ETV Bharat / state

Public Protest at Sachal: দীপাৱলীৰ বন্তি জ্বলাই শিলসাঁকোৰ উচ্ছেদিতই কামনা কৰিলে চৰকাৰৰ সুমতি

author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 10:54 PM IST

Public Protest at Sachal
চৰকাৰৰ সুমতি বিচাৰি বন্তি প্ৰজ্বলন শিলসাঁকো উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ

ভূমিৰ অধিকাৰ বিচাৰি চচলত প্ৰতিবাদত বহিল মহানগৰীৰ একাংশ লোকে ৷ শিলসাঁকো পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ উদ্যোগত শতাধিক উচ্ছেদিত ৰাইজে চচলত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷

চৰকাৰৰ সুমতি বিচাৰি বন্তি প্ৰজ্বলন শিলসাঁকো উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ

গুৱাহাটী, 12 নৱেম্বৰ : আজি দেশৰ লগতে সমগ্ৰ ৰাজ্যতে পালন কৰিছে পোহৰ উৎসৱ দীপাৱলী ৷ আনন্দ-উল্লাসৰ মাজেৰে পোহৰৰ উৎসৱ দীপাৱালী পালত ব্যস্ত মহানগৰবাসী ৷ কিন্তু এই আনন্দ-উল্লাসৰ মাজতে ভূমিৰ অধিকাৰ বিচাৰি চচলত প্ৰতিবাদত বহিল মহানগৰীৰ একাংশ লোক ৷ দেওবাৰে সন্ধিয়া শিলসাঁকো পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ উদ্যোগত শতাধিক উচ্ছেদিত ৰাইজে চচলত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷

আজি সন্ধিয়া চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ধৰ্ণাস্থলীত মুকলি আকাশৰ তলত দীপাৱলী উপলক্ষে এগছিকৈ বন্তি প্ৰজ্বলন কৰি চৰকাৰৰ সুমতি বিচাৰি প্ৰাৰ্থনা কৰে প্ৰতিবাদকাৰী ৰাইজে । শিলসাঁকোৰ উচ্ছেদিত প্ৰতিটো থলুৱা ভূমিহীন পৰিয়ালক পুনৰ সংস্থাপন আৰু যথোপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবীত আজি সন্ধিয়া ৰূপায়ন কৰে এই প্ৰতিবাদী কার্যসূচী ৷

উক্ত প্ৰতিবাদত প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই অংশগ্ৰহণ কৰে । ‘‘আমাক মাটি লাগিবই’’ এই শ্লোগান লিখি প্ৰতিবাদকাৰীসকলে ভূমিৰ অধিকাৰৰ দাবীত অটল হৈ থাকে । প্ৰতিবাদী কার্যসূচীত অংশগ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে, 2022 চনৰ পৰা পৰ্যায়ক্ৰমে উচ্ছেদ হোৱা শিলসাঁকোবাসীৰ গৃহহীন খিলঞ্জীয়া ৰাইজে আজি মুকলি আকাশৰ তলত সমূহীয়াকৈ দীপাৱলী পালন কৰি বন্তি প্ৰজ্বলনেৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে ।

তেওঁ কয়, ‘‘ৰাইজে প্ৰতিবাদ কৰি আহিছে ন্যায় প্ৰাপ্তিৰ দাবীত ৷ উচ্ছেদিত ৰাইজে ধাৰাবাহিক প্ৰতিবাদ কৰি অহাৰ পিচতো আজিলৈকে প্ৰতিবাদকাৰীৰ মনৰ বেদনা বুজিবলৈ চেষ্টা নকৰিলে জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰখনে । কেৱল নিৰ্যাতন, দমন নীতিৰে ৰাইজে প্ৰদান কৰা ক্ষমতাৰে ৰাইজকেই অত্যাচাৰ কৰি শোষণ কৰি আহিছে বিজেপি চৰকাৰে ।’’

এই ক্ষেত্ৰত প্ৰতিবাদকাৰীসকলে কয়, ‘‘আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি কামনা কৰিছো যাতে, বন্তিৰ পোহৰেৰে চৰকাৰৰ বৰমূৰীয়া সকলৰ লগতে প্ৰশাসনৰ লোকসকলৰ মন মগজুৰ পৰা অপকৰ্ম, বেয়া চিন্তা, ৰাইজ বিদ্বেষী মনোভাৱ আতঁৰাই সুচিন্তাৰ বাবে সুমতি দিয়ে যেন ভগৱানে ।’’

লগতে পঢ়ক:ASTC Crisis : বিশাল ভূ-সম্পত্তি থাকিও মৃত্যুৰ দুৱাৰদলিত থিয় হৈ আছে ৰাজ্যৰ পৰিবহন বিভাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.