ETV Bharat / state

Sahitya Sabha Controversy: সাহিত্য সভাৰ মাজতে লখিমপুৰত আদৰণি সমিতিৰ সভাপতিৰ পুত্তলিকা দাহ

author img

By

Published : Feb 2, 2023, 5:08 PM IST

বিতৰ্কই লগ এৰা নাই অসম সাহিত্য সভাক । অসম সাহিত্য সভাৰ চলিত নাৰায়ণপুৰ অধিবেশনৰ আদৰণি সমিতিৰ সভাপতিৰ ওপৰত ক্ষুব্ধ অসমীয়া যুৱ মঞ্চ । সাহিত্য সভাক ৰাজনীতিকৰণৰ অভিযোগত লখিমপুৰত অমিয় কুমাৰ ভূঞাৰ পুত্তলিকা দাহ (Amiya Kumar Bhuyans effigy burnt in Lakhimpur) ।

Sahitya Sabha Controversy
লখিমপুৰত আদৰণী সমিতিৰ সভাপতিৰ পুত্তলিকা দাহ

লখিমপুৰত আদৰণী সমিতিৰ সভাপতিৰ পুত্তলিকা দাহ

লখিমপুৰ, ২ ফেব্ৰুৱাৰী : লখিমপুৰ জিলাৰ নাৰায়ণপুৰত চলি আছে অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ অধিবেশন (Assam Sahitya Sabha Narayanpur session) । এই অধিবেশনৰ আজি তৃতীয়দিনা সভাৰ কাম চলি থকাৰ সময়তে লখিমপুৰ নগৰত জ্বলিল বিধায়ক তথা আদৰণি সমিতিৰ সভাপতি অমিয় কুমাৰ ভূঞাৰ পুত্তলিকা (Amiya Kumar Bhuyans effigy burnt in Lakhimpur) । অমিয় কুমাৰ ভূঞাৰ পুত্তলিকা দাহ কৰে অসমীয়া যুৱ মঞ্চই । লগতে সংগঠনটোৱে সাহিত্য সভাক লৈ ৰাজনীতি নকৰিবলৈ সকীয়নি দিয়ে (Assam Sahitya Sabha controversy) ।

উল্লেখ্য, যে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামতি পথাৰৰ মণিকাঞ্চন ক্ষেত্রত চলি থকা অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ অধিবেশনক লৈ পূৰ্বৰে পৰাই বিভিন্ন বিতৰ্কৰ সূত্ৰপাত হৈ আহিছে (Amiya Kumar Bhuyan controversy in Sahitya Sabha) । ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই অধিবেশনৰ আজি তৃতীয়দিনাও এই বিতৰ্কৰ শাম কটা নাই । অধিবেশনৰ আৰম্ভণিৰে পৰাই বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ আহিছে আদৰণি সমিতি । বিশেষকৈ স্থানীয় বিধায়ক তথা আদৰণি সমিতিৰ সভাপতি অমিয় কুমাৰ ভূঞাৰ ফটো বিতর্কই তীব্ৰ ৰূপ ধাৰণ কৰে ।

অধিবেশনস্থলীত তেওঁৰ ফটোসম্বলিত পোষ্টাৰ-হৰ্ডিং লগোৱাৰ বিপৰীতে সাহিত্যৰ কাণ্ডাৰীসকলৰ ফটো বা হৰ্ডিং নথকা বিষয়টোৱে এইকেইদিন বিভিন্ন স্তৰত ব্যাপক চৰ্চা লাভ কৰিছে । এই লৈ বিভিন্নজনে ক্ষোভ প্ৰকাশ কৰাৰ উপৰি বৃহস্পতিবাৰে অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে তেওঁৰ পুত্তলিকা দাহ কৰি প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে তেওঁক সকীয়নি প্ৰদান কৰে (poster controversy in Assam Sahitya Sabha session) ।

লখিমপুৰ নগৰৰ কে বি ৰোডত অমিয় কুমাৰ ভূঞাৰ পুত্তলিকা দাহ কৰি অমিয় কুমাৰ ভূঞা গ' বেক, অমিয় কুমাৰ ভূঞা হুঁচিয়াৰ, সাহিত্য সভাক অপমান কৰা সহ্য কৰা নহ'ব, অমিয় কুমাৰ ভূঞা লেই লেই চেই চেই আদি শ্লোগান দি প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে । লগতে প্ৰতিবাদকাৰীসকলে ক্ষোভ প্রকাশ কৰি কয় যে অমিয় কুমাৰ ভূঞাই সাহিত্য সভাখন ৰাজনীতিকৰণ কৰি পেলাইছে । সাহিত্য সভাক তেওঁ বিজেপিৰ সভা কৰি তোলাৰো অভিযোগ । পদ্মনাথ গোহাঞিবৰুৱাকে ধৰি সাহিত্যৰ কাণ্ডাৰীসকলৰ ত্যাগ আৰু সেৱাক মোহাৰি চৌদিশে নিজৰ ফটো লগাই অমিয় কুমাৰ ভূঞাই সাহিত্য সভাক পৈত্রিক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে ।

এনে নীচ মানসিকতাৰ লোকক সাহিত্য সভাৰ মজিয়াত ঠাই নিদিবলৈও প্ৰতিবাদকাৰীসকলে সাহিত্য সভাক আহ্বান জনায় । আনহাতে, সাহিত্য সভাৰ আগন্তুক যিকোনো অনুষ্ঠানত তেওঁক বৰ্জন কৰিবলৈও আহ্বান জনায় প্ৰতিবাদকাৰীসকলে । লগতে সাহিত্য সভাৰ মান-মৰ্যাদা হানি কৰা বুলিও প্ৰতিবাদকাৰীসকলে তেওঁক অন্তিম সকীয়নি প্ৰদান কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত অসমীয়া যুৱ মঞ্চৰ কেন্দ্রীয় সমিতিৰ অনুপম শইকীয়া, জিলা সমিতিৰ দীপাংকৰ নাথ, চিৰঞ্জিত বৰদলৈসহ ভালেমান কৰ্মীয়ে অংশগ্রহণ কৰে ।

লগতে পঢ়ক :Kolija aaita passes away: সকলোৰে মৰমৰ কলিজা আইতাৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.