ETV Bharat / state

Death body recovered: লখিমপুৰত যুৱকৰ মৃতদেহ উদ্ধাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 3:41 PM IST

Death body recovered news in Lakhimpur
যুৱকৰ মৃতদেহ উদ্ধাৰ

লখিমপুৰ নগৰৰ মৈদমীয়াৰ চিলভাৰ ক্ৰিষ্ট হাস্পতালৰ কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ । মৃতদেহৰ কাষতে তেওঁৰ বাইকখনো পৰি আছিল বুলি স্থানীয় ৰাইজে উল্লেখ কৰিছে ।

যুৱকৰ মৃতদেহ উদ্ধাৰ

লখিমপুৰ, ১৩ নবেম্বৰ : লখিমপুৰত ৰহস্য়জনকভাৱে যুৱকৰ মৃতদেহ উদ্ধাৰ । লখিমপুৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ সমীপত সোমবাৰে পুৱা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় । লখিমপুৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ সমীপৰ চাবতি চৌখাম গাঁৱৰ নামঘৰৰ সম্মুখত উদ্ধাৰ হয় এই মৃতদেহটো । পিচত মৃত যুৱকজনক কদমৰ চিৰঞ্জীৱ ৰাজখোৱা (২৪) বুলি চিনাক্ত কৰা হয় ।

লগতে পঢ়ক:Public Protest at Sachal: দীপাৱলীৰ বন্তি জ্বলাই শিলসাঁকোৰ উচ্ছেদিতই কামনা কৰিলে চৰকাৰৰ সুমতি

উল্লেখযোগ্য যে লখিমপুৰ নগৰৰ মৈদমীয়াৰ চিলভাৰ ক্ৰিষ্ট হাস্পতালত প্ৰায় দুবছৰ ধৰি লেব'ৰেটৰী টেকনিচিয়ান হিচাপে কৰ্মৰত হৈ আছিল যুৱকজন । দেওবাৰে নিশা তেওঁ কৰ্তব্যলৈ বুলি ওলাই আহি চিলভাৰ ক্ৰেষ্ট হাস্পতালত সোমাই কোনো কাৰণত আকৌ ওলাই যায় । তাৰ পাছত পুৱাই যুৱকজনৰ মৃতদেহ পৰি থকা অৱস্থাত উদ্ধাৰ হয় । স্থানীয় ৰাইজে উল্লেখ কৰা মতে, মৃতদেহৰ কাষতে তেওঁৰ বাইকখনো পৰি আছিল ।

লগতে পঢ়ক:INDIA Alliance Assam : ৩ ডিচেম্বৰৰ পাচত প্ৰদেশ কংগ্ৰেছে ল’ব লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আবেদন

স্থানীয় ৰাইজৰ পৰা খবৰ লাভ কৰাৰ লগে লগে যুৱকজনৰ কৰ্মস্থলীৰ চিলভাৰ ক্ৰেষ্ট হাস্পতালত পৰিয়ালৰ একাংশ লোক উপস্থিত হয় । যুৱকজনৰ আত্মীয় তথা ৰাইজে চিলভাৰ ক্ৰেষ্ট হাস্পতালত কৰ্মচাৰীৰ উপস্থিতি বহী চাবলৈ বিচাৰে যদিও প্ৰথম অৱস্থাত কৰ্তৃপক্ষই বহী দেখুৱাবলৈ সক্ষম নোহোৱা বুলি অভিযোগ উত্থাপিত হৈছে । সেই সময়তে তাত উপস্থিত এজন লোকৰ সৈতেও ৰাইজৰ বাক বিতণ্ডা হয় । পৰিস্থিতি উত্তপ্ত হয় যদিও আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে । যুৱকজনৰ এই দুৰ্ভাগ্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । কি পৰিস্থিতিত যুৱকজনৰ মৃত্য়ু হৈছে তাক লৈ ৰাইজৰ মাজত চৰ্চা হৈছে । যুৱকজনৰ এই দুৰ্ভাগ্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত আৰক্ষীক শীঘ্ৰে তদন্ত কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক:Dead body recovered : ছয়দিনৰ মূৰত মাতৃৰ পিণ্ড দিবলৈ গৈ ব্ৰহ্মপুত্ৰত নিখোঁজ দুই ভাতৃৰ এজনৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.