ETV Bharat / state

Interview with Lt General Rajeev Chaudhry: ব্ৰহ্মপুত্ৰ নদীৰ মাজেদি অসমত নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথম পথ আৰু ৰে’ল সুৰংগ

author img

By

Published : Apr 21, 2023, 4:04 PM IST

Updated : Apr 21, 2023, 4:36 PM IST

চীনৰ সমান্তৰাল কৈ ভাৰতে সীমান্তত দ্ৰুতগতিত চলাইছে নিৰ্মাণ কাৰ্য (Construction work is underway on the Indian border) । ব্ৰহ্মপুত্ৰ নদীৰ মাজেদি অসমত নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথম পথ আৰু ৰে’ল সুৰংগ ৷ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ সৈতে লে. জেনেৰেল ৰাজীৱ চৌধাৰীৰ এক বিশেষ সাক্ষাৎকাৰ (Interview with DG of BRO Lt General Rajeev Chaudhary)...

Exclusive Interview with Lt General Rajeev chaudhry
ৰতে সীমান্তত দ্ৰুতগতিত চলাইছে নিৰ্মাণ কাৰ্য

ৰতে সীমান্তত দ্ৰুতগতিত চলাইছে নিৰ্মাণ কাৰ্য

তেজপুৰ, 21 এপ্ৰিল : অৰুণাচল প্ৰদেশৰ ওপৰত চীনৰ সঘনাই অনাধিকাৰ দাবীৰ বিপৰীতে ভাৰতে সীমান্তত অত্যাধুনিক পদ্ধতিৰে যোগাযোগ ব্যৱস্থা সুগম কৰি তুলিছে । শেহতীয়াকৈ সীমান্তত বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচনৰ দ্বাৰা এল এ চিৰ সংযোগী পথ নিৰ্মাণ আৰু অতিৰিক্ত 18 শ কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে ভাৰত চৰকাৰে কাম হাতত লৈছে (Construction work is underway on the Indian border)।

আজি অৰ্থাৎ শুকুৰবাৰে তেজপুৰত প্ৰজেক্ট ভৰ্ত্তকত ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বৰ্ডাৰ ৰোডছৰ সঞ্চালক প্ৰধান লে. জেনেৰেল ৰাজীৱ চৌধাৰীয়ে কয় যে 18 শ কিলোমিটাৰ দৈৰ্ঘৰ পৰা সংযোগৰ কাম হাতত লোৱাৰ লগতে দুটা গুৰুত্বপূৰ্ণ সুৰংগ নিৰ্মাণ কাম সম্পূৰ্ণ কৰা হৈছে (DG of BRO Lt General Rajeev Chaudhary) ।

লগতে তেওঁ কয় যে যোৱা 10 এপ্ৰিলত গৃহমন্ত্ৰী অমিত শ্বাহে অৰুণাচল প্ৰদেশৰ কিবিঠুত সীমান্তৰ প্ৰথমখন গাঁৱৰ পৰা ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমৰ আৰম্ভ কৰে ৷ দেশৰ মুঠ 1662 গাঁৱৰ ভিতৰত অকল অৰুণাচল প্ৰদেশত প্ৰথম পৰ্যায়ত 441 খন অন্তৰ্ভুক্ত কৰা হৈছে ।

সীমান্তৰ সকলো আন্তঃগাঁথনি সামৰি এক্ট ইষ্ট পলিছিৰ অধীনত । এই ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমৰ বাবে চৰকাৰে মুঠ 4,800 কোটি টকাৰ ধার্য কৰা হৈছে ৷ ইয়াৰ ভিতৰত 50% অৰ্থাৎ 2500 কোটি টকাৰ প্ৰজেক্ট এক মাত্ৰ সীমান্তৰ পথ নিৰ্মাণৰ বাবে ধার্য কৰা হৈছে বুলিও তেওঁ কয় ।

লগতে পঢ়ক : Country as population : বিশ্বৰ এইকেইখন দেশত আছে ১ লাখৰো কম জনসংখ্যা

উল্লেখযোগ্য যে, অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰীৰ মাঝা গাঁও অৰুণাচল প্ৰদেশৰ আন এখন সীমান্তৰ প্ৰথম গাঁও লাইন অৱ একচুৱেল কণ্ট্ৰোলৰ পৰা যোগাযোগ ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে আৰু বৰ্ডাৰ ৰোডছৰ প্ৰজেক্ট অৰুনাঙকৰ অধীনত । সীমান্তৰ এই গাঁওখন অতি গুৰুত্বপূৰ্ণ কাৰণ 1962 চনৰ 18 অক্টোবৰত 2 জে কে ৰাইফলছৰ হাভিলদাৰ শ্বেৰে থাপাই 155 জন চীনা জৱানক হত্যা কৰা অঞ্চলটো হৈছে টামা চুং চুং-মাজা ৷ যিটো তেওঁৰ কমাণ্ডিং অফিচাৰ কৰ্ণেল অমৰ পাটিলে প্ৰমাণিত কৰিছিল ।

5,870 ফুট উচ্চতা আৰু গেলেনচিনিয়াকৰ পৰা 17 কিলোমিটাৰ দূৰত্বত অৱস্থিত গেলেমো ডাকপা শ্বেৰী পৰ্বতৰ চাৰিওফালে তিব্বতীসকলৰ ছাৰী তীৰ্থযাত্ৰাৰ পথত অৱস্থিত । তীৰ্থযাত্ৰাটো ছাৰি চু উপত্যকাৰ তললৈ নামি গেলেনচিনিয়াকলৈকে গৈ সোৱণশিৰি উপত্যকা হৈ তিব্বতলৈ উভতি যায় । কিন্তু 1962 ৰ ভাৰত চীন সংঘাতৰ পিচত কোনোধৰণৰ তীৰ্থযাত্ৰা কৰা হোৱা নাই ।

তেওঁ কয় যে বৰ্তমান সকলো ধৰণৰ গাড়ীৰ চলাচল মাঝা গাঁও হৈ সীমান্তলৈ অহা যোৱা কৰিব পাৰে । অতি সোনকালে এই পথৰ পকীকৰণ হ’ব আৰু সুৰক্ষা বাহিনীৰ বাবে অতি গুৰুত্বপূৰ্ণ সীমান্তৱর্তী পথ । আনহাতে, অসমত ব্ৰহ্মপুত্ৰ নদীৰ মাজেদি সুৰংগ 9.8 কিলোমিটাৰ দৈৰ্ঘৰ বিশ্বৰ ভিতৰতে পথ আৰু ৰে’ল সুৰংগ হ’ব । ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এই বিষয়ে অনুমোদন জনাইছে আৰু চূড়ান্ত পৰ্যায়ত আছে বুলি সঞ্চালকগৰাকীয়ে জনায় ।

এই সুৰংগ নিৰ্মাণ হ’লে সুৰক্ষাৰ লগতে পৰ্যটনৰ ক্ষেত্ৰত অধিক গুৰুত্ব লাভ কৰিব । তেওঁ কয় যে নদীৰ মাজেদি ভাৰতৰ ভিতৰতে নিৰ্মাণ হ’বলগীয়া প্ৰথম পথ সুৰংগ কাৰণ অলপতে পশ্চিমবংগত পানীৰ মাজেদিয়েই মেট্ৰ’ ৰে’ল চলাচল নিৰ্মাণ হৈছে বুলি তেওঁ কয় । তেওঁ কয় যে বৰ্তমান ইয়াৰ প্লেনিঙৰ চূড়ান্ত পৰ্যায়ত আছে আৰু এই চূড়ান্ত প্লেনিং সমাপ্তি হোৱাৰ পিচত কাম আৰম্ভ হ’ব ।

লগতে পঢ়ক : Loksabha election 2023 : শাসনৰ গাদী দখলৰ লক্ষ্যৰে কংগ্ৰেছ দলে সাজু কৰিছে নিৰ্বাচনী ৰণনীতি

Last Updated : Apr 21, 2023, 4:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.