ETV Bharat / state

আলফাৰ নামত গুলি ফুটাই ৰঙা ঘৰৰ আলহী হোৱা অপৰাধীক আদৰিলে বিজেপিয়ে

author img

By

Published : Jun 11, 2022, 6:33 PM IST

দুবছৰ আগতে আলফাৰ নামত গুলি ফুটাই ধনদাবী কৰি ৰঙা ঘৰৰ আলহী হোৱা অপৰাধীক দলীয় গামোচা, টুপি পিন্ধাই বিজেপিত যোগদান কৰালে মন্ত্ৰী যোগেন মহনে ৷ বিজেপিত যোগদান কৰি অপৰাধীয়ে সুযোগ লৈছে নেকি নিজকে লুকুৱাবলৈ ! মন্ত্ৰী যোগেন মহনৰ এনে কাণ্ডক লৈ চৰ্চা চৰাইদেউ জিলা বিজেপিত ৷

আলফাৰ নামত গুলি ফুটাই ৰঙা ঘৰৰ আলহী হোৱা অপৰাধীক আদৰিলে বিজেপিয়ে
আলফাৰ নামত গুলি ফুটাই ৰঙা ঘৰৰ আলহী হোৱা অপৰাধীক আদৰিলে বিজেপিয়ে

মৰাণ, 11 জুন: কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ উদ্দেশ্যে চলি আছে সদস্য ভৰ্তিৰ কামকাজ । ঠিক তেনেকৈ মাহমৰা সমষ্টিটো চলি আছে পূৰ্ণোদ্যমে সদস্য ভৰ্তি তথা বিজেপিত যোগদানৰ কাৰ্যসূচী । নতুন সদস্য ভৰ্তি অভিযান তথা যোগদানৰ কাৰ্যসূচী কোনো দলৰ বাবে নতুন কথা নহয় । কিন্তু নতুন সদস্যৰ যোগদানে এদিন বিপদত পেলাব পাৰে নেকি দলটোক সেয়াহে চিন্তনীয় ।

নতুন সদস্য ভৰ্তি অথবা যোগদানৰ কাৰ্যসূচীত এচাম অপৰাধীয়ে সুযোগ লৈ নিজকে সুৰক্ষিত কৰিবলৈ শাসকীয় দলৰ শৰণাপন্ন হৈছে এতিয়া । তাৰে এক উদাহৰণ হৈছে শুকুৰবাৰে মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহনৰ বাসগৃহত বিজেপিত যোগদানৰ কাৰ্যসূচী (BJP joining program at Jogen Mohan residence) । ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ বাসগৃহত আটছা, মৰাণ শাখা আৰু সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চৰ প্ৰাক্তন সম্পাদক তথা বৰ্তমান ভাৰতীয় চাহ মজদুৰ সংঘৰ মৰাণ শাখাৰ সম্পাদক উত্তম তেলেংগাৰ নেতৃত্বত কেইবাজনো আটছা কৰ্মীয়ে বিজেপি দলত যোগদান কৰে ।

আলফাৰ নামত গুলি ফুটাই ৰঙা ঘৰৰ আলহী হোৱা অপৰাধীক আদৰিলে বিজেপিয়ে
আলফাৰ নামত গুলি ফুটাই ৰঙা ঘৰৰ আলহী হোৱা অপৰাধীক আদৰিলে বিজেপিয়ে

এতিয়া প্ৰশ্ন হয় যে উত্তম তেলেংগা কিমান নিকা ? কি কাৰণত জেল হাজোতলৈ যাব লগা হৈছিল উত্তম তেলেংগা (Why Uttam Telenga arrested) ? উল্লেখযোগ্য যে দুটা বছৰৰ পূৰ্বে চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত অসম চাহ কোম্পানীৰ অধীনস্থ হাজোৱা চাহ বাগিচাত আলফাই গুলিবৰ্ষণ কৰি সন্ত্ৰাস সৃষ্টি কৰি ধন দাবী কৰাৰ লগত জড়িত থকাৰ অপৰাধত আটক কৰা হৈছিল উত্তম তেলেংগাক ।

লগতে তেতিয়াৰ চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত আৰক্ষী দলটোৱে হাজোৱা চাহ বাগিচাত গুলিবৰ্ষণত ব্যৱহাৰ কৰা এটা পইন্ট ২২ পিষ্টল, এখন পালচাৰ মটৰ চাইকেল,আলফাৰ নামত পেড,ধন দাবী পত্ৰ আৰু ভালেসংখ্যক আপত্তিজনক নথি পত্ৰ জব্দ কৰিছিল আৰু উত্তম তেলেংগাক জেল হাজোতলৈ প্ৰেৰণ কৰিছিল । এতিয়া প্ৰশ্ন হয় যদি উত্তম তেলেংগা সঁচাকৈ এনেবোৰ কাণ্ডৰ লগত জড়িত তেন্তে নিশ্চিতভাৱে কোনো সুযোগৰ সন্ধানত বিজেপিত যোগদান কৰিছে । লগতে মন্ত্ৰী যোগেন মহনে এনে অপৰাধীক দলৰ সদস্যৰূপে স্থান দিয়াক লৈও এতিয়া চৰাইদেউ জিলাৰ বিজেপিৰ ভিতৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: অংগনৱাড়ী কেন্দ্ৰই একোটা অঞ্চলৰ সৌন্দৰ্যবৰ্ধন কৰে: যোগেন মহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.