ETV Bharat / state

Fake gold seized in Lakhimpur:লখিমপুৰত আনন্দ বাহিনীৰ টাৰ্গেট নকল সোণ বেপাৰী

author img

By

Published : Aug 16, 2023, 3:16 PM IST

Fake gold seized in Lakhimpur
লখিমপুৰত আনন্দ বাহিনীৰ টাৰ্গেট নকল সোণ বেপাৰী

লখিমপুৰত এতিয়াও দপদপাই আছে নকল সোণৰ ব্যৱসায়ী ৷ লখিমপুৰৰ বঙালমৰা আৰু নাওবৈচাত আৰক্ষীৰ জালত নকল সোণ ব্যৱসায়ী ৷ নকল সোণৰ নাও আৰু নগদ ৫০ হাজাৰ টকা জব্দ নছিম উদ্দিনৰ বাসগৃহৰ পৰা ৷

লখিমপুৰত আনন্দ বাহিনীৰ টাৰ্গেট নকল সোণ বেপাৰী

বিহপুৰীয়া,16 আগষ্ট: বৰ্তমানেও লখিমপুৰ জিলাত দপদপাই আছে নকল সোণৰ ব্যৱসায়ী । নকল সোণ ব্যৱসায়ীৰ বিৰুদ্ধে লখিমপুৰৰ বঙালমৰা আৰু নাওবৈচাত আৰক্ষীয়ে পুনৰ এক অভিযান চলাই । নকল সোণ ব্যৱসায়ীৰ বিৰুদ্ধে চলোৱা এই অভিযানত বঙালমৰাৰ ১ নং আহমেদপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মিৰাজ আলী নামৰ লোকজনক । নকল সোণ ব্যৱসায়ী মিৰাজ আলীৰ স্বীকাৰোক্তিত পুনৰ নিশাই আৰক্ষীয়ে নাওবৈচাৰ মহঘুলিত অভিযান চলাই ৷ বঙালমৰা আৰু নাওবৈচা আৰক্ষীয়ে মহঘুলিৰ নছিম উদ্দিনৰ বাসগৃহত চলাই অভিযান চলাই বৃহৎ পৰিমাণৰ নকল সোণ জব্দ কৰে ৷ নছিম উদ্দিনৰ বাসগৃহৰ পৰা জব্দ কৰে নকল সোণৰ নাও আৰু নগদ ৫০ হাজাৰ টকা ।

দীৰ্ঘ দিন ধৰি লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত চলি আহিছে নকল সোণৰ বেহা ৷ কিন্তু নকল টকা, নকল সোণ আৰু ড্ৰাগছৰ ব্যৱসায় উৎখাত চলাবলৈ এখোজ আগুৱাই দুখোজ পিচলৈ ওভতি আহিব লগা হয় লখিমপুৰ আৰক্ষী ৷ আনহাতে এই সমূহত চক্ৰৰ উৎখাতৰ বাবে লখিমপুৰ জিলালৈ আৰক্ষী অধীক্ষক হিচাপে আৰক্ষী বিষয়া আনন্দ মিশ্ৰক কিছু দিন পূৰ্বে নিযুক্ত দিয়া হৈছিল ।

এইগৰাকী আৰক্ষী বিষয়াই আৰক্ষী অধীক্ষক হিচাপে লখিমপুৰত যোগদান কৰাৰ পিচতে জিলাখনত নকল সোণ আৰু নকল টকাৰ ব্যৱসায়ৰ লগত জড়িত লোকে আত্মসমৰ্পন কৰাৰ জোৱাৰ উঠিছিল । আৰক্ষী বিষয়া গৰাকীয়েও এই সমূহ ব্যৱসায় চক্ৰ উৎখাত কৰাৰ ক্ষেত্ৰত বিশেষ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছিল আৰু বহু ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছিল । আনকি শেহতীয়াকৈ এনকাউণ্টাৰৰ দৰে ঘটনাও সংঘটিত হৈছিল । তথাপিও কিন্তু জিলাখনত বন্ধ হোৱা নাই এই সমূহ কাৰ্যকলাপ ।

লগতে পঢ়ক:Encounter in Lakhimpur: পুনৰ এক্সন মুডত SP আনন্দ মিশ্ৰ; বঙালমৰাত নিশা আৰক্ষীৰ গুলীত আহত আনাৰুল ইছলাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.