ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Oct 22, 2022, 9:03 AM IST

top-10-at-9am
9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

APSC Exam 2022: স্বচ্ছভাৱে পৰীক্ষা পতাৰ বাবে চৰকাৰক ধন্যবাদ বিজিত পাঠকৰ

শুকুৰবাৰে ঘোষণা হ’ল 2020 বৰ্ষৰ APSC ৰ ফলাফল (APSC CCE final result declared) ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে অসমীয়া ভাষাৰ প্ৰশ্নকাকত বাতিলৰ চৰকাৰী সিদ্ধান্ত বাহাল ৰখাৰ পাচতে ফলাফল ঘোষণা কৰা হয় ৷ APSC ত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয় বিজিত পাঠকে (Bijit Pathak tops APSC results list) ৷ বাক্সা জিলাৰ নিকাছি ধনশ্ৰীপুৰৰ বাসিন্দা বিজিত ৷ বিজিতৰ সাফল্যত উৎফুল্লিত পৰিয়ালবৰ্গৰ লগতে গাঁওবাসী ৷

APSC and CCE 2020 Results : ACS ত শীৰ্ষস্থানত উজলিল কোকৰাঝাৰৰ বিজিত পাঠক

ঘোষণা হ’ল ২০২০ বৰ্ষৰ এ.পি.এছ.চি আৰু চি.চি.ই পৰীক্ষাৰ ফলাফল (Final Results announced of APSC and CCE 2020)। ACS ত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে কৰবী বনিয়াই (Karabi Bania top rank in ACS 2020) । দ্বিতীয় স্থান জুৰি কলিতা আৰু তৃতীয় স্থান জেনিব গুলনাৰে লাভ কৰিবলৈ সক্ষম হৈছে ।

Fishing competion: মাছ ধৰক আৰু লাভ কৰক ৫ লাখ টকা

ফুটবল, ভলীবল অথবা ক্ৰিকেটৰ প্ৰতিযোগিতা নহয় । কামৰূপৰ বকোত অনুষ্ঠিত হৈছে এক ব্যতিক্ৰমী প্ৰতিযোগিতা ৷ বিশাল আকাৰৰ ৩ টাকৈ পুখুৰী সামৰি বকোত অনুষ্ঠিত কৰা হৈছে বৰশী বোৱা প্ৰতিযোগিতা(Fishing competition held Boko) ৷

United Forum of Ex NDFB: চিৰাঙত প্ৰাক্তন এনডিএফবিৰ একত্ৰিত গোটৰ আত্মপ্ৰকাশ

চিৰাঙৰ বল্লামগুৰিত প্ৰাক্তন এনডিএফবিৰ চাৰিওটা গোটে একত্ৰিত হৈ গঠন কৰিলে নতুন সংগঠন । শুকুৰবাৰে গঠন কৰে ইউনাইটেড ফ'ৰাম অৱ এক্স-এনডিএফবি নামৰ সংগঠনটো (United Forum of Ex NDFB formed in Chirang)।

APSC CCE Result 2020 : লোকসেৱা আয়োগৰ পৰীক্ষাত দ্বিতীয়বাৰৰ বাবে স্থান দখল ছিপাঝাৰৰ কৰবী বনিয়াৰ

অসম লোকসেৱা আয়োগৰ ২০২০ৰ ফলাফলত(APSC CCE Result 2020) উজ্বলিল ছিপাঝাৰৰ কৰবী বনিয়া ৷ লোকসেৱা আয়োগৰ ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হ’ল বৰপেটা জিলাৰ কৰ অধীক্ষক হিচাবে কৰ্মৰত কৰবী বনিয়াই (APS Karabi Bania)৷ ইয়াৰ পূৰ্বে কৰবী বনিয়াই ২০১৮ বৰ্ষৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাতো(APSC 2018 exam) অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৷

Majestic River Island Majuli: মাজুলীলৈ আগমন বহু দেশী-বিদেশী পৰ্যটকৰ

শৰৎ ৷ শৰৎ বুলি ক’লেই উথপ-থপ হৈ পৰে মাজুলী ৷ কিয়নো ৰাস মহোৎসৱৰ মধু পান কৰিবলৈ দেশী-বিদেশী আলহীৰ সমাগম ঘটে সত্ৰ নগৰী মাজুলীত (Raas Festival in Majuli) ৷ অন্যবাৰৰ দৰে এইবছৰো মাজুলীলৈ সমাগম ঘটিছে বহু দেশী-বিদেশী পৰ্যটকৰ ৷ ফলত উৎফুল্লিত হৈ পৰিছে মাজুলীবাসীৰ ৷

Murder in Kalgachia: বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ কলগাছিয়াত চাঞ্চল্য

যৌতুকৰ বাবেই প্ৰাণ গ'ল এগৰাকী বোৱাৰীৰ । হাজো আৰক্ষী থানাৰ অন্তৰ্গত হাবলাখা গাঁৱত এগৰাকী বোৱাৰীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া ঘটনাক লৈ বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যৰ(Suspected murder in Kalgachia) ।

Lok Sabha elections 2024: অখিল-লুৰীণলৈ AIUDFৰ নৈতিক সমৰ্থন !

নিৰ্বাচনে প্ৰতি সলনি হয় ৰাজনৈতিক দলৰ ৰণনীতি ৷ আগন্তুক লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈছে শাসক-বিৰোধী ৷ 2024ৰ লোকসভা নিৰ্বাচনত(Lok Sabha elections 2024) অখিল গগৈ, লুৰীণজ্যোতি গগৈক নৈতিক সমৰ্থন জনোৱাৰ কথা প্ৰকাৰান্তৰে উল্লেখ কৰিলে এ আই ইউ ডি এফৰ নেতা হাফিজ ৰফিকুল ইছলামে ।

GMC Scam : জিএমচিৰ কোটিটকীয়া কেলেংকাৰীৰ ৮ অভিযুক্তক ৫ দিনৰ CM Vigilance-ৰ জিম্মা

জি এম চিৰ কোটিটকীয়া বোকা নিষ্কাশন কেলেংকাৰী (GMC fooling disposal scam) । CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে অভিযন্তা, OSD সহ ৮ জনকৈ ব্যক্তিক ।

Bimal Bora Visit Poki: পকী পৰিদৰ্শন কৰিলে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই

সজতনে ৰখা হ’ব ৰূপকোঁৱৰৰ কৰ্ম সাধনাৰ থলী (Jyoti Bharati Museum)৷ ইতিমধ্যে ৰাজ্যিক কেবিনেটত সিদ্ধান্ত গ্ৰহণৰ পিছত শুকুৰবাৰে তেজপুৰস্থিত ‘পকী’ নামৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্ম সাধনাৰ থলী পৰিদৰ্শন কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.