ETV Bharat / state

Karimganj turns into smuggling hub: চোৰাং সৰবৰাহৰ ঘাটিলৈ পৰিণত কৰিমগঞ্জ

author img

By

Published : Apr 2, 2023, 9:30 PM IST

কৰিমগঞ্জ জিলাত চোৰাং সৰবৰাহৰ বেহা ৷ জিলাখনৰ দুঠাইৰ পৰা চোৰাংভাৱে সৰবৰাহ কৰা শুকান ভাং আৰু বাৰ্মিজ ছুপাৰি সহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে (Illegal Dry cannabis seized in Karimaganj)৷

চোৰাং সৰবৰাহৰ ঘাটিলৈ পৰিণত কৰিমগঞ্জ
চোৰাং সৰবৰাহৰ ঘাটিলৈ পৰিণত কৰিমগঞ্জ

চোৰাং সৰবৰাহৰ ঘাটিলৈ পৰিণত কৰিমগঞ্জ

কৰিমগঞ্জ, ২ এপ্ৰিল: ৰাজ্যজুৰি চোৰাং সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান চলাই অহাৰ পিচতো প্ৰতিদিনে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে চোৰাং সৰবৰাহৰ বাতৰিয়ে ৷ কৰিমগঞ্জ জিলাৰ দুঠাইত চোৰাংভাৱে সৰবৰাহ কৰা শুকান ভাং আৰু বাৰ্মিজ ছুপাৰি জব্দ কৰিবলৈ সক্ষম হৈছে (Illegal Dry cannabis seized in Karimaganj) ৷

প্ৰথমটো ঘটনাৰ বিৱৰণী অনুসৰি শনিবাৰে সন্ধিয়া এক গোপন সূত্ৰৰ ভিত্তিত কৰিমগঞ্জ জিলাৰ চুৰাইবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধ্ৰুৱজ্যোতি দেৱ বাৰ্মাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলায় ৷ আৰক্ষীয়ে নাকা পইণ্ট অৰ্থাৎ ৮ নং অসম-আগৰতলা ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই ১২ চকীয়া ল’ৰী দুখন আৰু ১ খন কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে ২ খন ল’ৰীত তালাচী চলাই ল’ৰীখনত থকা গোপন কেবিনৰ কোঠাৰ পৰা ১৬৬ কেজিৰ ৫২ পেকেট আৰু ৩৭৮ কেজিৰ ৫৩ পেকেট শুকান ভাং উদ্ধাৰ কৰে ৷ লগতে আৰক্ষীৰ দলটোৱে ১২ চকীয়া ল’ৰী চালক দেৱানন্দ ৰূপিনী, সহ-চালক বিকাশ দেৱ বৰ্মা আৰু আনখন কণ্টেইনাৰৰ চালক কাৰ্তিক ৰায় আৰু সহ-চালক ৰঞ্জিত ৰাভাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (4 arrested along with ganja) ৷

সম্প্ৰতি গাঞ্জাসহ, ধৃত চালক আৰু ল’ৰী দুখন আৰক্ষীয়ে স্থানীয় থানাৰ জিম্মাত চমজাই দিছে ৷ দেওবাৰে ধৃত লোককেইজনক ধৰ্মনগৰ জিলা আদালতত হাজিৰ কৰোৱা হয় ৷

এই সন্দৰ্ভত মহকুমা আৰক্ষী বিষয়া দেৱাশীষ সাহাই কয় যে, গোপন তথ্যৰ ভিত্তিত চলোৱা অভিযানৰ সময়ত দুখন পৃথক ল’ৰীৰ পৰা ৫৪৪ কেজি ওজনৰ ১০৫ পেকেট শুকান গাঞ্জা জব্দ কৰা হৈছে ৷ এই গাঞ্জাখিনিৰ ক’লা বজাৰ মূল্য ৫০ লাখ টকাৰো অধিক বুলি অনুমান কৰিছে মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে ৷

ইফালে দ্বিতীয়টো ঘটনাত নগ্ৰা আৰক্ষীয়ে কৰিমগঞ্জলৈ যোৱা পথত ৩৫ লাখ টকাৰ বাৰ্মিজ ছুপাৰি সৰহৰাহ কৰা এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছে (Burmese supari seized in Karimaganj) ৷ নগ্ৰা আৰক্ষীৰ আই চি জে পি দাসে কয় যে ত্ৰিপুৰাৰ পৰা দমাচৰা বালিপিপালা পথৰ মাজেৰে বাৰ্মিজ ছুপাৰিৰ চোৰাং সৰবৰাহ কৰা এক বাহন আহিব বুলি আগতীয়াকৈ তথ্য পোৱা গৈছিল ৷

এই তথ্যৰ ভিত্তিত শনিবাৰে পুৱা আৰক্ষীৰ এটা দলে ৰঙামাটি অঞ্চলত নাকা তালাচী বহুৱাই ৷ আৰক্ষীৰ এই তালাচী অভিযানৰ সময়তে টি আৰ ০৫-এ-১৫৩১ নম্বৰৰ এছ এম এল ল’ৰী এখন বালিপিপালা হৈ ৰঙামাটিলৈ গৈ থকা অৱস্থাত আৰক্ষীক ল’ৰী পথাৰ কাষতে থৈ চালকজনে পলায়ন কৰে ৷ আৰক্ষীয়ে ৰৈ থকা বাহনখন দেখি তালাচী চলাওঁতে বাৰ্মিজ ছুপাৰি ভৰ্তি এটা বেগ উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে লগে লগে অভিযান চলাই গাড়ীখনত থকা সহ-চালক আব্দুল কায়ুমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (One arrested in Karimganj) ৷

লগতে পঢ়ক: Conflict over land: ভূমিকেন্দ্ৰিক সংঘাতত আহত কেইবাজনো লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.