Encounter in Lakhimpur: পুনৰ এক্সন মুডত SP আনন্দ মিশ্ৰ; বঙালমৰাত নিশা আৰক্ষীৰ গুলীত আহত আনাৰুল ইছলাম

By

Published : Aug 14, 2023, 8:48 AM IST

thumbnail

লখিমপুৰ, 14 আগষ্ট : আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ যোগদানৰ পাচত লখিমপুৰত প্ৰথমবাৰলৈ চলিল আৰক্ষীৰ গুলী । আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ যোগদানৰ পিচত দেওবাৰে নিশা প্ৰায় 10 বজাত লখিমপুৰত প্ৰথমটো এনকাউন্টাৰৰ ঘটনা সংঘটিত হয় ৷ লখিমপুৰৰ বঙালমৰাৰ 2 নং ইছলামপুৰত হোৱা আৰক্ষীৰ এনকাউন্টাৰত আহত হয় আনাৰুল ইছলাম নামৰ এজন যুৱক ৷ জানিব পৰা মতে, আনাৰুল ইছলামৰ ভৰিত লাগে আৰক্ষীৰ গুলী ৷

স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, দেওবাৰে নিশা আৰক্ষীৰ এটা দল আহিছিল বঙালমৰাৰ 2 নং ইছলামপুৰৰ আনাৰুল ইছলামৰ বাসগৃহলৈ ৷ তাৰ পাচতে আৰক্ষীৰ দলটোৱে আনাৰুল ইছলামক লগত লৈ তেওঁৰ ককায়েক ছাদ্দাম হুছেইনক বিচাৰি চলাই এক অভিযান ৷ তেতিয়াই হঠাৎ আৰক্ষীৰ হাতৰ পৰা পলাব খোজা আনাৰুলক আৰক্ষীয়ে গুলী কৰিবলৈ বাধ্য হয় ৷ আৰক্ষীৰ গুলীলে আনাৰুলৰ ভৰিত আঘাত কৰে ৷ 

তাৰ পাচতে আৰক্ষীয়ে ততাতৈয়াকৈ আনাৰুল ইছলামক চিকিৎসাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ সম্প্ৰতি লখিমপুৰ চিকিৎসা মহাবিদ্যালয়তে চিকিৎসাদীন হৈ আছে আনাৰুল ইছলাম ৷ জানিব পৰা মতে, পূৰ্বতে ড্ৰাগছ সৰবৰাহৰ অভিযোগত জেললৈ গৈছিল আনাৰুল ইছলাম ৷ কিন্তু এইবাৰ কিয় আৰক্ষীয়ে গুলী কৰিলে আনাৰুলক, নাইবা কিয় আৰক্ষীয়ে নিশা তেওঁৰ ঘৰত অভিযান চলাইছিল সেই সন্দৰ্ভত আৰক্ষীয়ে কোনো মন্তব্য প্ৰদান কৰা নাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.