ETV Bharat / state

Y20 Talk series in Kokrajhar: শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ মূল ভেঁটি হৈছে দেশৰ যুৱশক্তি; অশোক সিংহল

author img

By

Published : Apr 21, 2023, 9:44 PM IST

কোকৰাঝাৰত আয়োজিত ‘‘যুৱ, প্ৰশাসন আৰু গণতন্ত্ৰ’’ শীৰ্ষক ৱাই-২০ আলোচনালানি (Y20 Talk series in Kokrajhar)৷ ৱাই-২০ ৰ এই উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ ৷ ‘‘যুৱক-যুৱতীসকল দেশৰ ভৱিষ্যৎ নহয়, তেওঁলোক হৈছে দেশৰ বৰ্তমান; তেওঁলোক হৈছে দেশৰ অতীত আৰু ভৱিষ্যতৰ মাজৰ সাঁকো’’ ৷ এই মন্তব্য মন্ত্ৰী সিংহলৰ ৷

Y20 Talk series held in Kokrajhar
ৱাই-২০ ৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী অশোক সিংহল

কোকৰাঝাৰ, ২১ এপ্ৰিল : কোকৰাঝাৰৰ নিকটৱৰ্তী বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত শুকুৰবাৰে ‘‘যুৱ, প্ৰশাসন আৰু গণতন্ত্ৰ’’ শীৰ্ষক ৱাই-২০ এক আলোচনালানি অনুষ্ঠিত হয় (Y20 Talk series held in Kokrajhar)৷ জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি আয়োজিত আজিৰ এই বিশেষ আলোচনালানিৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহলে ৷

দেশৰ যুৱ প্ৰজন্মক এক উজ্জ্বল আৰু শক্তিশালী ভৱিষ্যতৰ বাবে সবলীকৰণৰ লক্ষ্যৰে উপযুক্ত দিক নিৰ্দেশনা প্ৰদানৰ উদ্দেশ্য আগত ৰাখি আয়োজিত এই বিশেষ আলোচনাত অংশ গ্ৰহণ কৰি মন্ত্ৰী সিংহলে কয় যে, সকলোৱে কোৱাৰ দৰে যুৱক-যুৱতীসকল দেশৰ ভৱিষ্যৎ নহয় ৷ তেওঁলোক হৈছে দেশৰ বৰ্তমান । তেওঁলোক হৈছে দেশৰ অতীত আৰু ভৱিষ্যতৰ মাজৰ এক সাঁকো । এক শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ মূল ভেঁটিটোৱেই হৈছে দেশৰ যুৱশক্তি ৷ যি সবল আৰু প্ৰাণৱন্ত নহ’লে ৰাষ্ট্ৰৰ মূল কাঠামোটোৱেই থুনুকা হৈ পৰিব ।

৩৫ বছৰৰ অনুৰ্ধ্বৰ ৬৫ শতাংশ নাগৰিকেৰে ভাৰতবৰ্ষ বিশ্বৰ আটাইতকৈ যুৱ দেশ বুলি উল্লেখ কৰি তেওঁ কয় যে, সমগ্ৰ বিশ্বই আজি গভীৰ প্ৰত্যাশাৰে আমাৰ দেশলৈ চাই আছে । স্বামী বিবেকানন্দ আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ বাণী উদ্ধৃত কৰি তেওঁ দেশৰ নৱ প্ৰজন্মক নঞাৰ্থক চিন্তাধাৰা পৰিহাৰ কৰি ইতিবাচক আৰু সৃষ্টিশীল কাম-কাজত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায় (Y20 Talk series in Kokrajhar)।

ভাৰতবৰ্ষক বিশ্বৰ গণতন্ত্ৰৰ মাতৃ বুলি উল্লেখ কৰি মন্ত্ৰী সিংহলে কয় যে, দেশে স্বাধীনতাৰ অমৃত মহোৎসৱ উদ‌যাপন কৰাৰ এই বিশেষ সময়ছোৱাতে ভাৰতবৰ্ষই পোনপ্ৰথমবাৰৰ বাবে জি-২০ ৰাষ্ট্ৰগোটৰ অধ্যক্ষৰ গুৰু দায়িত্ব লাভ কৰাটো আমাৰ সকলোৰে বাবে গৌৰৱৰ কথা । সেইদৰে এসময়ত সন্ত্ৰাসজৰ্জৰ পৰিস্থিতিৰ বাবে সংবাদ শিৰোনামত থকা উত্তৰ-পূবৰ এই কোকৰাঝাৰ চহৰত আজি ৱাই-২০ ৰ আলোচনা চক্ৰ আয়োজিত হোৱাটো আৰু ১৫০০ ৰো অধিক যুৱক-যুৱতীয়ে একাগ্ৰচিত্তে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো পৰিৱৰ্তনশীল নৱ ভাৰতৰ উজ্জ্বল চানেকি বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।

জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি আয়োজিত আজিৰ এই বিশেষ আলোচনালানিয়ে ইয়াৰ মূল অংশীদাৰ, নীতি নিৰ্ধাৰক, বিশেষজ্ঞ, যুৱ নেতা আদিক একত্ৰিত কৰাৰ লগতে গণতান্ত্ৰিক মূল্যবোধ, সুশাসন, আৰু যুৱ সবলীকৰণত সহায়ক হোৱাৰ লগতে ভাৰতৰ বহনক্ষম উন্নয়ন আৰু প্ৰগতিত অৰিহণা যোগাবলৈ সক্ষম হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

উল্লেখ্য যে, আজিৰ এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ তথা ৰেচম বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিশিষ্ট ৰাষ্ট্ৰীয় নেতা তথা ভাৰতীয় পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ সম্বিত পাত্ৰ, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, বিশিষ্ট উদ্যোগপতি কে উল্লাছ কামাথ, বিশিষ্ট সাহিত্যিক-অনুবাদক দিগন্ত বিশ্ব শৰ্মাৰ লগতে বিটিআৰৰ কেইবাগৰাকী কাৰ্যবাহী সদস্য আৰু আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা ডেৰ সহস্ৰাধিক যুৱক-যুৱতী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ।

লগতে পঢ়ক : Interview with Lt General Rajeev Chaudhry: ব্ৰহ্মপুত্ৰ নদীৰ মাজেদি অসমত নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথম পথ আৰু ৰে’ল সুৰংগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.