ETV Bharat / briefs

প্ৰয়োজনত প্ৰাণ দিব, কিন্তু ভূমি নিদিয়ে : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Jul 27, 2021, 7:57 PM IST

Updated : Jul 27, 2021, 10:17 PM IST

অসমে এক ইঞ্চি ভূমিও মিজোৰামক নিদিয়ে ৷ প্ৰয়োজনত প্ৰাণ দিব, কিন্তু ভূমি নিদিয়ে ৷ এই কথা সাংবাদিকৰ আগত মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

assam mizoram Boder conflict
মিজোৰামৰ এক ইঞ্চি মাটিও অসমে হস্তক্ষেপ কৰা নাই

কাছাৰ, 27 জুলাই : অশান্ত হৈ আছে অসম-মিজোৰাম সীমান্তত ৷ সোমবাৰে অসম-মিজোৰাম সীমান্ত(Assam Mizoram border)ৰ ভূমি বিবাদ(land dispute)ৰ ঘটনাক কেন্দ্ৰ দুই ৰাজ্যৰ সীমান্তত সৃষ্টি হৈছিল এক অপ্ৰীতিকৰ পৰিস্থিতি ৷ যাৰ বাবে মঙলবাৰে পুৱা অশান্ত অসম-মিজোৰাম সীমান্তত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ অসম-মিজোৰামৰ সীমা বিবাদত শ্বহীদ হোৱা বীৰ জোৱানলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।

মুখ্যমন্ত্ৰীৰ হুংকাৰ অসমে এক ইঞ্চি ভূমিও মিজোৰামক নিদিয়ে ৷ প্ৰয়োজনত আৰক্ষীয়ে প্ৰাণ দিব, কিন্তু ভূমি নিদিয়ে ৷ নিজৰ মাটি সুৰক্ষিত কৰাৰ দায়িত্ব অসমে পালন কৰিব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

বিবাদ নিস্পত্তি(settlement of border dispute)ৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ স্থিতিয়েই অসমৰ স্থিতি হ’ব বুলিও মতপোষণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

মিজোৰামৰ এক ইঞ্চি মাটিও অসমে হস্তক্ষেপ কৰা নাই

লগতে পঢ়ক: বিবদমান ভূমিৰ প্ৰকৃত গৰাকী অসম নহয় মিজোৰাম হে : চি লালৰচাংগা

এক সংবাদমেলযোগে কেন্দ্ৰীয় চৰকাৰে বিচাৰিলে ভূমি বিবাদ নিস্পত্তি কৰিবলৈ অসমে কুণ্ঠাবোধ নকৰে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ আনকি মিজোৰামৰ মাটিত অসমে এক ইঞ্চিও হস্তক্ষেপ কৰা নাই বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । যদি ভাৰত চৰকাৰে বৰাক সহ গুৱাহাটী, নলবাৰী মিজোৰামক দি দিয়ে, তেনেহ’লে মুখ্যমন্ত্ৰীৰ একো ক’ব লগা নাই । অন্যথা মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ এক ইঞ্চি ভূমি মিজোৰামক নিদিও বুলি সকীয়নি প্ৰদান কৰে ।

আনহাতে, ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ 5 গৰাকী শ্বহীদ জোৱানৰ পৰিয়াললৈ 50 লাখ টকাকৈ এককালীন সাহায্য আগবঢ়াব ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma)ই মঙলবাৰে শিলচৰত এই কথা সাংবাদিকৰ আগত ব্যক্ত কৰে ৷ তেওঁ লগতে কয় অসম আৰক্ষীৰ 42 গৰাকী জোৱানলৈ 1 লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ’ব ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কাছাৰৰ আৰক্ষী অধীক্ষক বি চি নিম্বলকাৰক(IPS BC Nimbalkar) এয়াৰ এম্বুলেঞ্চৰ সহায়ত উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে মুম্বাইলৈ প্ৰেৰণ কৰিছে ৷

মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰা অনুসৰি, এই ভূমি বিবাদৰ সমাধান উলিয়াবলৈ অতি শীঘ্ৰে আকৌ মিজোৰামৰ মুখ্যমন্ত্ৰীৰ লগত এক আলোচনাত মিলিত হ’ব ৷ উল্লেখ্য যে, এই ভূমি বিবাদক কেন্দ্ৰ কৰি সোমবাৰৰ পৰাই কেৱল অসম-মিজোৰাম সীমান্তই নহয় সমগ্ৰ দেশ উত্তপ্ত হৈ আছে ৷ তাৰে প্ৰতিবাদ স্বৰূপে কাছাৰ জিলাৰ শতাধিক স্থানীয় ৰাইজে কাছাৰ জিলাৰ কাবুগঞ্জত অসম-মিজোৰামৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

লগতে পঢ়ক: সীমা বিবাদৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশমতে আগবাঢ়িব অসম

Last Updated :Jul 27, 2021, 10:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.