Tejaswita Baruah death: কি পালে তেজস্বিতা বৰুৱাৰ মৃত্যুৰ তদন্তত ?

author img

By

Published : Nov 9, 2022, 4:13 PM IST

Updated : Nov 9, 2022, 6:43 PM IST

Enquiry report of Tejaswita Baruah

তেজস্বিতাৰ মৃত্যুত নাছিল চিকিত্‍সকৰ কোনো গাফিলতি (Tejaswita Baruah death) ৷ তেজস্বীতাৰ মৃতুৰ সময়ত অক্সিজেনৰ অভাৱো হোৱা নাছিল ৷ পিতৃ-মাতৃ, পৰিয়াল তথা মাজুলীবাসীৰ অভিযোগৰ বিপৰীত তথ্য প্ৰকাশ প্ৰতিবেদনত (Enquiry report of Tejaswita Baruah)৷

মাজুলী, 9 নৱেম্বৰ: অৱশেষত প্ৰকাশ হ’ল তেজস্বিতা বৰুৱাৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদন (Enquiry report of Tejaswita Baruah) ৷ তদন্তকাৰী বিষয়া ড৹ সঞ্জীৱ কুমাৰ ফুকনে উপায়ুক্তৰ হাতত জমা দিলে এই প্ৰতিবেদন ৷ তেজস্বিতাৰ মৃত্যু সন্দৰ্ভত পৰিয়াল, দল-সংগঠন তথা আন স্থানীয় লোকে কৰা অভিযোগৰ বিপৰীতে আন কেটবোৰ তথ্য প্ৰকাশ পাইছে এই প্ৰতিবেদনত ৷ সাত পৃষ্ঠা জোৰা এক প্ৰতিবেদন প্ৰকাশ কৰিছে তদন্তকাৰী বিষয়া তথা মাজুলীৰ অতিৰিক্ত জিলা দণ্ডাধীশ ড৹ সঞ্জীৱ কুমাৰ ফুকন আৰু মাজুলীৰ ৰাজহ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ জয়দ্বীপ ৰজকে ৷

তেজস্বিতাৰ মৃত্যুৰ পাচত (Tejaswita Baruah death)ৰাজ্যৰ সৰ্বত্ৰে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ ৷ চিকিৎসকৰ গাফিলতিৰ বাবেই কিশোৰীগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ উঠিছিল ৷ তাৰ পাচতেই ইয়াৰ তদন্ত ঘোষণা কৰা হয় ৷ তদন্ত কালত ৰাজহুৱা শুনানি, গড়মূৰস্থিত শ্ৰী শ্ৰী পিতাম্বৰ দেৱ অসামৰিক চিকিৎসালয়ৰ চিচি টিভি ফুটেজ আদি পৰীক্ষা কৰা হয় ৷ তাৰোপৰি কৰ্তব্যৰত চিকিৎসক, চিকিৎসা কৰ্মী আদিৰ ভাষ্য গ্ৰহণৰ লগতে চিকিৎসালয়খনত সেই বিশেষ দিনটোত মজুত থকা অক্সিজেন, মাস্ক আদিৰ তথ্যও সংগ্ৰহ কৰে তদন্তকাৰী দলে (Probe on Tejaswita Baruah death)৷

তেজস্বিতাৰ মৃত্যু আৰু উত্থাপিত অভিযোগ:

যোৱা 5 অক্টোবৰত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে মাজুলীৰ দৰিয়াগাঁৱত অনুষ্ঠিত এক অনুষ্ঠানত অংশ ল’বলৈ গৈছিল কণমানি কণ্ঠশিল্পী তেজস্বিতা বৰুৱা ৷ অনুষ্ঠানৰ মাজতেই হঠাৎ অসুস্থ হৈ পৰে কিশোৰীগৰাকী ৷ লগে লগে তেওঁক ভৰ্তি কৰোৱা হয় মাজুলীৰ গড়মূৰস্থিত শ্ৰী শ্ৰী পিতাম্বৰ দেৱ অসামৰিক চিকিৎসালয়ত ৷ কিন্তু দুৰ্ভাগ্যবশতঃ তাতেই মৃত্যু ঘটে তেজস্বিতাৰ ৷

পৰিয়ালৰ লোকে অভিযোগ তোলে যে, চিকিৎসকৰ গাফিলতিৰ বাবেই মৃত্যুক আঁকোৱালি ল’লে কিশোৰীগৰাকীয়ে ৷ চিকিৎসালয়খনত অক্সিজেন চিলিণ্ডাৰ মজুত নথকাৰো অভিযোগ উত্থাপিত হয় ৷ লগে লগে এই ঘটনাৰ তদন্ত বিচাৰি ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিবাদৰ ৷ স্বাস্থ্যমন্ত্ৰীয়ে এই ঘটনাৰ তদন্ত ঘোষণাৰ লগতে নিলম্বন কৰে চিকিৎসালয়খনৰ অধীক্ষক ডাঃ অমূল্য গোস্বামীক ৷

ৰাজহুৱা শুনানিত কোনে কি ক’লে ?

তেজস্বিতাৰ এগৰাকী সম্বন্ধীয় ককায়েকে এই ঘটনাক চিকিৎসকৰ গাফিলতি বুলি দাবী কৰাৰ লগতে তেজস্বিতা প্ৰায় 5 বছৰ বয়সৰ পৰাই মৃগী বেমাৰত আক্ৰান্ত বুলি জানিবলৈ দিয়ে ৷ একাংশ দল-সংগঠনৰ লোকে প্ৰত্যক্ষদৰ্শী নহ’লেও পৰিয়ালৰ অভিযোগৰ ওপৰত ভিত্তি কৰি সাক্ষ্য প্ৰদান কৰে ৷ তেওঁলোকে অৱশ্যে চিকিৎসালয়খনৰ বিভিন্ন বিসংগতি আৰু অভাৱৰ কথা উল্লেখ কৰে ৷

সেই দিনা বিয়লি চিকিৎসালয়ত কৰ্তব্যৰ দায়িত্বত আছিল ডাঃ নীলাক্ষি ঠাকুৰীয়া ৷ তেওঁ নিজৰ বক্তব্যত কয় যে, তেজস্বিতাৰ পিতৃ-মাতৃয়ে তেওঁক কিশোৰীগৰাকীৰ মৃগী ৰোগৰ বিষয়ে জনাইছিল আৰু নিয়মিত ঔষধ প্ৰদান কৰা নহয় বুলি কৈছিল ৷ ডাঃ ঠাকুৰীয়াই তেওঁক অক্সিজেন আৰু এপটন ইনজেক্চন দিয়ে ৷

কিছুসময়ৰ পাচত যেতিয়া চিকিৎসকে পুনৰ তেজস্বিতাৰ পালচ্ পৰীক্ষা কৰে তেতিয়া ৰক্তচাপ ৰেকৰ্ড কৰিব পৰা নাছিল ৷ তেতিয়া তেওঁ আৰু দুটা ইনজেক্চন দিয়ে যদিও কিছু সময়ৰ পাচত তেজস্বিতাৰ মৃত্যু হয় ৷ চিকিৎসালয়খনৰ আন এগৰাকী চিকিৎসক ডাঃ অনিমেষ দেৱনাথৰ মতে, ডাঃ নীলাক্ষি ঠাকুৰীয়াই উপযুক্ত চিকিৎসা আৰু ঔষধেই প্ৰদান কৰিছিল তেজস্বিতাক ৷

তদন্তত কি পোৱা গ’ল ?

চিকিৎসালয়ত ভৰ্তি কৰাৰ সময়ত প্ৰায় অচেতন অৱস্থাত আছিল তেজস্বিতা ৷ তেওঁৰ মুখেৰে ফেন ওলাইছিল, দেখা অস্থিৰ যেন লাগিছিল ৷ যিটো মৃগী বেমাৰৰ অন্যতম লক্ষণ ৷ কোনো পলম নকৰাকৈয়ে ডাঃ নীলাক্ষি ঠাকুৰীয়াই তেওঁক পৰ্যবেক্ষণ কৰি ডাঃ অনিমেষ দেৱনাথৰ পৰা পৰামৰ্শ লয় ৷ সেইখিনি ঔষধ আৰু চিকিৎসা শুদ্ধ আছিল বুলি প্ৰমাণিত কৰিছে আন চিকিৎসকেও ৷

হাস্পতালত ভৰ্তি কৰোৱাৰ পিচৰ পৰা মৃত্যুৰ সময়লৈকে তেজস্বিতাক অক্সিজেন যোগান ধৰা হৈছিল বুলি চিকিৎসালয় কৰ্তৃপক্ষই জনাইছে ৷ কিন্তু চিকিৎসাৰ প্ৰতি তেজস্বিতাৰ শৰীৰে সঁহাৰি নজনোৱাৰ বাবেই তেজস্বিতাক আই চি ইউ বা আন চিকিৎসালয়লৈ স্থানান্তৰ কৰিব পৰা হোৱা নাছিল ৷

এই প্ৰতিবেদন প্ৰকাশৰ পাচতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেজস্বিতাৰ পিতৃ-মাতৃৰ ওপৰতেই একপ্ৰকাৰ দোষ জাপি দি মন্তব্য প্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰীয়ে কয় যে, মাক-দেউতাকে তেজস্বিতাক সময়ত ঔষধ খুওৱা নাছিল (CM on Tejaswita Baruah death) ৷ মুখ্যমন্ত্ৰীৰ এই মন্তব্যত অৱশ্য়ে দুখ প্ৰকাশ কৰিছে তেজস্বিতাৰ পিতৃয়ে ৷

লগতে পঢ়ক : Assam CM on Tejaswita death: কাৰ ভুলৰ বাবে তেজস্বিতাৰ মৃত্যু হৈছিল ? গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ

Last Updated :Nov 9, 2022, 6:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.