজ্জল


Conclusion:কাইলৈ লোকসভাত উত্থাপন কৰা হব জাতিধংসী নাগৰিকত্ব সংশোধনী বিধেয়ক । সমগ্ৰ অসমে কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকাৰ মাজত এই বিধেয়ক গৃহীত হব নে বাতিল হব সেই লৈ এতিয়া সমগ্ৰ ৰাজ্যত চেপা উৎকণ্ঠই বিৰাজ কৰিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.