ETV Bharat / state

Murder in Kalgachia: বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ কলগাছিয়াত চাঞ্চল্য

author img

By

Published : Oct 22, 2022, 7:36 AM IST

murder over dowry demand in kalgachia
বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ কলগাছিয়াত চাঞ্চল্য

যৌতুকৰ বাবেই প্ৰাণ গ'ল এগৰাকী বোৱাৰীৰ । হাজো আৰক্ষী থানাৰ অন্তৰ্গত হাবলাখা গাঁৱত এগৰাকী বোৱাৰীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া ঘটনাক লৈ বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যৰ(Suspected murder in Kalgachia) ।

কলগাছিয়া,২২ অক্টোবৰ: এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ কলগাছিয়াত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । পুনৰ যৌতুকৰ বাবেই এগৰাকী বোৱাৰীক হত্যা কৰাৰ সন্দেহ । বোৱাৰীগৰাকীৰ অস্বাভাৱিক মৃত্যুত স্বামীৰ পৰিয়ালে পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ বোৱাৰীগৰাকীৰ পিতৃৰ পৰিয়ালৰ(Suspected murder in Kalgachia) ।

বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ কলগাছিয়াত চাঞ্চল্য

জানিব পৰা মতে নলবাৰী জিলাৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত হাবলাখা গাঁৱত এগৰাকী বোৱাৰীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া ঘটনাই তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে । ঘটনাৰ বিবৰণী অনুসৰি, কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বলাইপাথাৰ গাঁৱৰ আছিৰ উদ্দিন খানৰ কন্যা খানম আৰিফা ইয়াচমিন নলবাৰী জিলাৰ হাজো আৰক্ষী থানাৰ হাবলাখা গাঁৱৰ ইন্তাজ আলীৰ পুত্ৰ ফজল হকৰ লগত সামাজিক নিয়ম অনুসৰি বিবাহপাশত আৱদ্ধ হৈছিল ।

কিন্তু বিয়াৰ পিছৰে পৰাই স্বামী গৃহই যৌতুক বিচাৰি নানা অত্যাচাৰ চলাই অহা বুলি অভিযোগ উত্থাপন কৰিছে বোৱাৰীগৰাকীৰ পিতৃৰ পৰিয়ালৰ লোকে(Torture over dowry demand) । পূৰ্বৰে পৰা নানান অত্যাচাৰ চলাই অহা স্বামী ফজল হক তথা পৰিয়ালৰ লোকে বৃহস্পতিবাৰে দিনৰ ভাগত হঠাতে আৰিফা ইয়াচমিনৰ স্বামী গৃহতে মৃত্যু হোৱা বুলি খবৰ দিয়াত পিতৃ আছিৰ উদ্দিন খানে উপস্থিত হয় ফজল হকৰ বাসগৃহত ।

কিন্তু ফজল হকৰ বাসগৃহত উপস্থিত হৈ নিজ কন্যাৰ মৃতদেহ প্ৰত্যক্ষ কৰি শোকত ভাগি পৰে । আনহাতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰে মৃত খানম আৰিফা ইয়াচমিনৰ পিতৃ আছিৰ উদ্দিনে । লগে লগে ঘটনা সন্দৰ্ভত হাজো আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহতো হাজো আৰক্ষীয়ে থানালৈ লৈ যায় । লগতে আটক কৰে মৃত মহিলাগৰাকীৰ স্বামী ফজল হকক ।

মৰনোত্তৰ পৰীক্ষাৰ পাছত শুকুৰবাৰে খানম আৰিফা ইয়াচমিনৰ মৃতদেহ বলাইপাথাৰৰ পিতৃ গৃহলৈ লৈ অনা হয় । লগে লগে সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ । পিতৃ তথা পিতৃৰ পৰিয়ালে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তিৰ দাবী জনায় ।

লগতে পঢ়ক: APSC and CCE 2020 Results : ACS ত শীৰ্ষস্থা ৰ্ষ নত উজলিল কোকৰাঝাৰৰ বিজিত পাঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.