Assam Education minister Press conference : পদ বিলুপ্তি সন্দৰ্ভত শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৰ সংবাদমেল

author img

By

Published : Nov 9, 2022, 3:24 PM IST

Ranoj Pegu

অসম চৰকাৰে বিলুপ্তি ঘটোৱা ৮ হাজাৰ পদ কাৰ্যকৰী হৈ থকা পদ নহয় । অসমত ৪৯,১০,৪২৭ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে আছে ২,২১,২৪৭ গৰাকী শিক্ষক । বৰ্তমান শিক্ষকৰ প্ৰয়োজন নাই । পূৰণ কৰা হ'ব চাৰি হাজাৰ খালী পদ (Four thousand teachers vacancies to be filled up)। এটা দশকৰ ভিতৰত অসমত এক লাখ শিক্ষক নিযুক্তি দিয়া হৈছে । বিদ্যালয়সমূহত শিক্ষকৰ সমানুপাতৰ বাবে কৰা হ'ব বদলিকৰণ । পাৰফৰ্মেন্স গ্ৰেডিং ইনডেক্সত অসম চাৰি নম্বৰ স্থানলৈ উন্নীত । প্ৰাথমিক পৰ্যায়ত ড্ৰপ আউটৰ হাৰ পূৰ্বৰ তুলনাত দুগুণ হৈছে ।

গুৱাহাটী, ৯ নৱেম্বৰ : শিক্ষা বিভাগে প্রাথমিক বিদ্যালয়ৰ ৮ হাজাৰ পদ বিলুপ্তিকৰণ কৰাক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা বিৰূপ প্ৰতিক্ৰিয়াৰ পাছতে বুধবাৰে শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে এখন সংবাদমেল সম্বোধন কৰে । গুৱাহাটীৰ কাহিলীপাৰাস্থিত সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি শিক্ষা মন্ত্রী ডাঃ পেগুৱে কয় যে বিষয়টো সন্দৰ্ভত কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছে । অসম চৰকাৰে বিলুপ্তি ঘটোৱা ৮ হাজাৰ পদ কাৰ্যকৰী হৈ থকা পদ নহয় (Education Minister reaction on abolition of posts)।

২০১৭ চনত অসম চৰকাৰে ঠিকাভিত্তিত ১১,২০৬ গৰাকী শিক্ষকক নিযুক্তি দিছিল আৰু ২০২০ চনত এইসকল শিক্ষকৰ পদ প্ৰায় নিয়মীয়াকৰণ কৰিছিল । লগতে ৬০ বছৰলৈকে সেৱাসহ আন সকলো লাভালাভৰ সৈতে নিয়মীয়া দৰমহা স্কেল আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছিল । তদুপৰি ঠিকাভিত্তিক শিক্ষকসকলে নিয়মীয়া শিক্ষকৰ দৰে লাভ কৰিব সকলো সা-সুবিধা । লাভ কৰিব মৰগীয়া বানচ । এই শিক্ষকসকল ঠিকাভিত্তিত আৰু তেওঁলোকৰ বাবে বিভাগত কোনো স্থায়ী পদ নাই ।

পদ বিলুপ্তি সন্দৰ্ভত শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৰ সংবাদমেল

তেওঁলোকে কাম কৰি থকাৰ বাবেই বিভাগৰ ৮ হাজাৰ শিক্ষকৰ পদ ২০২০ চনতেই বন্ধ কৰি ৰখা হৈছিল । এই পদখিনি কাৰ্যক্ষম হৈ থকা নাছিল । ঠিকাভিত্তিক শিক্ষকসকল অৱসৰলৈকে দীঘলীয়া সময়ৰ বাবে থাকিব আৰু যাৰ বাবে চৰকাৰে বিত্তীয় অনুশাসনৰ বাবে বন্ধ কৰি ৰখা ৮ হাজাৰ পদ বিলুপ্তি ঘটোৱাৰ সিদ্ধান্ত কৰা হৈছে বুলি তেওঁ কয় । শিক্ষাৰ্থীৰ অনুপাতে শিক্ষক হ'ব লাগে বুলি উল্লেখ কৰি তেওঁ কয় যে অসমত 'ক' শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ২,০৮,৭৭৮ গৰাকী শিক্ষক কৰ্মৰত হৈ আছে (Total number of teachers in Assam)।

তদুপৰি টিউটৰ আছে ৭,০৭৯ গৰাকী । দুয়োটা মিলাই মুঠ শিক্ষকৰ সংখ্যা হৈছে ২,২১,২৪৭ গৰাকী । আনহাতে শিক্ষাৰ্থীৰ সংখ্যা হৈছে ৪৯,১০,৪২৭ গৰাকী । সেই হিচাপত এল পি ২২ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে এগৰাকী শিক্ষক, ইউ পিত ২১ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে এগৰাকী শিক্ষক, মাধ্যমিকত ২৩ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে এগৰাকী শিক্ষক আৰু উচ্চতৰ মাধ্যমিকত ২৬ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে এগৰাকী শিক্ষক আছে ।

বৰ্তমান সময়ত শিক্ষকৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি তেওঁ কয় যে খালী হৈ আছে প্ৰায় চাৰি হাজাৰ পদ । এই পদখিনিও পূৰণ কৰা হ'ব । তেওঁ কয় যে শিক্ষাৰ্থীৰ সংখ্যা ৫০ লাখৰো অধিক হ'লে শিক্ষকৰ প্ৰয়োজন হ'ব । বৃদ্ধি হ'লে শিক্ষকৰ সংখ্যাও বৃদ্ধি কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান চৰকাৰী বিদ্যালয়লৈ শিক্ষাৰ্থী অহাৰ এটা পৰিৱেশ গঢ় লৈ উঠিছে । শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পালে শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব বুলি তেওঁ সদৰি কৰে ।

তেওঁ লগতে কয় যে বিদ্যালয়সমূহত শিক্ষকৰ সমানুপাত কৰাৰ প্ৰয়োজন আছে । বহু বিদ্যালয়ত শিক্ষকৰ সংখ্যা প্ৰয়োজনৰ বেছি আছে আৰু বহু বিদ্যালয়ত নাই । ইয়াৰ বাবে শিক্ষক বদলিকৰণৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ।

আনহাতে শিক্ষা খণ্ডত অসমৰ পাৰদৰ্শিতা সন্দৰ্ভত তেওঁ কয় যে বিগত বছৰকেইটাত অসমে যথেষ্ট সফলতা অৰ্জন কৰিছে (Assam performance in education sector)। এটা দশকৰ ভিতৰত অসমত এক লাখ শিক্ষক নিযুক্তি দিয়া হৈছে । আন্তঃগাঁঠনিৰ ক্ষেত্রতো চৰকাৰখনে যথেষ্ট কাম কৰিবলৈ সক্ষম হৈছে । ভাৰত চৰকাৰৰ পাৰফৰ্মেন্স গ্ৰেডিং ইনডেক্সত অসম এটা সময়ত ছয় নম্বৰ স্থানত আছিল আৰু এতিয়া চাৰি নম্বৰ স্থানত আছে । আন্তঃগাঁঠনি, গৱৰ্নেন্স আদিত অসমে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ কয় ।

আনহাতে আধাতে বিদ্যালয় ত্যাগ কৰা তথা ড্ৰপ আউটৰ প্ৰসংগত তেওঁ কয় যে ক'ভিডৰ পাছত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ড্ৰপ আউটৰ হাৰ বৃদ্ধি পাইছে । মাধ্যমিক পৰ্যায়ত অসমত ড্ৰপ আউটৰ হাৰ হ্ৰাস পাইছে বুলি উল্লেখ কৰি তেওঁ কয় যে আগতে ৩০ শতাংশ আছিল যদিও এতিয়া কমি ২০ শতাংশ হৈছে । প্ৰাথমিক পৰ্যায়ত ড্ৰপ আউটৰ হাৰ পূৰ্বৰ তুলনাত দুগুণ হৈছে ।

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো ড্ৰপ আউটৰ হাৰ দুগুণ বৃদ্ধি পাইছে । ইয়াৰ প্ৰধান কাৰণ ক'ভিডৰ প্ৰভাৱ বুলি সদৰি কৰি তেওঁ কয় যে যোৱা বছৰৰ পৰা ইউ ডাইচৰ ডাটা পিউৰিফাইঙৰ কাম আৰম্ভ কৰাত ড্ৰপ আউটৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে । তেওঁ লগতে কয় যে দুৰ্ভাগ্যজনক হ'লেও সত্য যে মধ্যাহ্ন ভোজন আৰু ইউনিফৰ্মৰ বাবে পইচা দিয়াৰ বাবে বহু বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা বেছিকৈ দেখুওৱা হয় ।

এতিয়া ডাটা পিউৰিফাইঙৰ কাম আৰম্ভ কৰি নিৰীক্ষণৰ ব্যৱস্থা কৰাত সঠিক তথ্য পোৱা গৈছে । যাৰ বাবে শিক্ষাৰ্থীৰ সংখ্যা কম হৈছে । অতিৰিক্তভাৱে দেখুওৱা শিক্ষাৰ্থীৰ সংখ্যাটো ড্ৰপ আউটৰ তালিকাভুক্ত হৈছে । যাৰ ফলত ড্ৰপ আউটৰ হাৰ বৃদ্ধি হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে পৰবৰ্তী সময়ত ড্ৰপ আউটৰ হাৰ নিয়ন্ত্ৰণ হ'ব ।

লগতে পঢ়ক :Artist Tarawati Mili Bori: বিশিষ্ট শিল্পী তৰাৱতী মিলি বড়িক সম্বৰ্ধনা সাংবাদিকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.