ETV Bharat / state

Kolija aaita passes away: সকলোৰে মৰমৰ কলিজা আইতাৰ দেহাৱসান

author img

By

Published : Feb 2, 2023, 12:46 PM IST

সকলোকে কন্দুৱাই অজান পৃথিৱীলৈ গুচি গ’ল কলিজা আইতা (Kolija aaita passes away) ৷ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ১০৮ বছৰীয়া কলিজা আইতাই । গুৱাহাটীৰ প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ সকলোৰে মৰমীয়াল আছিল আইতাগৰাকী ৷

Everyones beloved Kolija aaita passes away in Guwahati
কলিজা আইতা আৰু নাই

গুৱাহাটী, ২ ফেব্ৰুৱাৰী: সকলোৰে অতি মৰমৰ-আদৰৰ 'কলিজা আইতা' আৰু নাই । গুৱাহাটীৰ প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ মৰমীয়াল আইতাগৰাকীয়ে অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে (Pramod Talukdar Memorial Old age home)। কেতিয়াও ঘূৰি নহাৰ বাটেৰে গুচি গ’ল মৰমৰ 'কলিজা আইতা' । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে ১০৮ বছৰীয়া কলিজা আইতাই ।

'কলিজা আইতা'ৰ প্ৰকৃত নাম সুভদ্ৰা দেৱী । সকলোৰে মাজত তেওঁ কলিজা আইতা ৰূপেই পৰিচিত আছিল । বাৰ্ধক্যজনিত কাৰণত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল সকলোৰে মৰমৰ সুভদ্ৰা দেৱী আইতাই । আজি পুৱা চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে আইতাই । উল্লেখ যে প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ বাসিন্দা এইগৰাকী আইতা বহু লোকৰে আপোন ।

Everyones beloved Kolija aaita passes away in Guwahati
কলিজা আইতা আৰু নাই

আইতাৰ মৰমলগা কথাই সকলোকে সন্মোহিত কৰিছিল । সকলো সময়তে আইতাৰ মুখত জিলিকি আছিল এটা মৰমসনা হাঁহি । বৃদ্ধাশ্ৰমখনলৈ অহা প্ৰতিজন লোককে সম্ভাষণ জনাই মৰম কৰিছিল, আশীৰ্বাদ দিছিল আইতাই । প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ অন্যতম আকৰ্ষণ আছিল কলিজা আইতা । অ’ল্ড এজন হোমলৈ অহা প্ৰতিজন লোকেই আইতাৰ মৰম-আদৰত মুগ্ধ হৈছিল ।

আশ্ৰমলৈ অহা লোকসকলক সম্বৰ্ধনা জনোৱা, জন্মদিন পালন কৰিবলৈ অহাসকলৰ জন্মদিনৰ কেক কটা এই সকলো দায়িত্ব আছিল আইতাৰ । আটাইতকৈ আকৰ্ষণীয় আছিল আইতাৰ কথাবোৰ । মুঠৰ ওপৰত প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ আটাইতকৈ আকৰ্ষণীয় ব্যক্তিগৰাকীয়ে আছিল কলিজা আইতা (Kolija aaita passes away in Guwahati)।

Everyones beloved Kolija aaita passes away in Guwahati
কলিজা আইতা আৰু নাই

যোৱা ১৯ জানুৱাৰীত বাৰ্ধক্যজনিত অসুস্থতাত আইতাক ভৰ্তি কৰোৱা হৈছিল জি এম চি এইচত । শাৰীৰিক অবস্থা শোচনীয় হৈ পৰাত তেওঁক আই চি ইউত ভৰ্তি কৰোৱা হৈছিল । জি এম চি এইচৰ চিকিৎসক-নাৰ্ছে যৎপৰোনাস্তি চেষ্টা কৰিছিল যদিও অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে আইতাই । সকলোকে কন্দুৱাই গুচি গ’ল মৰমৰ কলিজা আইতা ।

উল্লেখ যে চাৰি দিন পূৰ্বে আইতাৰ সৰু ল’ৰাই (৮৭ বছৰীয়া) জি এম চি এইচলৈ আহি আইতাৰ খবৰ লৈছিল । তেওঁ নিজেও শাৰীৰিক ভাবে অসুস্থ আৰু চিকিৎসাৰ বাবে এমাহ ধৰি বেংগালুৰুত আছিল । উল্লেখ্য যে আইতাৰ চাৰিজন ল'ৰা-ছোৱালীৰ তিনিজনৰেই ইতিমধ্যে মৃত্যু হৈছে । ডাঙৰ ল’ৰাৰ মৃত্যুৰ পাছত আইতাই স্ব-ইচ্ছাই এদিন আশ্ৰমলৈ আহিছিল । আইতাক সৰু ল’ৰাই নিজৰ লগতে ৰাখিব বিচাৰিছিল যদিও আইতাই আশ্ৰমতে লগ সমনীয়া পাব বুলি এদিন আশ্ৰমলৈ গুচি আহিছিল ।

লগতে পঢ়ক: Pranjal Saikia mysterious death incident: পুত্ৰ হত্যাকাৰীক শাস্তি দিবলৈ মুখ্যমন্ত্ৰীক দাবী দুৰ্ভগীয়া মাতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.