ETV Bharat / state

Theft near Karimganj Sadar police station: চোৰে লুটি নিলে বহু মূল্য়বান সামগ্ৰী

author img

By

Published : Jul 14, 2022, 1:41 PM IST

robbery-in-front-of-karimganj-sadar-police-station
Theft in Karimganj: চোৰে লুটি নিলে বহু মূল্য়বান সামগ্ৰী

কৰিমগঞ্জ চহৰত চুৰিকাণ্ড ৷ কৰিমগঞ্জৰ মাজ মজিয়াস্থিত সদৰ থানাৰ কাষতে থকা নীভা দেৰ ঘৰত চোৰে চলালে চাফাই অভিযান (Theft near Karimganj Sadar police station)। ঘৰত কোনো নথকাৰ সুযোগ লৈ দৰ্জা ভাঙি লক্ষ টকাৰ সা-সামগ্ৰী অলংকাৰ লৈ পলায়ন কৰে চোৰে ৷

কৰিমগঞ্জ, 14 জুলাই: কৰিমগঞ্জত চোৰৰ উপদ্ৰৱ ৷ ইটোৰ পিছত সিটোকৈ সংঘটিত হৈছে চুৰি কাণ্ড ৷ চোৰৰ উপদ্ৰৱত নিশা উজাগৰে থাকিবলগীয়া হৈছে সাধাৰণ ৰাইজে ৷ বুধবাৰে নিশা কৰিমগঞ্জৰ মাজ মজিয়াস্থিত সদৰ থানাৰ কাষতে থকা নীভা দেৰ ঘৰত চোৰে চলালে চাফাই অভিযান (Theft near Karimganj Sadar police station) । ঘৰত কোনো নথকাৰ সুযোগ লৈ দৰ্জা ভাঙি লক্ষাধিক টকাৰ সা-সামগ্ৰী, অলংকাৰ লৈ পলায়ন কৰে চোৰে ৷

পোৱাৰে ভাগত ৰাইজে সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰি খবৰ দিয়ে ঘৰৰ মালিকক ৷ ঘৰৰ মানুহ আহি খবৰ দিলে আৰক্ষীক । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লৈ তদন্ত আৰম্ভ কৰে ৷ কৰিমগঞ্জৰ ৰাইজৰ অভিযোগ আৰক্ষী চকীৰ কাষতে যদি এনে চুৰি কাণ্ড সংঘটিত হয় তেন্তে আমি কিমান সুৰক্ষিত !

লগতে পঢ়ক: বিলাসী বাহনত ছাগলী চোৰ কৰি ৰঙাঘৰৰ আলহী গৌতম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.