ETV Bharat / state

ক’ভিডৰ ভেকচিন গ্ৰহণ কৰি চিকিৎসাধীন 14 গৰাকী ছাত্ৰী

author img

By

Published : Jun 11, 2022, 8:44 PM IST

কভিড ভেকচিন গ্ৰহণৰ পাছতে অসুস্থ হৈ পৰিল ছাত্ৰী (Student sick after taking Covid vaccine ) ৷ কৰিমগঞ্জত সংঘটিত হৈছে এই ঘটনা ৷ ভেকচিন গ্ৰহণৰ পাছতে 14 গৰাকী ছাত্ৰী মাটিত বাগৰি পৰে ৷

Ill after vaccination in Karimganj
ক’ভিডৰ ভেকচিন গ্ৰহণ কৰি চিকিৎসাধীন 14 গৰাকী ছাত্ৰী

কৰিমগঞ্জ, 11 জুন: ক'ভিড ভেকচিন গ্ৰহণ কৰি অসুস্থ হৈ পৰিল ১৪ গৰাকী ছাত্ৰী । কৰিমগঞ্জত সংঘটিত হৈছে এই ঘটনা ৷ ভেকচিন গ্ৰহণৰ কিছু সময়ৰ পাছতে মাটিত বাগৰি পৰে ছাত্ৰীকেইগৰাকী (Student sick after taking Covid vaccine ) ৷

কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ ছাগলমোয়া ট্ৰাইবেল এম ই স্কুলত শনিবাৰে ক'ভিড-19ৰ প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতে 14 গৰাকীকৈ ছাত্ৰী অসুস্থ হৈ পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে (Ill after vaccination in Karimganj)। নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি শনিবাৰে বিদ্যালয়খনত ক’ভিড টীকাৰ প্ৰথম পালি দিয়াৰ কথা আছিল (Vaccination at School in Karimganj)। সেই হিচাবে বিদ্যালয়খনৰ ১০ৰ পৰা ১৫ বছৰ বয়সৰ মুঠ ৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীক ভেকচিন প্ৰদান কৰা হয় (Covid vaccination for student)। ভেকচিন গ্ৰহণৰ পাছতে 14 গৰাকী ছাত্ৰীৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে ।

ক’ভিডৰ ভেকচিন গ্ৰহণ কৰি চিকিৎসাধীন 14 গৰাকী ছাত্ৰী

অসুস্থ ছাত্ৰীকেইগৰাকীক শিক্ষক আৰু অভিভাৱকৰ তৎপৰতাত বাজাড়িছড়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় । কিন্তু স্বাস্থ্য কেন্দ্ৰটোত উন্নত চিকিৎসা ব্যৱস্থা নথকাৰ বাবে বাজাড়িছড়াস্থিত মাকুন্দা ক্ৰিষ্টিয়ান হাস্পতাললৈ স্থানান্তৰিত কৰা হয় (Makunda Christian Leprosy and General Hospital)।

লগতে পঢ়ক: আলফাৰ নামত গুলি ফুটাই ৰঙা ঘৰৰ আলহী হোৱা অপৰাধীক আদৰিলে বিজেপিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.