ETV Bharat / state

Fishing competion: মাছ ধৰক আৰু লাভ কৰক ৫ লাখ টকা

author img

By

Published : Oct 22, 2022, 8:31 AM IST

ফুটবল, ভলীবল অথবা ক্ৰিকেটৰ প্ৰতিযোগিতা নহয় । কামৰূপৰ বকোত অনুষ্ঠিত হৈছে এক ব্যতিক্ৰমী প্ৰতিযোগিতা ৷ বিশাল আকাৰৰ ৩ টাকৈ পুখুৰী সামৰি বকোত অনুষ্ঠিত কৰা হৈছে বৰশী বোৱা প্ৰতিযোগিতা(Fishing competition held Boko) ৷

fishing competition held boko
মাছ ধৰক আৰু লাভ কৰক ৫ লাখ টকা

বকো,২২ অক্টোবৰ: "অ' মোৰে ল'ৰাৰ মাক,মাছলৈ যাও নাখাও সুদা ভাত.." এটা পুখুৰীৰ পাৰত হাজাৰ হাজাৰ লোক । প্ৰত্যেকৰে হাতত একো একোটাকৈ বৰশী । বকোৰ বিশাল বিশাল আকাৰৰ পুখুৰীৰ পাৰলৈ বৰশী লৈ ঢাপলি মেলিছে সকলো । ফুটবল, ভলীবল অথবা ক্ৰিকেটৰ প্ৰতিযোগিতা নহয় । কামৰূপৰ বকোত অনুষ্ঠিত হৈছে এক ব্যতিক্ৰমী প্ৰতিযোগিতা ৷ বিশাল আকাৰৰ ৩ টাকৈ পুখুৰী সামৰি বকোত অনুষ্ঠিত কৰা হৈছে বৰশী বোৱা প্ৰতিযোগিতা(Fishing competition held Boko) ৷

মাছ ধৰক আৰু লাভ কৰক ৫ লাখ টকা

বৰশী বাওক আৰু পাঁচ লাখ টকা লাভ কৰক । কামৰূপৰ জিলাৰ বকোৰ আউনীআটীত অনুষ্ঠিত হৈছে এই ব্যতিক্ৰমী আৰু মনোৰঞ্জনধৰ্মী প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ পৰাও আহিছে বহু প্ৰতিযোগী । আউনীআটী বৰশী বোৱা প্ৰতিযোগিতা পৰিচালনা সমিতিয়ে প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে এই বিশেষ প্ৰতিযোগিতাখন ৷ বিশাল আকাৰৰ ৩টাকৈ পুখুৰী সামৰি অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ২০০ প্ৰতিযোগীয়ে ৷

পুৱা ৯ বজাৰ পৰা আবেলি ৩ বজালৈ হোৱা এই প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ স্বৰূপে সকলোতকৈ ডাঙৰ মাছটো নিজৰ বৰশীৰে ধৰিব পৰাজনে লাভ কৰিব ৫ লাখ টকাৰ পুৰস্কাৰ । দ্বিতীয় পুৰস্কাৰ ৩ লাখ টকা আৰু তৃতীয় পুৰস্কাৰ ১ লাখ টকা ৷ ইফালে এই বিশেষ আমোদজনক প্ৰতিযোগিতাখনি চাবলৈ পুখুৰীৰ পাৰত ভিৰ কৰিছে বহু লোকে ৷

পুখুৰীৰ পৰা সকলোতকৈ ডাঙৰ মাছটো ধৰিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে প্ৰতিযোগীসকলেও ৷ টোপ হিচাপে কোনোবাই ব্যৱহাৰ কৰিছে কেঁচু, কোনোবাই শিদল, কোনোবাই বৰল, কোনোবাই কোদোটোপ, কোনাবাই পলু । ডাঙৰ আৰু বেছি ওজনৰ মাছ বৰশীৰে ধৰিবলৈ সক্ষম হোৱা ৭০ গৰাকী বিজয়ীলৈ আগবঢ়োৱা হ'ব পুৰস্কাৰ ৷

লগতে পঢ়ক: APSC Exam 2022: স্বচ্ছভাৱে পৰীক্ষা পতাৰ বাবে চৰকাৰক ধন্যবাদ বিজিত পাঠকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.