ETV Bharat / state

APSC and CCE 2020 Results : ACS ত শীৰ্ষস্থানত উজলিল কোকৰাঝাৰৰ বিজিত পাঠক

author img

By

Published : Oct 21, 2022, 10:42 PM IST

ঘোষণা হ’ল ২০২০ বৰ্ষৰ এ.পি.এছ.চি আৰু চি.চি.ই পৰীক্ষাৰ ফলাফল (Final Results announced of APSC and CCE 2020)। ACS ত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে কৰবী বনিয়াই (Karabi Bania top rank in ACS 2020) । দ্বিতীয় স্থান জুৰি কলিতা আৰু তৃতীয় স্থান জেনিব গুলনাৰে লাভ কৰিবলৈ সক্ষম হৈছে ।

APSC and CCE 2020 Results
ঘোষণা হ’ল ২০২০ বৰ্ষৰ এ.পি.এছ.চি আৰু চি.চি.ই পৰীক্ষাৰ ফলাফল

নিউজ ডেস্ক, ২১ অক্টোবৰ : অৱশেষত ঘোষণা কৰা হ’ল APSC ৰ ২০২০ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ মূল ফলাফল (APSC final result declared)। গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে অসমীয়া ভাষাৰ প্ৰশ্নকাকত বাতিলৰ চৰকাৰী সিদ্ধান্ত বাহাল ৰখাৰ পাচতে ফলাফল ঘোষণা কৰা হয় ৷ লগতে ২০২০ বৰ্ষৰ CCE (চি.চি.ই) পৰীক্ষাৰ ফলাফলো ঘোষণা কৰা হয় (CCE final result declared)।

ACS ত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে কৰবী বনিয়াই (Karabi Bania top rank in ACS 2020)। দ্বিতীয় স্থান জুৰি কলিতা আৰু তৃতীয় স্থান জেনিব গুলনাৰে লাভ কৰিবলৈ সক্ষম হৈছে । ACS পদৰ বাবে বাছনি কৰা হৈছে ১২১ গৰাকী প্ৰাৰ্থীক । আনহাতে, APS পদৰ বাবে বাছনি কৰা হৈছে ৬৯ গৰাকী প্ৰাৰ্থীক ।

উল্লেখ্য যে, ৩৩১ টা ACS, APS সহ বিভিন্ন পদৰ বাবে APSC এ অনুষ্ঠিত কৰিছিল বাচনি পৰীক্ষা (APSC Exam 2022) ।

তথ্য অনুসৰি, জিলা পৰিবহন বিষয়া পদৰ বাবে ৫ গৰাকী, কৰ অধীক্ষকৰ পদৰ বাবে ৬ গৰাকী আৰু শ্ৰম পৰিদৰ্শকৰ পদৰ বাবে নিৰ্বাচিত কৰা হৈছে ১৮ গৰাকী প্ৰাৰ্থীক । ইয়াৰ উপৰিও কৰ পৰিদৰ্শকৰ পদত বাছনি কৰা হৈছে ২৭ গৰাকী প্ৰাৰ্থীক ।

আবকাৰী পৰিদৰ্শকৰ পদত উত্তীৰ্ণ হৈছে ৭ গৰাকী প্ৰাৰ্থী । খণ্ড উন্নয়ন বিষয়া (BDO) পদৰ বাবে ৩৩ গৰাকী, সহকাৰী নিয়োগ বিষয়া পদত ৪ গৰাকী , উপ-পঞ্জীয়ক পদত নিৰ্বাচিত ৩১ গৰাকী আৰু উদ্যোগ বিভাগৰ সহ প্ৰৱন্ধক পদত নিৰ্বাচন কৰা হৈছে ১০ গৰাকী প্ৰাৰ্থীক ।

আনহাতে, কোকৰাঝাৰৰ সিম্বৰ গাঁও বজাৰত এতিয়া আগতীয়া দীপাৱলী ৷ কিয়নো শুকুৰবাৰে ঘোষিত ACS ৰ বাচনি পৰীক্ষাত কোকৰাঝাৰলৈ গৌৰৱ তথা সুনাম কঢ়িয়াই আনিছে দৈথুন ওৱাৰীয়ে ৷ অসম অসামৰিক সেৱাৰ (জুনিয়ৰ গ্ৰেড) ১০৪ নং স্থানত উত্তীৰ্ণ হৈছে দৈথুন ওৱাৰী । দৈথুন ওৱাৰীৰ সাফল্যত এতিয়া উৎফুল্লিত সিম্বৰ গাঁওবাসী ৷ ফটকা ফুটাই-আৰ’ণাই পিন্ধাই গাঁওবাসীয়ে দৈথুনক উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে, দৈথুনে প্ৰাথমিক শিক্ষা বড়ো মাধ্যমৰ বিদ্যালয় মাইনাও স্বৌৰাঙত অধ্যয়ন কৰিছিল ৷ পৰৱৰ্তী সময়ত বাসুগাঁওস্থিত কোকৰাঝাৰ জৱাহৰ নবোদয়া বিদ্যালয়ত অধ্যয়ন কৰিছিল ৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ইলেকট্ৰনিক্স এণ্ড কমিউলিকেছনছ ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰী লাভ কৰে ৷ তাৰ পিছত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা একেটা বিষয়তে এম টেক স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰে ৷

উল্লেখ্য যে, পিতৃহীনা দৈথুনে বহু দুখ-কষ্ট আৰু ঘাত-প্ৰতিঘাতৰ মাজেৰে অধ্যয়ন কৰিছিল ৷ কোকৰাঝাৰ জিলাৰ সিম্বৰগাঁও বজাৰ নিৱাসী প্ৰয়াত অধিবক্তা ওৱাৰী আৰু নমিতা নাৰ্জাৰী ৱাৰীৰ জ্যেষ্ঠ পুত্ৰ দৈথুন ওৱাৰী ৷ ইপিনে নিজৰ সাফল্যত সুখী বুলি উল্লেখ কৰি কষ্ট কৰিলে সাফল হ’বই বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে দৈথুন ওৱাৰীয়ে ৷ একেদৰে দৈথুনৰ মাতৃ নমিতা নাৰ্জাৰীয়ে পুত্ৰৰ সাফল্যত আজি গৌৰৱান্বিত ৷

ইফালে টীয়কৰ কাকজান বামকুকুৰাচোৱা গাঁৱতো উঠিছে আনন্দৰ জোৱাৰ ৷ বামকুকুৰাচোৱা গাঁৱৰ অৱসৰ প্ৰাপ্ত উপায়ুক্ত অজিৎ বৰদলৈ আৰু কাকজান মহাবিদ্যালয়ৰ উপাধ্যক্ষ বিজয় লক্ষ্মী বৰদলৈৰ কন্যা সুতৃষ্ণা বৰদলৈয়েও সদ্য ঘোষিত লোকসেৱা আয়োগৰ পৰীক্ষাত লাভ কৰিছে সফলতা ।

সুতৃষ্ণাই সদ্যঘোষিত লোকসেৱা আয়োগৰ ফলাফলত ৩২ নম্বৰত উত্তীৰ্ণ হৈছে ৷ সুতৃষ্ণালৈ এতিয়া গৌৰৱান্বিত পৰিয়ালবৰ্গৰ লগতে অঞ্চলবাসীও ৷

লগতে পঢ়ক : APSC CCE final result declared: ঘোষণা হ’ল APSC ৰ ফলাফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.