ETV Bharat / state

Bimal Bora Visit Poki: পকী পৰিদৰ্শন কৰিলে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই

author img

By

Published : Oct 21, 2022, 10:12 PM IST

Bimal Bora Visit Poki
পকী পৰিদৰ্শন কৰিলে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই

সজতনে ৰখা হ’ব ৰূপকোঁৱৰৰ কৰ্ম সাধনাৰ থলী (Jyoti Bharati Museum)৷ ইতিমধ্যে ৰাজ্যিক কেবিনেটত সিদ্ধান্ত গ্ৰহণৰ পিছত শুকুৰবাৰে তেজপুৰস্থিত ‘পকী’ নামৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্ম সাধনাৰ থলী পৰিদৰ্শন কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই ৷

তেজপুৰ, ২১ অক্টোবৰ : অসমৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰাই শুকুৰবাৰে তেজপুৰৰ ঐতিহাসিক স্থান ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্ম সাধনাৰ থলী জ্যোতি ভাৰতী পৰিদৰ্শন কৰে (Bimal Bora visit Poki)। উক্ত গৃহটো পুনৰ নিৰ্মাণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ উল্লেখ্য যে, হৰিবিলাস আগৰৱালাই ১৭৬ বছৰৰ পূৰ্বে নিৰ্মাণ কৰা গৃহটো ৰাজ্য চৰকাৰৰ সংস্কৃতিক বিভাগে সংগ্ৰাহালয় হিচাবে প্ৰস্তুত কৰি তুলিব ।

সংগ্ৰাহালয়টোত ৰূপকোঁৱৰৰ লগতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা(Kalaguru Bishnu Rabha) আৰু নটসূৰ্য ফণী শৰ্মাৰ(Natasurjya Phani Sarma) সৃষ্টিসমূহৰ উপৰিও তেওঁলোকে ব্যৱহাৰ কৰা সামগ্ৰীসমূহ ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষিত কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে । ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেজপুৰত অনুষ্ঠিত কেবিনেট বৈঠকত বিষয়টো উত্থাপন কৰাৰ পাছতে ঐতিহাসিক গৃহটো পুনৰ নিৰ্মাণ আৰু সংৰক্ষণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল কেবিনেটে (Cabinet meeting in Tezpur) ।

পকী পৰিদৰ্শন কৰিলে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই

বৃহস্পতিবাৰে তেজপুৰত উপস্থিত হৈ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই কয় যে, ইতিমধ্যে এই নৱ-নিৰ্মাণ কাৰ্যৰ বাবে এটা বিশেষ প্ৰতিষ্ঠানক দায়িত্ব অৰ্পণ কৰিছে চৰকাৰে । ইয়াৰোপৰি গৃহটোৰ নৱ-নিৰ্মাণ পূৰ্বৰ আৰ্হি আৰু ডিজাইন সলনি নকৰাকৈ কৰা হ’ব আৰু গৃহটোত সংৰক্ষিত সামগ্ৰীসমূহৰ বিশেষ যত্ন লোৱা হ’ব ৷

আনহাতে এই গৃহত জাতিৰ পিতা মহাত্মা গান্ধীয়ে জিৰণি লোৱা আৰু ব্যৱহাৰ কৰা সামগ্ৰীসমূহো সংৰক্ষণ কৰা হ’ব বুলি জানিবলৈ দিয়ে সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে (Minister Bimal Bora)৷

আনহাতে মন্ত্ৰীগৰাকীয়ে কয় যে, অসমৰ চলচ্চিত্ৰ উদ্যোগটো ঠন ধৰি উঠিবলৈ চৰকাৰে এক চলচ্চিত্ৰ নীতি(Assam Film Policy) হাতত লৈছে ৷ উক্ত নীতিৰ ক্ষেত্ৰত অসমৰ সমূহ শিল্পী, অভিনেতা-অভিনেত্ৰীক সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায় বিমল বৰাই ৷ ইয়াৰোপৰি অসমৰ প্ৰথমটো ছবিগৃহ জোনাকীৰ পুনঃ নিৰ্মাণৰ কামো ইতিমধ্যে হাতত লোৱা হৈছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

উল্লেখযোগ্য যে, মন্ত্ৰীগৰাকীক পৰিদৰ্শন কালত তেজপুৰৰ বিধায়ক তথা কলাগুৰুৰ জ্যেষ্ঠ পুত্ৰ পৃথ্বীৰাজ ৰাভা আৰু জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই সংগ দিয়ে ৷ জ্যোতি ভাৰতী(Jyoti Bharati Museum) পৰিদৰ্শনৰ পিছত মন্ত্ৰীগৰাকীয়ে কলাগুৰুৰ সমাধিস্থল তেজপুৰৰ তল কলিবাৰীত উপস্থিত হৈ সমাধিৰ কাষখণ্ড ব্ৰহ্মপুত্ৰৰ পানীয়ে প্লাৱিত কৰাৰ বিষয়তো আলোচনা কৰে ।

লগতে পঢ়ক: Basistha Dev Sarma health is deteriorating : বশিষ্ঠ দেৱশৰ্মাৰ অৱস্থা অতি সংকটজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.