ETV Bharat / state

ABSU-BSS delegation meets BTR CEM: কোকৰাঝাৰত বড়ো সাহিত্য সভা-এবছু-বিটিআৰ চৰকাৰৰ বৈঠক

author img

By

Published : Aug 3, 2022, 10:38 PM IST

absu-bss-delegation-meets-with-btr-cem-pramod-boro
কোকৰাঝাৰত বড়ো সাহিত্য সভা-এবছু-বিটিআৰ চৰকাৰৰ বৈঠক

কোকৰাঝাৰত বড়ো সাহিত্য সভা, এবছু আৰু বিটিআৰ চৰকাৰৰ বৈঠক ৷ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত বিটিআৰ চুক্তিৰ ৬.৩ দফাৰ অধীনত বিদ্যালয় প্ৰাদেশীকৰণ কৰা, টেট অনুষ্ঠিত কৰা, বিদ্যালয়সমূহৰ একত্ৰিকৰণ আৰু তৃতীয় শ্ৰেণীৰ পৰাৰ গণিত আৰু বিজ্ঞান বিষয়টো ইংৰাজী কৰা আদি বিষয় সন্দৰ্ভত পৰ্যালোচনা কৰা হয় (ABSU BSS Delegation Meets with BTR CEM Pramod Boro) ।

কোকৰাঝাৰ ৩ আগষ্ট: কোকৰাঝাৰ বডোফা নগৰস্থিত বিটিআৰ সচিবালয়ৰ প্ৰেক্ষাগৃহত বুধবাৰে বড়ো সাহিত্য সভা(Bodo Sahitya Sabha), এবছু(All Bodo Students Union) আৰু বিটিআৰ চৰকাৰৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়(ABSU BSS Delegation Meets with BTR CEM Pramod Boro) । উক্ত বৈঠকত বিটিআৰ চুক্তিৰ ৬.৩ দফাৰ অধীনত বিদ্যালয় প্ৰাদেশীকিকৰণ কৰা, টেট পৰীক্ষা অনুষ্ঠিত কৰা, বিদ্যালয়সমূহৰ একত্ৰীকৰণ আৰু তৃতীয় শ্ৰেণীৰ পৰাৰ গণিত আৰু বিজ্ঞান বিষয়টো ইংৰাজী কৰা বিষয়ক লৈ আলোচনা কৰা হয় । বড়ো সাহিত্য সভাৰ প্ৰতিনিধি, এবছুৰ প্ৰতিনিধি, বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো(BTR chief executive member Pramod Boro) আৰু বিভাগীয় উচ্চ পদস্থ বিষয়াসকলৰ উপস্থিতিত উক্ত বৈঠক সম্পন্ন হয় ।

absu-bss-delegation-meets-with-btr-cem-pramod-boro
কোকৰাঝাৰত বড়ো সাহিত্য সভা-এবছু-বিটিআৰ চৰকাৰৰ বৈঠক

ইপিনে, বৈঠকৰ অন্তত সন্ধিয়া বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো আৰু সম্পাদক প্ৰশান্ত বড়োৱে সংবাদমাধ্যমৰ আগত তৃতীয় শ্ৰেণীৰ পৰাৰ গণিত আৰু বিজ্ঞান বিষয়টো ইংৰাজী কৰাৰ বিৰোধিতা কৰে । জাতি হিচাপে জীয়াই থাকিবলৈ হ'লে ভাষা লাগিব আৰু ভাষা জীয়াই থাকিব লাগিলে মাতৃভাষা মাধ্যম লাগিবই বুলি মন্তব্য কৰি মাতৃভাষা মাধ্যমত গুণগত শিক্ষা দিয়াৰ সলনি ইংৰাজী কৰিব বিচৰা কাৰ্যৰ ঘোৰ বিৰোধিতা কৰে ।

absu-bss-delegation-meets-with-btr-cem-pramod-boro
কোকৰাঝাৰত বড়ো সাহিত্য সভা-এবছু-বিটিআৰ চৰকাৰৰ বৈঠক

এনেকুৱা হ'লে বড়ো মাধ্যম বা অসমীয়া মাধ্যম তথা মাতৃভাষা মাধ্যমৰ শিক্ষা ব্যৱস্থা কিছুদিনৰ ভিতৰতে ধ্বংস হৈ যাব আৰু যিটো কেতিয়াও মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দিয়ে বড়ো সাহিত্য সভাই ।

ABSU BSS Delegation Meets with BTR CEM Pramod Boro
কোকৰাঝাৰত বড়ো সাহিত্য সভা-এবছু-বিটিআৰ চৰকাৰৰ বৈঠক

আনহাতে, বিটিআৰ চুক্তিৰ ৬.৩ দফাৰ অধীনত বিদ্যালয় প্ৰাদেশীকৰণ বিষয়টোৰ সন্দৰ্ভত বৈঠকত গুৰুত্ব সহকাৰে আলোচনা কৰা হয় । ইপিনে, বৈঠকত প্ৰমোদ বড়োৱে সংবাদমাধ্যমৰ আগত কয় যে, অসমীয়া মাধ্যমৰ ক্ষতিসাধন হ'ব নালাগে আৰু আজিৰ বৈঠকৰ সিদ্ধান্তসমূহ অসম চৰকাৰক জনাই দিয়া হ'ব ।

ABSU BSS Delegation Meets with BTR CEM Pramod Boro
কোকৰাঝাৰত বড়ো সাহিত্য সভা-এবছু-বিটিআৰ চৰকাৰৰ বৈঠক

ইফালে, তৃতীয় শ্ৰেণীৰ পৰাই গণিত আৰু বিজ্ঞান বিষয় দুটা কি কাৰণত ইংৰাজী কৰা হ'ব বা তাৰ যুক্তিযুক্ততা কিমান তাৰ বাবেও চৰকাৰৰ সৈতে আলোচনাত বহিব বুলি সদৰী কৰে প্ৰমোদ বড়োৱে । অসমীয়া মাধ্যম জীয়াই ৰখাৰ পক্ষত থিয় দি প্ৰমোদ বড়োৱে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা প্ৰদানৰ প্ৰাসংগিকতাৰ কথা ব্যক্ত কৰে ৷

তদুপৰি টেট অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যাৱতীয় প্ৰচেষ্ঠা গ্ৰহণ কৰা হৈছে আৰু বিটিআৰত যথেষ্ট সংখ্যক খালী পদ আছে বুলিও সদৰী কৰে বিটিআৰ প্ৰধানগৰাকীয়ে । উল্লেখ্য যে, উক্ত বৈঠকত উপস্থিত থাকে বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস, এবছুৰ সভাপতি দ্বীপেন বড়ো, সম্পাদক খনীন্দ্ৰ বসুমতাৰী ।

লগতে পঢ়ক : NESO advisor Samujjal Kumar Bhattacharjya: মৌলবাদী সংগঠনে অসমৰ বাবে ভাবুকি কঢ়িয়াই আনিছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.