ETV Bharat / state

INDIA Alliance Assam : ৩ ডিচেম্বৰৰ পাচত প্ৰদেশ কংগ্ৰেছে ল’ব লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আবেদন

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 3:40 PM IST

3 ডিচেম্বৰৰ পাচতহে স্পষ্ট হ’ব বিৰোধী ঐক্যমঞ্চৰ লোকসভাকেন্দ্ৰিক ৰণনীতি ৷ কাৰণ ৩ ডিচেম্বৰৰ পৰা লোকসভা নিৰ্বাচনৰ দলীয় প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা গ্ৰহণ কৰিব আবেদন । ইফালে সংবাদ মাধ্যমৰ সন্মুখত কংগ্ৰেছ দলৰ কোনো লোকে প্ৰাৰ্থীৰ সন্দৰ্ভত মন্তব্য নিদিবলৈ নিৰ্দেশনা দিছে ভূপেন বৰাই ৷

INDIA Alliance Assam
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

দিল্লী, ১০ নৱেম্বৰ : অহা ৩ ডিচেম্বৰৰ পৰা অসমত লাহে লাহে স্পষ্ট হ’ব বিৰোধী ঐক্যমঞ্চৰ লোকসভা নিৰ্বাচনৰ ৰণনীতিৰ প্ৰস্তুতিৰ ৰূপ-ৰেখা ৷ কিয়নো কংগ্ৰেছ দলে ৩ ডিচেম্বৰৰ পৰা লোকসভা নিৰ্বাচনৰ দলীয় প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব আবেদন । ঘোষণা অসম প্ৰদেশ কংগ্ৰেছেৰ সভাপতি ভূপেন বৰাৰ ।

কংগ্ৰেছৰ নেতা-কৰ্মীৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক বক্তব্যই যাতে বিৰোধীৰ মিত্ৰজোঁটত বেমেজালিৰ সৃষ্টি নকৰে তাৰ বাবে কিবা ক’বলগীয়া থাকিলে দলীয় মঞ্চতহে ক’বলৈ নিৰ্দেশনা ভূপেন বৰাৰ ৷ নতুন দিল্লীত শুকুৰবাৰে দুপৰীয়া এই কথা ঘোষণা ভূপেন বৰাৰ । উল্লেখ্য যে বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত হৈছিল AICCৰ এখন নিৰ্বাচনকেন্দ্ৰিক গুৰুত্বপূৰ্ণ বৈঠক । উক্ত বৈঠকত অংশগ্ৰহণ কৰাৰ পাচতে বৃহস্পতিবাৰে নতুন দিল্লীত সংবাদমাধ্যমৰ সন্মুখত অসমৰ লোকসভা নিৰ্বাচনকেন্দ্ৰিক কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় অৱগত কৰে ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে জনায় যে যে কালিৰ বৈঠকত অসমৰ ১৫ টা দলৰ বিৰোধীৰ উমৈহতীয়া মঞ্চৰ লোকসভা নিৰ্বাচনকেন্দ্ৰিক কথা-বতৰাসমূহ জনোৱা হৈছে । ৩ ডিচেম্বৰৰ পাচতেই অসমৰ বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত AICCয়ে কংগ্ৰেছৰ ভূমিকা প্ৰসংগত স্পষ্ট নীতি-নিৰ্দেশনা দিব অসম প্ৰদেশ কংগ্ৰেছক ৷ আনহাতে বিৰোধী ঐক্যমঞ্চ, অসমৰ মিত্ৰদলসমূহৰ কেইবাটাও দলে ইতিমধ্যে লোকসভা নিৰ্বাচনত আসন সন্দৰ্ভত নিজৰ দলীয় স্থিতি দাঙি ধৰিছে প্ৰদেশ কংগ্ৰেছৰ ওচৰত ৷

ভূপেন বৰাই কয় যে আন কেইবাটাও দল যিহেতু পোনপটীয়াকৈ I.N.D.I.Aৰ সহযোগী, সেয়ে তেঁওলোকে নিজৰ আসনকেন্দ্ৰিক মতামত বা প্ৰস্তাৱ দিল্লীত জনাব ৷ লগতে লোকসভা নিৰ্বাচনৰ আসনৰ ভাগ-বাটোৱাৰাক লৈ কংগ্ৰেছ নেতা-কৰ্মী বা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মতামত আগবঢ়োৱাৰ অধিকাৰ আছে ৷ কিন্তু তেঁওলোকৰ ৰাজহুৱা মন্তব্যই যাতে বিৰোধী ঐক্যমঞ্চ, অসমত কোনোধৰণৰ অসন্তুষ্টিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে সচেতন হৈছে কংগ্ৰেছ দল ৷

দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰে বৈঠকৰ পাচতে এই লৈ ভূপেন বৰাৰ ঘোষণা যে কংগ্ৰেছ নেতা-কৰ্মীয়ে লোকসভাৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক মন্তব্য কৰিব নোৱাৰিব ৷ যি কয় দলীয় মঞ্চতহে ক’ব পাৰিব ৷ মন কৰিবলগীয়া যে, বৃহস্পতিবাৰে APCC ৰ এগৰাকী কাৰ্যকৰী সভাপতি কমলাক্ষ পুৰকায়স্থই কৰিমগঞ্জ লোকসভা আসনখন আৰু বিৰোধীৰ প্ৰাৰ্থী প্ৰসংগত কাৰ মন্তব্যই বিৰোধী আন দলসমূহক অসন্তুষ্ট কৰা দেখা গৈছিল ।

লগতে ইয়াৰ আলমতে বিজেপি নেতা-মন্ত্ৰী বিৰোধী ঐক্যমঞ্চৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল বৃহস্পতিবাৰে ৷ তাৰ পাচতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ এই বিশেষ নিৰ্দেশ ৷

লগতে পঢ়ক : Assam CM slams Congress : 'কংগ্ৰেছক ভোট দিয়া মানে বাবৰ আৰু ঔৰংগজেৱসকলক ভিটামিন দিয়া'-ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.