ETV Bharat / state

Bangladeshi Arrested in Tripura : ত্ৰিপুৰাত শিশু-মহিলাসহ 14 গৰাকী বাংলাদেশীক গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 8:06 PM IST

Updated : Nov 12, 2023, 8:56 PM IST

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা 14 গৰাকী বাংলাদেশী নাগৰিকক দেওবাৰে গ্ৰেপ্তাৰ কৰা হয় ৷ দক্ষিণ ত্ৰিপুৰাৰ সীমান্তৱৰ্তী ছাবৰুমৰ এখন ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে বাংলাদেশীকেইগৰাকীক ৷

Bangladeshi Arrested in Tripura
ত্ৰিপুৰাত শিশু-মহিলাসহ ১৪ গৰাকী বাংলাদেশীক গ্ৰেপ্তাৰ

ত্ৰিপুৰাত শিশু-মহিলাসহ ১৪ গৰাকী বাংলাদেশীক গ্ৰেপ্তাৰ

কৰিমগঞ্জ, 12 নৱেম্বৰ : অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অপৰাধত দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 14 গৰাকী বাংলাদেশী নাগৰিকক ৷ মানৱ সৰবৰাহ আৰু অনুপ্ৰৱেশৰ বিৰুদ্ধে দেশজোৰা অভিযানৰ অংশ হিচাবে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIA ই প্ৰায় 25 গৰাকী লোকক গ্ৰেপ্তাৰ কৰাৰ চাৰিদিন পাচত দেওবাৰে গ্ৰেপ্তাৰ কৰে উক্ত বাংলাদেশী নাগৰিক কেইগৰাকীক ।

এগৰাকী জ্যেষ্ঠ আৰক্ষীৰ বিষয়াই জনোৱা মতে, দক্ষিণ ত্ৰিপুৰাৰ সীমান্তৱৰ্তী ছাব্ৰুমৰ এখন ঘৰৰ পৰা মহিলা আৰু শিশুসহ 14 গৰাকী বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে । উক্ত বাংলাদেশী নাগৰিকৰ ভিতৰত আছে ছটা শিশু, ছয়গৰাকী মহিলা আৰু চাৰিজন পুৰুষ ।

উল্লেখ্য যে, শনিবাৰে বাংলাদেশৰ নাগৰিককেইগৰাকীয়ে অবৈধভাৱে দক্ষিণ ত্ৰিপুৰাত প্ৰৱেশ কৰি ছাব্ৰুম মহকুমাৰ অন্তৰ্গত বৈষ্ণৱপুৰ গাঁৱৰ এজন ভাৰতীয়ৰ ঘৰত আছিল ৷ বাংলাদেশী নাগৰিককেইগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাচত সীমান্ত নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে বিষয়টোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰু অতি সোনকালে লোককেইগৰাকীক স্থানীয় আদালতত হাজিৰ কৰোৱা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।

ইফালে যোৱা 8 নৱেম্বৰত NIAএ অসম আৰক্ষীৰ সহযোগত একেই অপৰাধত 30 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল ৷ ইয়াৰে 25 গৰাকী ত্ৰিপুৰাত আৰু 5 গৰাকী অসমত গ্ৰপ্তাৰ কৰা হৈছিল ৷ মানৱ সৰবৰাহ আৰু অনুপ্ৰৱেশ সম্পৰ্কীয় কাম-কাজত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল লোককেইগৰাকীক ৷ গ্ৰেপ্তাৰ কৰা লোকসকলক জেৰা কৰাৰ লগতে আৰু আন আইনী ব্যৱস্থাৰ বাবে ৰাজ্যৰ বাহিৰলৈ লৈ যোৱা হৈছে ।

ইয়াৰোপৰি আন নিৰাপত্তা সংস্থাৰ সহযোগত NIAএ 8 নৱেম্বৰত ত্ৰিপুৰা, অসম, পশ্চিম বংগ, কৰ্ণাটক, তামিলনাডু, পুডুচেৰী, তেলেংগানা আৰু হাৰিয়ানাতো অভিযান চলাইছিল । উক্ত আঠখন ৰাজ্যৰ পৰা মুঠ 47 গৰাকী লোকক NIAএ গ্ৰেপ্তাৰ কৰে ৷

লগতে পঢ়ক : Bangladeshi Thieves arrested : গৰু চুৰি কৰিবলৈ আহি গোলকগঞ্জত ধৰা পৰিল দুই বাংলাদেশী যুৱক

Last Updated :Nov 12, 2023, 8:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.