ETV Bharat / state

Uppl reaction on Hagrama: হাগ্ৰামাৰ নতুন কৌশলে প্ৰভাৱিত নকৰে ইউপিপিএলক

author img

By

Published : Nov 17, 2022, 10:30 PM IST

বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী (BPF chief Hagrama Mahilary) আৰ এছ এছৰ কাষ চপাৰ পাচতেই ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ আলোড়ণৰ সৃষ্টি হৈছে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইউপিপিএল দলৰ নৱনিৰ্বাচিত সাংগঠনিক সাধাৰণ সম্পাদক মাধৱ চন্দ্ৰ ছেত্ৰীয়ে ৷ বিপিএফ দলৰ বিজিপিৰে মিত্ৰতা হলেও বিটিআৰত বা ইউপিপিএল দলত কোনো প্ৰভাৱ নপৰে ৷ ইউপিপিএল আৰু বিজেপিৰ সম্পৰ্ক ভালেই চলি আছে ৷

Uppl reaction on Hagrama
Uppl reaction on Hagrama

কোকৰাঝাৰ, 17 নবেম্বৰ: বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী বিজেপি আৰু আৰএছএছৰ শৰণাপন্ন হোৱাৰ বিষয়টোৱে বড়োভূমিৰ ৰাজনৈতিক মহলত খলকনিৰ সৃষ্টি কৰিছে (Hagrama Mahilary in RSS office) ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইউপিপিএল দলৰ নৱনিৰ্বাচিত সাংগঠনিক সাধাৰণ সম্পাদক মাধৱ চন্দ্ৰ ছেত্ৰীয়ে ৷

সংবাদমাধ্যমৰ আগত নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মাধৱ চন্দ্ৰ ছেত্ৰীয়ে কয়, ‘‘হাগ্ৰামা মহিলাৰী কোন দলত যায়, নাযায় আমাৰ ইউপিপিএল দলৰ পৰা ক’ব লগা একো নাই ৷ ইউপিপিএল দলে নিজৰ কৰি আছে আৰু কৰি যাব ৷ বিপিএফ দলৰ বিজিপিৰে মিত্ৰতা হ’লেও বিটিআৰত বা ইউপিপিএল দলত কোনো প্ৰভাৱ নপৰে’’ (UPPL reaction on Hagrama Mahilary) ৷

তেওঁ আৰু কয় যে, ইউপিপিএল আৰু বিজেপিৰ সম্পৰ্ক ভালে চলি আছে ৷ স্বয়ং মুখ্যমন্ত্ৰী কোকৰাঝাৰত ইউপিপিএলৰ অধিবেশনত উপস্থিত হৈ বিজেপি আৰু ইউপিপিএলৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰহে পোষকতা কৰিছে ৷ তেনেক্ষেত্ৰত বিজেপি, ইউপিপিএল আৰু জিএছপিৰ মিত্ৰজোঁটত চৰকাৰ পাঁচ বছৰ সুকলমে চলি থাকিব বুলি মন্তব্য কৰে ইউপিপিএলৰ সংগঠনিক সাধাৰণ সম্পাদক মাধৱ চন্দ্ৰ ছেত্ৰীয়ে ৷

হাগ্ৰামাৰ নতুন কৌশলে প্ৰভাৱিত নকৰে ইউপিপিএলক

লগতে পঢ়ক: Hagaram Mahilary's letter: বিজেপিৰ শীৰ্ষ নেতৃত্বলৈ চিঠিত কি লিখিছিল হাগ্ৰামাই ?

ইফালে আজি প্ৰকাশিত হৈছে হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ শীৰ্ষ নেতৃত্বলৈ লিখা কেইখনমান চিঠি ৷ জে পি নাড্ডাৰ পৰা আৰম্ভ কৰি নৰেন্দ্ৰ মোডী, অমিত শ্বাহলৈও পত্ৰ প্ৰেৰণ হাগ্ৰামাৰ ৷ ২০১৬ ত আদৰ্শগত কাৰণতে মিত্ৰতা ছেদৰ কথা উল্লেখ ৷ মিত্ৰ হিচাপে NDAৰ লগত থকা কালৰ কাম-কাজৰ বিষয়ে হাগ্ৰামাই উল্লেখ কৰিছে মোডী-শ্বাহলৈ দিয়া পত্ৰত ৷

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নাড্ডালৈ দিয়া পত্ৰত কেইবাটিও আহ্বান হাগ্ৰামাৰ ৷ আকৌ বিপিএফক NDAৰ সদস্য কৰি লোৱাৰ আহ্বান ৷ অহা লোকসভা নিৰ্বাচনত বিজেপিক সহৃদয়তাৰে সমৰ্থন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি হাগ্ৰামাৰ (Hagrama mahilary wish to support BJP) ৷ বিজেপিৰ বিৰুদ্ধে ক’তো লোকসভা নিৰ্বাচনত প্ৰাৰ্থী নিদিয়াৰো কথা দিছে হাগ্ৰামাই ৷

ৰাজ্যৰ হিমন্তবিশ্ব শৰ্মা চৰকাৰলৈ পত্ৰযোগে নিঃচৰ্ত সমৰ্থন হাগ্ৰামাৰ ৷ হিমন্ত বিশ্ব শৰ্মা কেবিনেটত এজন বিপিএফ বিধায়কক মন্ত্ৰীত্ব দিয়াৰ বাবেও অনুৰোধ হাগ্ৰামাৰ ৷ প্ৰমোদ বড়োৰ বিৰুদ্ধেও পত্ৰত জে পি নাড্ডাক একাধিক অভিযোগ কৰিলে হাগ্ৰামাই ৷ বিটিআৰত প্ৰমোদ বড়োৱে ব্যাপক অনিয়ম চলোৱাৰ অভিযোগ (Hagrama Mahilary against Pramod Boro) ৷

লগতে পঢ়ক: BPF chief meets RSS leader Indresh Kumar: বিজেপিত মিলি যাব নেকি হাগ্ৰামাৰ বিপিএফ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.