ETV Bharat / state

কোকৰাঝাৰত নিৰ্মীয়মান কৰ্কট চিকিৎসা প্ৰতিষ্ঠান পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

author img

By

Published : Apr 22, 2022, 7:26 PM IST

অহা ২৮ এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আহিব অসমলৈ (PM Modi to visit Assam) । ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ পৰা মুকলি কৰিব অসমৰ সাতখনৰ ভিতৰত অন্যতম কোকৰাঝাক কৰ্কট চিকিৎসা প্ৰতিষ্ঠানখন । নিৰ্মীয়মান চিকিৎসালয় খনৰ অগ্ৰগতিৰ বুজ ল'লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Keshab Mahanta Visit Kokrajhar Cencer Hospital) ।

PM Modi to visit Assam
কোকৰাঝাৰৰ নিৰ্মীয়মান কৰ্কট চিকিৎসালয়ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

কোকৰাঝাৰ, ২২ এপ্ৰিল : অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই শুকুৰবাৰে কোকৰাঝাৰৰ বেছৰগাঁৱত নিৰ্মীয়মান কোকৰাঝাৰ কৰ্কট চিকিৎসা প্ৰতিষ্ঠান পৰিদৰ্শন কৰে । চিকিৎসালয়খন পৰিদৰ্শন কৰি বুজ ল'লে নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ (Keshab Mahanta Visit Kokrajhar Cencer Hospital) ।

উল্লেখ্য যে, কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ একেটা চৌহদতে নিৰ্মাণৰত কৰ্কট চিকিৎসা প্ৰতিষ্ঠানখন পৰিদৰ্শন কৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই শীঘ্ৰে চিকিৎসালয়খন ৰাইজৰ সেৱাৰ্থে মুকলি কৰা হ'ব বুলি সদৰী কৰে ৷ ইফালে চিকিৎসালয়খন মুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi to inaugurate Kokrajhar Cencer Hospital) ।

কোকৰাঝাৰত নিৰ্মীয়মান কৰ্কট চিকিৎসা প্ৰতিষ্ঠান পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

সংবাদ মাধ্যমৰ আগত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মহন্তই অহা ২৮ এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমৰ ডিব্ৰুগড়ৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অসমৰ সাতখনৰ ভিতৰত অন্যতম কোকৰাঝাক কৰ্কট চিকিৎসা প্ৰতিষ্ঠানখন আনুষ্ঠানিকভাৱে মুকলি কৰিব বুলি সদৰী কৰে ৷

তেওঁ লগতে অহা ২৯ এপ্ৰিলৰ পৰা কৰ্কট চিকিৎসালয়খন নামনি অসমৰ ৰোগী তথা ৰাইজৰ সেৱাৰ উদ্দেশ্যৰে অৰ্পণ কৰা হ’ব বুলিও উল্লেখ কৰে ৷ শুকুৰবাৰে কেশৱ মহন্তৰ পৰিদৰ্শন কালত সংগ দিয়ে বিধায়ক লৰেন্স ইছলাৰী, বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ আৰু বিভাগীয় বিষয়া সকলে ৷

লগতে পঢ়ক: কাজিৰঙাৰ সৌন্দৰ্য দেখি আপ্লুত হৈ পৰিল বলীউড অভিনেতা শ্বৰমন যোশী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.