কাজিৰঙাৰ সৌন্দৰ্য দেখি আপ্লুত হৈ পৰিল বলীউড অভিনেতা শ্বৰমন যোশী

By

Published : Apr 22, 2022, 5:21 PM IST

thumbnail

বলীউডৰ জনপ্ৰিয় অভিনেতা শ্বৰমন যোশী চাৰিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে (Sharman Joshi Assam visit) ৷ অসমত উপস্থিত হৈয়েই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিলে অভিনেতাজনে । কাজিৰঙাৰ অগৰাতলী বনাঞ্চল পৰিভ্ৰমন কৰিলে শ্বমন যোশীয়ে (Sharman Joshi at kaziranga National Park) ৷ কাজিৰঙাত জীপ চাফাৰীৰ পৰা আৰম্ভ কৰি বিহু নাচলৈকে উপভোগ কৰি আনন্দত আত্মহাৰা হৈ পৰে অভিনেতাজন ৷ থ্ৰী ইডিঅছ্ত ৰাজু চৰিত্ৰটোৰে দৰ্শকৰ মনত সুকীয়া স্থান দখল কৰা শ্বৰমনে হাঁহি হাঁহি ক’লে যে অসমীয়া বিহুৰ লগতে গুজৰাটী গৰৱা সংমিশ্ৰণ কৰি তেওঁৰ খুব ভাল লাগিল (Sharman Joshi latest updates) ৷ অসমৰ সৌন্দৰ্য দেখি মন ভৰি পৰা অভিনেতাজনে ক’লে যে পৰৱৰ্তী সময়ত পৰিয়াল লৈ দীঘলীয়া সময়ৰ বাবে তেওঁ অসমলৈ আহিব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.