ETV Bharat / state

Namrup Fertilizer Plant : নামৰূপ সাৰ কাৰখানা বিক্ৰীৰ বিৰোধিতাৰে ডিব্ৰুগড়ত আছুৰ মুণ্ডন

author img

By

Published : Nov 9, 2022, 3:55 PM IST

অসমৰ স্বাভিমান স্বৰূপ নামৰূপ সাৰ কাৰখানা ব্যক্তিগতকৰণ কৰাৰ বিৰোধিতা আছুৰ (AASU opposes sale of Namrup fertilizer plant) । নামৰূপ সাৰ কাৰখানা বিক্ৰীৰ বিৰোধিতাৰে ডিব্ৰুগড়ত আছুৰ মুণ্ডন কাৰ্যসূচী ।

নামৰূপ সাৰ কাৰখানা বিক্ৰীৰ বিৰোধিতাৰে ডিব্ৰুগড়ত আছুৰ মুণ্ডন
নামৰূপ সাৰ কাৰখানা বিক্ৰীৰ বিৰোধিতাৰে ডিব্ৰুগড়ত আছুৰ মুণ্ডন

মৰাণ, ৯ নৱেম্বৰ : অসমৰ স্বাভিমান স্বৰূপ নামৰূপ সাৰ কাৰখানা বিক্ৰী তথা ব্যক্তিগতকৰণ কৰিবলৈ প্ৰস্তুতি চলাইছে কেন্দ্ৰীয় চৰকাৰে (Centre to privatisation of Namrup fertilizer plant) । যিকোনো মুহূৰ্ততে বিক্ৰী হ'ব পাৰে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানা । সকলো ঠিকে থাকিলে আগন্তুক বৰ্ষতে মোদী চৰকাৰে বিক্ৰী কৰিব উত্তৰ-পূৰ্বাঞ্চলৰ কৃষিজীৱীসকলৰ একমাত্ৰ ভৰসা এই সাৰ কাৰখানাটো ।

চৰকাৰৰ এই সিদ্ধান্তক বিৰোধিতা কৰি ডিব্ৰুগড়ত আছুৱে ৰূপায়ণ কৰে মুণ্ডন কাৰ্যসূচী (AASU Mundan programme in Dibrugarh) । নামৰূপ সাৰ কাৰখানা ব্যক্তিগত খণ্ডৰ হাতত গতোৱা আৰু চতুৰ্থ গোট স্থাপনৰ পৰিকল্পনা কাৰ্যকৰী নকৰাৰ প্ৰতিবাদত বুধবাৰে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰে (AASU opposes sale of Namrup fertilizer plant) ।

Namrup Fertilizer Plant : নামৰূপ সাৰ কাৰখানা বিক্ৰীৰ বিৰোধিতাৰে ডিব্ৰুগড়ত আছুৰ মুণ্ডন

বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ' বেক, নামৰূপ সাৰকাৰখানা বন্ধ কৰিবলৈ দিয়া নহ'ব আদি শ্লোগানেৰে আছু কৰ্মীসকলে উপায়ুক্ত কাৰ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে । সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সম্পাদক অৱনী গগৈৰ নেতৃত্বত অনুষ্ঠিত মুণ্ডন কাৰ্যসূচীত সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আছুকৰ্মীসকলে কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

এই প্ৰতিবাদী কাৰ্যসূচীত কেইবাজনো আছুকৰ্মীয়ে মুণ্ডন কৰা পৰিলক্ষিত হয় । উল্লেখযোগ্য যে প্ৰথম আৰু দ্বিতীয় গোটটো বন্ধ হৈ যোৱাত আওপুৰণি তৃতীয় গোটটোৰে সাৰ উৎপাদন কৰি কৃষকৰ চাহিদা পূৰণ কৰি আহিছে নামৰূপ সাৰ কাৰখানাই । তেনেস্থলত সাৰ কাৰখানাৰ ভৱিষ্যতলৈ চাই চতুৰ্থ গোটটো স্থাপন কৰাটো নিতান্তই প্ৰয়োজন আছিল ।

২০০৬ চনতে তদানীন্তন সাৰ মন্ত্ৰী ৰামবিলাস পাছোৱান নামৰূপত উপস্থিত হৈ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । কিন্তু উক্ত প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিতেই আবদ্ধ হৈ থাকিল । মোদী চৰকাৰে প্ৰথমবাৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ১০০ দিনীয়া কৰ্মসূচীত নামৰূপ সাৰকাৰখানাৰ বিষয়টো অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰিছিল যদিও সেয়া অসাৰ প্ৰতিপন্ন হয় ।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে সাৰ কাৰখানা মেৰামতিৰ বাবে ১০০ কোটি টকাৰ অনুদান আগবঢ়াইছিল যদিও মাত্ৰ ১০০ কোটি টকাৰে সাৰ উদ্যোগটো জীয়াই ৰখাটো সম্ভৱপৰ নহয় । কোনো কাৰণতেই সাৰ কাৰখানাটো বিক্ৰী কৰিবলৈ দিয়া নহ'ব বুলিও হুংকাৰ প্ৰদান কৰে আছুকৰ্মীসকলে ।

লগতে পঢ়ক :Private security with MLA Rekibuddin Ahmed: বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লগত বহিঃৰাজ্যৰ সশস্ত্র ব্যক্তিগত নিৰাপত্তাৰক্ষী কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.