ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 9, 2022, 5:02 PM IST

TOP 10 AT 5 PM
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

Tejaswita Baruah death: তেজস্বীতা বৰুৱাৰ মৃত্যুৰ প্ৰতিবেদন প্ৰকাশ

তেজস্বীতাৰ মৃত্যুত নাছিল চিকিত্‍সকৰ কোনো গাফিলতি (Tejaswita Baruah death) ৷ তেজস্বীতাৰ মৃতুৰ সময়ত অক্সিজেনৰ অভাৱো হোৱা নাছিল ৷ পিতৃ-মাতৃ, পৰিয়াল তথা মাজুলীবাসীৰ অভিযোগৰ বিপৰীত তথ্য প্ৰকাশ প্ৰতিবেদনত (Enquiry report of Tejaswita Baruah)৷

Assam Education minister Press conference : পদ বিলুপ্তি সন্দৰ্ভত শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৰ সংবাদমেল

অসম চৰকাৰে বিলুপ্তি ঘটোৱা ৮ হাজাৰ পদ কাৰ্যকৰী হৈ থকা পদ নহয় । অসমত ৪৯,১০,৪২৭ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে আছে ২,২১,২৪৭ গৰাকী শিক্ষক । বৰ্তমান শিক্ষকৰ প্ৰয়োজন নাই । পূৰণ কৰা হ'ব চাৰি হাজাৰ খালী পদ (Four thousand teachers vacancies to be filled up)। এটা দশকৰ ভিতৰত অসমত এক লাখ শিক্ষক নিযুক্তি দিয়া হৈছে । বিদ্যালয়সমূহত শিক্ষকৰ সমানুপাতৰ বাবে কৰা হ'ব বদলিকৰণ । পাৰফৰ্মেন্স গ্ৰেডিং ইনডেক্সত অসম চাৰি নম্বৰ স্থানলৈ উন্নীত । প্ৰাথমিক পৰ্যায়ত ড্ৰপ আউটৰ হাৰ পূৰ্বৰ তুলনাত দুগুণ হৈছে ।

Citizenship Amendment Act 2019 : কোনো কাৰণতে CAA বলবৎ হ’বলৈ নিদিয়াৰ মন্তব্য মমতা বেনাৰ্জীৰ

নাগৰিত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰৱ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী (Bengal chief minister Mamata Banerjee) ৷ গুজৰাটত হ’বলগীয়া বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি CAAৰ ক্ষেত্ৰত বিজেপি সক্ৰিয় হৈ পৰা বুলি মন্তব্য কৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰয়োজন হ’ল তেজ দিম; কিন্তু আমাৰ নাগৰিকত্ব কাঢ়ি নিবলৈ নিদিও ৷

Youth killed in road accident: মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন যুৱক

মৰাণৰ অন্ধ বিদ্যালয়ৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত নিহত হয় এজন যুৱক(Road Accident in Moran) ৷

Namrup Fertilizer Plant : নামৰূপ সাৰ কাৰখানা বিক্ৰীৰ বিৰোধিতাৰে ডিব্ৰুগড়ত আছুৰ মুণ্ডন

অসমৰ স্বাভিমান স্বৰূপ নামৰূপ সাৰ কাৰখানা ব্যক্তিগতকৰণ কৰাৰ বিৰোধিতা আছুৰ (AASU opposes sale of Namrup fertilizer plant) । নামৰূপ সাৰ কাৰখানা বিক্ৰীৰ বিৰোধিতাৰে ডিব্ৰুগড়ত আছুৰ মুণ্ডন কাৰ্যসূচী ।

Road accident at Teok: টীয়কত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কিশোৰ

টীয়কৰ কলিয়াপানী মুছলিম গাৱঁৰ সমীপত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে এক পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident at Teok)। যোৰহাট অভিমুখি এখন মটৰ চাইকেলে মুছলিম গাঁৱৰ বিতুল আলী (১১) নামৰ এজন কিশোৰক খুন্দিওৱাৰ ফলত তেওঁ আহত হয় (teen injured at Teok in road accident)।

Assam CM on Tejaswita death: কাৰ ভুলৰ বাবে তেজস্বিতাৰ মৃত্যু হৈছিল ? গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ

মাজুলীৰ চিকিৎসা সেৱা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM remarks on Majuli Heath service)। তেজস্বিতাৰ মৃত্যু সন্দৰ্ভতো মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে । মাজুলীৰ স্থানীয় সাংবাদিকক নীতি শিক্ষা প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে । মাজুলীলৈ চিকিৎসক কিয় আহিবলৈ ভয় কৰে তাৰো যুক্তি দিলে মুখ্যমন্ত্ৰীয়ে ।

Fight for Briyani : বিৰিয়ানিৰ বাবে কাজিয়া, জ্বলি মৰিল দম্পতি !

বিৰিয়ানিক লৈ হোৱা কাজিয়াত (fight over briyani) স্বামীয়ে পত্নীৰ গাত কেৰাচিন ঢালি জুই জ্বলাই দিয়ে (husband fired his wife) । লগে লগে পত্নীয়ে স্বামীক সাৱটি ধৰে আৰু তাৰ ফলত তেওঁলোক দুয়ো আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি হ'বলগা হয় । অৱশ্যে পিছত চিকিৎসালয়তে পত্নী আৰু স্বামী দুয়োৰে মৃত্যু হয় ।

Private security with MLA Rekibuddin Ahmed: বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লগত বহিঃৰাজ্যৰ সশস্ত্র ব্যক্তিগত নিৰাপত্তাৰক্ষী কিয় ?

বিধায়ক হিচাপে নির্বাচিত জনপ্রতিনিধিক অসম আৰক্ষীয়ে নিৰাপত্তা দিয়াত যদি ব্যৰ্থ হোৱা নাই তেন্তে কিয় কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদৰ সুৰক্ষাৰ দায়িত্বত বহিঃৰাজ্যৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী নিয়োজিত হৈ আছে (Security forces from outside with Rekibuddin Ahmed)। এই প্রশ্ন উত্থাপন কৰি অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তলৈ পত্র ।

Amit Shah meet with IB officials: দিল্লীত চোৰাংচোৱা ব্যুৰ'ৰ সৈতে বৈঠকত অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি এক বৈঠকত দেশৰ শক্তিশালী আভ্যন্তৰীণ নিৰাপত্তা নিশ্চিত কৰিবলৈ সামগ্ৰিক আভ্যন্তৰীণ নিৰাপত্তা পৰিস্থিতি,চোৰাংচোৱা সংগ্ৰহ, নেটৱৰ্ক আৰু অন্যান্য দিশৰ বুজ ল'ব । বৈঠকখনত সন্ত্ৰাসবাদী ভাবুকি আৰু গোলকীয় সন্ত্ৰাসবাদী সংগঠন (global terrorist organisations),সন্ত্ৰাসবাদৰ বিত্তীয় যোগান আদি সন্দৰ্ভত আলোচনা কৰা হ'ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.