ETV Bharat / state

1950 Major Earthquake: ১৯৫০ ৰ বৰভূঁইকপৰ বিভীষিকাৰ স্বাক্ষৰ আজিও জীয়া হৈ আছে লখিমপুৰৰ এটা ঐতিহাসিক ঘৰত

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 5:12 PM IST

1950 Major Earthquake
memories of 1950s major earthquake

লখিমপুৰত বৰভূঁইকপত বিধ্বস্ত এটা ঘৰে আজিও সেই বিভীষিকাৰ স্বাক্ষৰ বহন কৰি আছে । লখিমপুৰ নগৰৰ সমীপৰ লাহন গাঁৱত থকা এই ঐতিহাসিক ঘৰটোৰ মজিয়াত আজিও আছে বৰভূঁইকপত ফাঁটমেলাৰ চিন ৷

বৰভূঁইকপৰ স্বাক্ষৰ বহনকাৰী এটা ঘৰ

লখিমপুৰ, ৭ নৱেম্বৰ: শেহতীয়াকৈ চুবুৰীয়া নেপালত দেখা গ’ল ভূমিকম্পৰ বিভীষিকা । তাৰ কিছুদিন পূৰ্বে ভূমিকম্পত তচনচ হৈ পৰিছিল আফগানিস্তানৰ বহু অঞ্চল ৷ প্ৰাণ হেৰুৱালে বহুজনে ৷ প্ৰকৃতিৰ ওচৰত যে মানৱ জাতি অসহায় সেই কথা পুনৰবাৰ প্ৰমাণিত হ’ল । অসমত ১৯৫০ চনত হোৱা বৰভূঁইকপৰ বিভীষিকাৰ কথা সৰ্বজনবিদিত । এতিয়াও সেই বৰভূঁইকপৰ স্বাক্ষৰ পোৱা যায় ।

১৯৫০ ৰ বৰভূঁইকপৰ বিভীষিকাৰ কথা ন-কৈ কোৱাৰ প্ৰয়োজন নাই । সেই বৰভূঁইকপৰ বিভীষিকা প্ৰত্যক্ষ কৰা সকলৰ যিসকল এতিয়াও জীৱিত, তেওঁলোক ভূঁইকপ বুলিলেই শিঁয়ৰি উঠে । ক’ৰবাত ভূঁইকপ হোৱা বুলি শুনিলেই তেওঁলোকৰ মনত সজীৱ হৈ উঠে ১৯৫০ ৰ বৰভূঁইকপৰ বিভীষিকাৰ কথা ।

বিৰল হ’লেও বৰভূইকপৰ বিভীষিকাৰ স্বাক্ষৰ এতিয়াও অ’ত ত’ত দেখা যায় । ১৯৫০ ৰ বৰভূঁইকপৰ বিভীষিকাৰ স্মৃতি বুকুত সাৱটি লৈ লখিমপুৰত আছে এটি ঘৰ । লখিমপুৰ নগৰৰ সমীপৰ লাহন গাঁৱত আছে এই বিশেষ ঘৰটো । যিটো ঘৰত বৰভূঁইকপৰ বিভীষিকাৰ স্বাক্ষৰ এতিয়াও বিৰাজমান ।

ঘৰটোৰ গৰাকী হ’ল প্ৰয়াত গোলাপ চন্দ্ৰ লাহন । তেওঁ ১৯১৩ চনতে সাজিছিল এই ঘৰটো । দেশৰ স্বাধীনতা আন্দোলনৰ অনেক জীয়া কাহিনীৰ সাক্ষী এই ঘৰটোৰ ১৯৫০ ৰ বৰভূঁইকপত ক্ষতি হয় । ঘৰটোৰ বিভিন্ন অংশৰ ক্ষতি হোৱাৰ লগতে মজিয়াত চিৰাল-ফাঁট মেলে ।

বৰভূঁইকপৰ বিভীষিকাৰ স্পষ্ট স্বাক্ষৰ পৰা এই ঘৰটোত কিন্তু প্ৰয়াত গোলাপ চন্দ্ৰ লাহন অথবা তেওঁৰ পুত্ৰ ভবেন লাহন নাইবা তেওঁলোকৰ নাতি দিকপল লাহনে পৰিৱৰ্তনৰ আঁচোৰ পৰিবলৈ দিয়া নাই । বৰভূঁইকপত ঘৰটোৰ ফটা মজিয়া আজিও তেনেদৰেই ৰখা হৈছে । ঘৰটোৰ গাঁথনিতো হাত দিয়া নাই ।

দেশৰ স্বাধীনতা আন্দোলনৰো বহু অকথিত ইতিহাস জড়িত হৈ আছে এই ঘৰটোত । স্বাধীনতা সংগ্ৰামীৰ গোপন সভাস্থলীও আছিল এই ঘৰটো । ঘৰটোত স্বাধীনতা সংগ্ৰামীয়ে গোপনে সভা পাতিছিল । মুক্তিযুদ্ধৰ নীতি-কৌশল ৰচনা হৈছিল এই ঘৰটোতে । ব্ৰিটিছ পুলিচৰ চকুত ধূলি দি বহু মুক্তিযুঁজাৰুৱে গোপনে আশ্ৰয় লৈছিল এইটো ঘৰত । দীর্ঘদিন মুক্তি সেনানীয়ে ব্যৱহাৰ কৰা এই ঘৰটোৰ অৱশেষত ব্ৰিটিছ পুলিচে সম্ভেদ পালে । ব্ৰিটিছ পুলিচৰ তালাচী চলিল ঘৰটোত । পিছে ব্ৰিটিছ পুলিচৰ তালাচী চলাৰ আগতীয়া উমান পাই মুক্তি যুঁজাৰুসকল পলাই সাৰে ।

সম্প্ৰতি ঘৰটো দুৰ্বল হৈ উঁৱলি যাবলৈ ধৰিছে যদিও পৰিয়ালটোৱে ইতিহাসৰ স্বাক্ষৰ থকা ঘৰটো মেৰামতি কৰি আধুনিক ৰূপ দিয়াৰ পক্ষপাতী নহয় । যাৰ বাবে দেশৰ স্বাধীনতা আন্দোলনৰ বহু অকথিত কাহিনী বুকুত সামৰি অথবা ১৯৫০ ৰ বৰভূঁইকপৰ বিভীষিকাৰ স্বাক্ষৰ লৈ আজিও জৰাজীৰ্ণ ৰূপত ঘৰটো ঠিয় দি আছে ।

ঘৰটো চাবলৈ, বৰভূঁইকপৰ বিভীষিকাৰ স্বাক্ষৰ চাবলৈ আজিও ঘৰটোত বহু লোকৰ সমাগম হয় । পৰিয়ালটোৱে ঘৰটো এনেদৰে ঐতিহাসিক ৰূপতে ৰাখিবলৈ সিদ্ধান্ত লৈছে । অনাগত দিনত এই ঘৰটো পৰ্যটকৰ আকৰ্ষণ ৰ কেন্দ্ৰ বিন্দু হৈ পৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: Rich tradition of rural society: গ্ৰাম্য সমাজৰ চহকী পৰম্পৰা আজিও জিলিকে জামুগুৰিহাটত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.